ETV Bharat / bharat

ড’নাল্ড ট্ৰাম্পৰ আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদী-ৰাহুল গান্ধীৰ - Donald Trump Shooting

Attack on Donald Trump: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত X যোগে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ৷ কঠোৰ ভাষাৰে ধিক্কাৰ দিয়ে সমগ্ৰ ঘটনাক ৷

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 2:00 PM IST

PM Modi, Rahul Gandhi condemn assassination attempt on Donald Trump
ড’নাল্ড ট্ৰাম্পৰ আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদী-ৰাহুল গান্ধীৰ (AP)

নেশ্যনেল ডেস্ক, 14 জুলাই: পেনচিলভেনিয়াৰ বাটলাৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সম্বোধন কৰা এক জনসভাত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷ এই কাণ্ডৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দি কয়, “ৰাজনীতিত হিংসাৰ কোনো স্থান নাই ।’’

প্ৰধানমন্ত্ৰী মোদীয়ে X যোগে উদ্বেগ প্ৰকাশ কৰি কয়, "মোৰ বন্ধু, প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ বাবে মই গভীৰভাৱে চিন্তিত । এই কাণ্ডক মই তীব্ৰভাৱে গৰিহণা দিছো । ৰাজনীতি আৰু গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই । তেওঁৰ আশু আৰোগ্য কামনা কৰিছো ।"

ইয়াৰ লগতে পেনচিলভেনিয়াৰ সমাৱেশৰ সময়ত প্ৰাণ হেৰুওৱা নাগৰিকজনৰ বাবেও প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে । মোদীয়ে লগতে কয়, "নিহত, আহতসকল আৰু আমেৰিকাৰ জনসাধাৰণৰ বাবে আমি প্ৰাৰ্থনা কৰিছো ।"

2024 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কেইবামাহো পূৰ্বে সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাই শনিবাৰে পেনচিলভেনিয়াৰ বাটলাৰত ট্ৰাম্পৰ সমাৱেশত ব্যাঘাত জন্মাইছিল । ঘটনা সংঘটিত হোৱাৰ পাচতে আমেৰিকাৰ চোৰাংচোৱা এজেণ্টে ট্ৰাম্পক মঞ্চৰ পৰা আঁতৰাই আনি সুৰক্ষিত স্থানলৈ লৈ যায় ।

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি X যোগে কয়, " আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱা ঘটনাক লৈ মই গভীৰভাৱে চিন্তিত । এনে কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়া উচিত । ট্ৰাম্পৰ দ্ৰুত আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিছো ।”

উল্লেখ্য যে, ইতিমধ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ গুলী নিক্ষেপ কৰা আক্ৰমণকাৰীক মাৰ্কিন ছিক্ৰেট চাৰ্ভিচৰ স্নাইপাৰে গুলীয়াই হত্যা কৰিছে আৰু ইয়াৰ পাচত আক্ৰমণকাৰীৰ পৰা উদ্ধাৰ হয় এ আৰ ষ্টাইলৰ ৰাইফল ৷ ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক গুলীচালনাৰ আঁৰৰ উদ্দেশ্য বৰ্তমানেও পোহৰলৈ অহা নাই ।

আক্ৰমণকাৰী 20 বছৰীয়া থমাছ মেথিউ ক্ৰুকছ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত গুলীচালনা; আক্ৰমণকাৰীক হত্যা - Attack on Donald Trump

20 বছৰীয়া যুৱকৰ আক্ৰমণৰ লক্ষ্য আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প - Donald Trump Shooting

জ' বাইডেন আৰু ট্ৰাম্পৰ যুক্তি-তৰ্ক - US Presidential debate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.