ETV Bharat / bharat

আবকাৰী নীতি কেলেংকাৰীত ৰাহুল গান্ধীৰ দুমুখীয়া চৰিত্ৰক লৈ সোচ্চাৰ স্মৃতি ইৰাণী - delhi excise policy scam - DELHI EXCISE POLICY SCAM

Smriti Irani On Kejriwal Case : ৰাহুল গান্ধীৰ দুমুখীয়া চৰিত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৷ তেওঁ কয়, "ৰাহুল গান্ধীৰ প্ৰকৃত মুখ কোনখন ? যিজনে তেলেংগানাত ভাষণ দিছিল সেইজন নে দিল্লীত ভাষণ দিয়াজন ?"

ৰাহুল গান্ধীৰ দুমুখীয়া চৰিত্ৰক লৈ সোচ্চাৰ স্মৃতি ইৰাণী

author img

By ANI

Published : Mar 23, 2024, 11:43 AM IST

নিউজ ডেস্ক, ২৩ মাৰ্চ : কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ 'দ্বৈত ভূমিকা'ৰ বাবে সমালোচনা কৰে । লগতে কয় যে দিল্লীত ৱায়েনাড়ৰ সাংসদগৰাকীয়ে কেজৰিৱালৰ পৰিয়ালৰ সৈতে একাত্মতা প্ৰদৰ্শন কৰাৰ বিপৰীতে তেলেংগানাত তেওঁ দাবী কৰে যে দিল্লীৰ মুখ্যমন্ত্ৰী 'দুৰ্নীতিগ্ৰস্ত' ।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয়, "ৰাহুল গান্ধীয়ে কেনেকৈ একেটা বিষয়ত বিভিন্ন ধৰণে পাশা ঘূৰাই দিয়ে তাৰ প্ৰমাণ মই দিব বিচাৰো । ২০২৩ চনৰ ২ জুলাইত তেলেংগানাত তেওঁ কৈছিল যে কেচিআৰো দুৰ্নীতিগ্ৰস্ত, তাত সুৰা কেলেংকাৰী হৈছে আৰু সকলো সংস্থাই ইয়াৰ বিষয়ে জানে...।"

স্মৃতিয়ে লগতে কয়, "অজয় মাকেনে কৈছিল যে আপে গোৱা নিৰ্বাচনত কংগ্ৰেছ দলক পৰাস্ত কৰিবলৈ দুৰ্নীতিৰ ধন ব্যৱহাৰ কৰিছিল । তেন্তে কোনে সঁচা কৈছিল ?"

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শুকুৰবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ জিম্মালৈ সাত দিনৰ বাবে অৰ্থাৎ ২৮ মাৰ্চলৈকে প্ৰেৰণ কৰা হয় । দিল্লী আবকাৰী নীতিৰ গোচৰৰ লগত জড়িত এক ধন আত্মসাতৰ বিষয়ত তদন্ত সংস্থাটোৱে তেওঁক গ্ৰেপ্তাৰৰ এদিন পিচত জিম্মা লাভ কৰে ।

দিল্লীৰ ৰাউজ এভিনিউ আদালতে শুকুৰবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ধন আত্মসাতৰ গোচৰত ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে । ইৰাণীয়ে কয়, "আজি আমি বিৱৰণ পাইছো যে কেনেকৈ এজন ব্যক্তিয়ে সাংবিধানিক পদত বহি সততাৰ উদ্ধৃতি দিয়ে, প্ৰশাসনিক যন্ত্ৰৰ অপব্যৱহাৰ কৰি দুৰ্নীতিৰ সংজ্ঞা দিয়ে সেয়া অৰবিন্দ কেজৰিৱালৰ কামৰ জৰিয়তে...।"

"ৰাহুল গান্ধীৰ প্ৰকৃত মুখ কোনখন ? যিজনে তেলেংগানাত ভাষণ দিছিল সেইজন নে দিল্লীত ভাষণ দিয়াজন ?" কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে । ইয়াৰ পূৰ্বে তেলেংগানা বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে ভাৰত ৰাষ্ট্ৰ সমিতিৰ ঘনিষ্ঠ সম্পৰ্ক আছে । কিয়নো যদিও কেন্দ্ৰৰ শাসকীয় দল প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাৰ দিল্লী সুৰা কেলেংকাৰীত জড়িত থকাৰ বিষয়ে অৱগত, তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই ।

ইৰাণীয়ে কংগ্ৰেছক এই কথাও সোঁৱৰাই দিয়ে যে দিল্লী সুৰা কেলেংকাৰীৰ বাবে আম আদমি পাৰ্টীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিবলৈ কংগ্ৰেছে দিল্লী আৰক্ষীলৈ এখন পত্ৰ দিছিল । "২০২২ চনৰ ৩ জুনত কংগ্ৰেছে দিল্লী আৰক্ষীলৈ সুৰা কেলেংকাৰীৰ বিষয়ে পত্ৰ লিখিছিল ।

কোনটোৱে সঁচা কৈছে ? যিটো আগতে কৰিছিল সেইটো নে আজি আমি যিটো দেখা পাইছোঁ সেইটো ? অজয় মাকেনে কৈছিল যে আপে গোৱা নিৰ্বাচনত কংগ্ৰেছ দলক পৰাস্ত কৰিবলৈ দুৰ্নীতিৰ ধন ব্যৱহাৰ কৰিছিল । তেন্তে কোনে সঁচা কৈছিল ? তেলেংগানাত ৰাহুল নে দিল্লীত মাকেন ? তেতিয়াৰ মুখপাত্ৰ নে এতিয়াৰ মুখপাত্ৰ ?" ইৰাণীয়ে প্ৰশ্ন কৰে ।

সুৰা নীতিৰ গোচৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক আক্ৰমণ কৰি কয়, "আজি আমি বিৱৰণ পাইছোঁ যে কেনেকৈ এজন ব্যক্তিয়ে সাংবিধানিক পদত বহি সততাৰ উদ্ধৃতি দিয়ে, প্ৰশাসনিক যন্ত্ৰৰ অপব্যৱহাৰ কৰি দুৰ্নীতিৰ সংজ্ঞা দিয়ে যেনেদৰে অৰবিন্দ কেজৰিৱালৰ কামৰ জৰিয়তে ।"

ইৰাণীয়ে লগতে আঙুলিয়াই দিয়ে যে সেই সময়ত কেজৰিৱালৰ অধিবক্তাসকলে এই বিষয়ত বিৰোধিতা কৰা নাছিল, যেতিয়া আদালতত কোৱা হৈছিল যে বৰ্তমান বাতিল কৰা দিল্লী সুৰা নীতি বিজয় নায়াৰৰ নেতৃত্বত কিছু নিৰ্বাচিত সুৰা ব্যৱসায়ীয়ে প্ৰস্তুত কৰিছিল আৰু তেওঁলোকক আপৰ মুৰব্বীয়ে নিযুক্তি দিছিল ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "যেতিয়া আজি আদালতত তথ্য উপস্থাপন কৰা হৈছিল, অৰবিন্দ কেজৰিৱালৰ অধিবক্তাসকলে এই সত্যৰ বিৰোধিতা কৰা নাছিল যে কিছু নিৰ্বাচিত সুৰা কোম্পানীয়ে অৰবিন্দ কেজৰিৱালৰ দ্বাৰা নিযুক্ত বিজয় নায়াৰৰ অধীনত সুৰা নীতি প্ৰস্তুত কৰিছিল ।"

লগতে পঢ়ক :অৰবিন্দ কেজৰিৱালক ৭ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ; কেন্দ্ৰক সমালোচনা বিৰোধীৰ - Kejriwal To 7 Days ED Custody

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.