নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : বিখ্যাত চলচ্চিত্ৰ অভিনেত্ৰী তথা ৰামপুৰৰ প্ৰাক্তন সাংসদ জয়া প্ৰদাক মঙলবাৰে ৰামপুৰস্থিত সাংসদ-বিধায়কৰ বিশেষ আদালতে (MP-MLA Court) পলাতক ঘোষণা কৰে । ২০১৯ চনত লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰাৰ্থী জয়া প্ৰদাৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছিল । নিৰ্বাচনৰ সময়ত আচৰণ বিধি উলংঘা কৰাৰ দুটা গোচৰত ৰামপুৰত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । সেই গোচৰসমূহৰ শুনানি ৰামপুৰস্থিত সাংসদ-বিধায়কৰ বিশেষ আদালত (দণ্ডাধীশ বিচাৰ)ত কৰা হয় ।
- " class="align-text-top noRightClick twitterSection" data="">
জ্যেষ্ঠ অভিযুক্ত বিষয়া অমৰনাথ তিৱাৰীয়ে কয় যে তেওঁক আদালতৰ পৰা কেইবাবাৰো চমন আৰু ৱাৰেণ্ট জাৰি কৰা হৈছিল । কিন্তু সময় মতে আদালতত হাজিৰ হোৱা নাছিল অভিনেত্ৰী জয়া প্ৰদা । আদালতে তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট আৰু তাৰ পিচত নন-বেইলেৱল ৱাৰেণ্টো জাৰি কৰে ।
ইমানৰ পিচতো তেওঁ আদালতত হাজিৰ হোৱা নাছিল । আদালতে প্রাক্তন সাংসদ জয়া প্ৰদাৰ বিৰুদ্ধে ৭ বাৰ নন-বেইলেৱল ৱাৰেণ্ট জাৰি কৰিছিল । ইয়াৰ উপৰিও ৰামপুৰৰ আৰক্ষী অধীক্ষকগৰাকীক কেইবাবাৰো অভিনেত্ৰী জয়া প্ৰদাক আদালত হাজিৰ কৰোৱাবলৈ নিৰ্দেশ দিয়া হৈছিল । ইমানৰ পাচতো তেওঁ আদালতত হাজিৰ হোৱা নাছিল ।
কিন্তু মঙলবাৰে প্রাক্তন সাংসদ জয়া প্ৰদা সন্দৰ্ভত আদালতে কঠোৰ স্থিতি গ্ৰহণ কৰে । আদালতে প্ৰাক্তন সাংসদ তথা অভিনেত্ৰী জয়া প্ৰদাক পলাতক ঘোষণা কৰে । লগতে 82CRPC ৰ অধীনত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি থকাৰ সময়তে ৰামপুৰৰ আৰক্ষী অধীক্ষকৰ লগতে এজন উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দল গঠন কৰি ২০২৪ চনৰ ৬ মাৰ্চত জয়া প্ৰদাক আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷
উল্লেখ্য যে, ২০১৯ চনত জয়া প্ৰদাৰ বিৰুদ্ধে কৌমৰী থানা আৰু স্বাৰ থানাত নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ সৈতে জড়িত এক গোচৰ ৰুজু হৈছিল । সেই গোচৰৰ আধাৰতে আজি আদালতে পলাতক ঘোষণা কৰে জয়া প্ৰদাক ৷
লগতে পঢ়ক : কেজৰিৱালে স্বীকাৰ কৰিলে ভুল, ভিডিঅ' ৰিটুইট কৰি মানহানিৰ মুখামুখি দিল্লীৰ মুখ্যমন্ত্ৰী