ETV Bharat / bharat

ফাইনেলত উপনীত হোৱাৰ পিছতে বিনেশ ফোগাটক উচ্চ প্ৰশংসা ৰাহুল গান্ধীৰ - RAHUL GANDHI ON VINESH PHOGAT

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 10:47 AM IST

Vinesh Phogat Win: অলিম্পিকৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰুত পৰিণত হোৱা বিনেশ ফোগাটক বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশংসা ৷ সামাজিক মাধ্যম এক্সৰ জৰিয়তে ৰাজনীতিবিদগৰাকীয়ে ভাৰতীয় মল্লযুঁজাৰুগৰাকীক প্ৰশংসাৰে উপচাই পেলায় ৷ লগতে তেওঁলোকক সমালোচনা কৰে, যিসকলে কোনো ব্যক্তিৰ সংগ্ৰামক অস্বীকাৰ কৰে আৰু 'অভিপ্ৰায় আৰু সামৰ্থ' সম্পৰ্কে সন্দেহ কৰে ৷

RAHUL GANDHI ON VINESH PHOGAT
বিনেশ ফোগাটক উচ্চ প্ৰশংসা ৰাহুল গান্ধীৰ (ANI)

নেশ্যনেল ডেস্ক, 7 আগষ্ট: বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে পেৰিছ অলিম্পিকৰ ফাইনেলত উপনীত হোৱা হাৰিয়ানাৰ 29 বছৰীয়া মহিলা মল্লযোদ্ধা বিনেশ ফোগাটক উচ্চ প্ৰশংসা কৰা দেখা যায় ৷ মঙলবাৰে অনুষ্ঠিত ছেমি ফাইনেলৰ মেচত মল্লযোদ্ধাগৰাকীয়ে কিউবাৰ য়ুচনিলিছ গুজমানক 5-0 গ’লত পৰাস্ত কৰি অলিম্পিকৰ ফাইনেলত উপনীত হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা হিচাপে ইতিহাস সৃষ্টি কৰে । ফাইনেলত খেলুৱৈগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰাহ হিল্ডেব্ৰেণ্ডৰ মুখামুখি হ'ব ।

পোষ্টটোত গান্ধীয়ে মল্লযোদ্ধাগৰাকীক প্ৰশংসা কৰি কয় যে, পেৰিছত তেওঁৰ সফলতাৰ প্ৰতিধ্বনি দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীলৈকে শুনা গৈছে ৷ যি সকলে ফোগাটৰ সামৰ্থ আৰু উদ্দেশ্যৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল, এই জয়ে তেওঁলোকক বৃহৎ আঘাত হনা দেখা গৈছে ৷

পোষ্টটোত লিখা আছিল: "আজি বিনেশৰ সৈতে এদিনতে বিশ্বৰ তিনিজন শীৰ্ষ মল্লযোদ্ধাক পৰাস্ত কৰাৰ পিছত সমগ্ৰ দেশ আৱেগিক হৈ পৰে । যি সকলে বিনেশ আৰু তেওঁৰ সতীৰ্থসকলৰ সংগ্ৰামক অস্বীকাৰ কৰিছিল আৰু আনকি তেওঁলোকৰ উদ্দেশ্য আৰু সামৰ্থৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল, তেওঁলোকে তেওঁলোকৰ উত্তৰ পাইছে ।

আজি ভাৰতত তেজৰ চকুপানী বোৱাই নিয়া সমগ্ৰ শক্তিটো দেশৰ সাহসী জীয়ৰীগৰাকীৰ সন্মুখত বিধ্বস্ত হৈ পৰে ৷ এয়া হৈছে চেম্পিয়নসকলৰ পৰিচয়, তেওঁলোকে খেলপথাৰৰ পৰা তেওঁলোকৰ উত্তৰ দিয়ে । শুভকামনা বিনেশ । পেৰিছত আপোনাৰ সফলতাৰ প্ৰতিধ্বনি দিল্লীলৈকে স্পষ্টভাৱে শুনিব পাৰি" ৷

এই বিজয় ৰাজনৈতিকভাৱে কিয় গুৰুত্বপূৰ্ণ ?

ফোগাট তিনিগৰাকী শীৰ্ষ মল্লযোদ্ধাৰ ভিতৰৰ এগৰাকী আছিল, যিয়ে ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউ এফ আই)ৰ প্ৰাক্তন মুৰব্বী আৰু তেতিয়াৰ বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে এক প্ৰতিবাদৰ নেতৃত্ব দিছিল ৷ সিঙৰ বিৰুদ্ধে উত্থাপিত হৈছিল মহিলা মল্লযোদ্ধাসকলক যৌন নিৰ্যাতন কৰাৰ অভিযোগ ৷ ফোগাটৰ সৈতে একেলগে থিয় হোৱা আন মল্লযোদ্ধাসকল আছিল- বজৰং পুনিয়া আৰু সাক্ষী মালিক ।

2023 চনৰ মে’ মাহত নতুন সংসদৰ উদ্বোধনৰ দিনা, ফোগাট, পুনিয়া, মালিক আৰু সংগীতা ফোগাটৰ লগতে আন কেইবাজনো প্ৰতিবাদকাৰী মল্লযোদ্ধাক দিল্লী আৰক্ষীয়ে জিম্মাত লৈছিল । শান্তি বিঘ্নিত কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ ৷ 30 মে’ত মল্লযোদ্ধাসকলে হৰিদ্বাৰ ভ্ৰমণ কৰে আৰু প্ৰতিবাদৰূপে গংগাত তেওঁলোকৰ পদকসমূহ উটুৱাই দিয়ে ।

ব্ৰীজভূষণে 2023 চনত পদত্যাগ কৰাৰ আগতে 12 বছৰৰ বাবে ডব্লিউ এফ আইৰ নেতৃত্ব দিছিল ৷ ছয়বাৰৰ সাংসদগৰাকীক বিজেপিয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ক্ষেত্ৰত বাদ দিয়ে । প্ৰতিবাদবোৰে কেন্দ্ৰৰ ওপৰত খেলুৱৈসকলৰ প্ৰতি অসহিষ্ণুতাৰ অভিযোগ উত্থাপন কৰি দেশক জোকাৰি গৈছিল ।

ফোগাটৰ ঐতিহাসিক বিজয়ৰ পিছত মঙলবাৰে অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াই ৰাইজক প্ৰতিবাদৰ সময়ত হোৱা অত্যাচাৰ আৰু উৎপীড়নৰ কথা মনত পেলাই দিয়ে ।

সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ: প্ৰতিবাদৰ পিছত ফোগাটে আঁঠুৰ আঘাতত ভূগিছিল, যাৰ বাবে 2023 চনত এছিয়ান গেমছত অংশগ্ৰহণ কৰাৰ পৰা খেলুৱৈগৰাকী বিৰত থাকিবলগীয়া হয় ৷ পৰৱৰ্তী সময়ত আন বহু প্ৰত্যাহ্বান আহি পৰে খেলুৱৈগৰাকীৰ সন্মুখত, যাৰ ভিতৰত আছে আৰক্ষীৰ প্ৰহাৰ আৰু হিন্দু জাতীয়তাবাদী দলৰ অনুগামীসকলৰ দ্বাৰা ছ'চিয়েল মিডিয়াত ঘৃণামূলক প্ৰচাৰ । বিনেশে 53 কিলোগ্ৰামৰ পৰিৱৰ্তে 50 কিলোগ্ৰাম ওজন শ্ৰেণীত আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা ৷

বজৰং পুনিয়াই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া: কেন্দ্ৰ আৰু বিজেপিৰ তথ্য প্ৰযুক্তি কোষৰ বিবেকক প্ৰশ্ন কৰি পুনিয়াই তেওঁৰ সহকৰ্মীৰ জয়ৰ পিছত কিছু প্ৰশ্ন উত্থাপন কৰে । ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ ব্যক্ত কৰিছিল, "এয়া বিজেপিৰ আই টি চেল আৰু ব্ৰীজভূষণ সিঙৰ মুখত মৰা এটা প্ৰচণ্ড চৰ হ'ব, যি সকলে ফোগাটৰ ওপৰত চিঞৰি আছিল । তেওঁলোকে কেনেকৈ ভাৰতৰ কন্যা, ভগ্নীসকলৰ চকুত চকু থব পাৰিব ?"

অভিনৱ বিন্দ্ৰাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া: অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী অভিনৱ বিন্দ্ৰাই কৈছিল যে, লিগামেণ্ট ফাটি যোৱা আৰু কম ওজনৰ শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰা স্বত্বেও বিনেশ ফোগাটক চূড়ান্ত লক্ষ্যত উপনীত হোৱাত একোৱেই বাধা দিব নোৱাৰে ।

লগতে পঢ়ক: বিনেশ ফোগাটৰ পদক নিশ্চিত: অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.