ৰামনগৰ : ভাকুটকুটাই দিলে আপোনাৰ হাঁহি উঠেনে ? সচৰাচৰ মানুহক ভাকুটকুটাই দিলে হাঁহি উঠে । কিন্তু গছক ভাকুটকুটাই দিলে হাঁহি দিয়া কথা আপুনি কল্পনা কৰিব পাৰেনে ? আপুনি শুনি আচৰিত হ'ব যে উত্তৰাখণ্ডৰ ৰামনগৰৰ অৰণ্যত এবিধ গছ আছে যাক ভাকুটকুটাই দিলে হাঁহে । অঞ্চলটোৰ লোকে ইয়াক হাঁহিব পৰা গছ বুলিও কয় । প্ৰকৃততে, যেতিয়া এই গছজোপাক আদৰ কৰা হয় বা ভাকুটকুটাই দিয়াৰ দৰে স্পৰ্শ কৰা হয় তেতিয়া ইয়াৰ পাতবোৰে লৰচৰ কৰিবলৈ আৰম্ভ কৰে । স্থানীয় লোকে ইয়াক এই গছৰ হাঁহি বুলি কয় ।
বনস্পতিত সমৃদ্ধ উত্তৰাখণ্ড
উত্তৰাখণ্ডৰ অৰণ্যত পোৱা গছবোৰ বহুতো ঔষধি গুণৰ বাবে জনাজাত । পৰিৱেশৰ ওপৰতো সেই গছবোৰৰ যথেষ্ট অৱদান আছে । উত্তৰাখণ্ডৰ অৰণ্যত এনে বহুতো গছ আছে, যাৰ পাত, ডাল আৰু বাকলিয়ে বিভিন্ন ৰোগ নিৰাময় কৰে । আজিও এই গছবোৰৰ পাত বহুতো ঔষধত ব্যৱহাৰ কৰা হয় ।
ৰামনগৰৰ অৰণ্যত আছে হাঁহিব পৰা গছ
আজি আমি আপোনাক এডাল গছৰ বিষয়ে ক'ব বিচাৰিছো যাক ভাকুটকুটাই দিলে ই হাঁহিবলৈ আৰম্ভ কৰে । কেৱল মানুহৰ ক্ষেত্ৰতে নহয় গছৰ ক্ষেত্ৰতো ভাকুটকুটাই দিলে হাঁহি উঠে । আজি আমি আপোনাক এডাল এনে অনন্য গছৰ বিষয়ে ক'ম যিয়ে স্পৰ্শ কৰিলে মানুহৰ দৰে প্ৰতিক্ৰিয়া কৰে । যদি এই গছজোপাৰ গুৰিত ভাকুটকুটাই দিয়া হয়, গছৰ ডালবোৰে হাঁহিবলৈ আৰম্ভ কৰে । এনেকুৱা নহয় যে আপুনি গছজোপাৰ হাঁহি শুনিব । গছজোপা স্পৰ্শ কৰাৰ লগে লগে লৰচৰ কৰিবলৈ আৰম্ভ কৰে । যেন ই মানুহ । যেতিয়া আপুনি এই গছৰ গুৰি স্পৰ্শ কৰে তেতিয়া আপুনি আপোনাৰ চকুৰে পাত আৰু ডালবোৰ লৰচৰ কৰা দেখা পাব ।
ভাকুটকুটাই দিলে হাঁহিব পৰা গছজোপা
আপুনি উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ চোটি হালদৱানী আৰু কৰ্বেট চহৰ ৰামনগৰত এনে গছ দেখা পাব । যদি আপুনি আপোনাৰ আঙুলিৰে ইয়াৰ ডালত স্পৰ্শ কৰে ইয়াৰ ডালবোৰ লচৰল কৰিবলৈ আৰম্ভ কৰে । আপুনি আচৰিত হ'ব পাৰে কিন্তু এয়া সঁচা । উদ্ভিদ বিজ্ঞানৰ মতে এই গছৰ নাম হৈছে 'ৰেণ্ডিয়া ডুমিটোৰাম'। ইয়াক স্থানীয় ভাষাত থানৈলা বুলি কোৱা হয় । ৰুবাচে প্ৰজাতিৰ এই গছ ৩০০ ৰ পৰা ১৩০০ মিটাৰ উচ্চতাত পোৱা যায় ।
পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই গছজোপা
স্থানীয় নেচাৰ গাইড মোহন পাণ্ডেই কয় যে ৰামনগৰৰ কালাধুঙ্গিৰ অৰণ্য জৈৱিক বৈচিত্ৰ্যৰ বাবে বিশ্ববিখ্যাত । এই ঘন অৰণ্যবোৰত সকলো ধৰণৰ উদ্ভিদ পোৱা যায় । সেই গছবোৰৰ ভিতৰত এনে এবিধ উদ্ভিদ আছে যাক স্পৰ্শ কৰিলে কঁপি উঠে । যেতিয়া আপুনি ইয়াৰ ডাল অলপ স্পৰ্শ কৰে ইয়াৰ ঠাল-ঠেঙুলি স্বয়ংক্ৰিয়ভাৱে লৰচৰ কৰিবলৈ আৰম্ভ কৰে । তেওঁ কয় যে ইয়াক থানৈলা বুলিও কোৱা হয় । মোহন পাণ্ডেই কয় যে পশুপালকসকলে ইয়াক তেওঁলোকৰ জন্তুৰ ঔষধ হিচাপে ব্যৱহাৰ কৰে । তেওঁ কয় যে যেতিয়া জীৱ-জন্তুৰ পেটৰ ৰোগ হয় ইয়াৰ পাত পিহি আৰু ইয়াক প্ৰয়োগ কৰিলে সুস্থ হয় । মোহন পাণ্ডেয়ে লগতে কয় যে যেতিয়া আমি পৰ্যটকসকলক এই গছবিধ দেখুৱাবলৈ আনো তেওঁলোকে ইয়াক দেখি আচৰিত হয় ।
উদ্ভিদ বিজ্ঞানৰ প্ৰবক্তাই কি কয় ?
ৰামনগৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক এছ.এছ. মৌৰ্যই কয় যে এই জোপোহা সদৃশ গছ অৰণ্যৰ বহু ঠাইত পোৱা যায় । ইয়াৰ হিন্দী নাম মদনফল আৰু ইয়াক থানৈলা বুলিও কোৱা হয় । ই এক ঔষধি উদ্ভিদ । ইয়াক হাপানি, চৰ্দি, জ্বলা-পোৰা আদিৰ দৰে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয় । এই গছ দক্ষিণ ভাৰত আৰু মহাৰাষ্ট্ৰতো পোৱা যায় । ইয়াক স্পৰ্শ কৰিলে কঁপি উঠি । সেয়েহে, ই পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।
ডি এফ অ'ই কি কয় ?
এই সন্দৰ্ভত ৰামনগৰ বন বিভাগৰ ডি এফ অ' দিগন্ত নায়কে কয়,"এই গছ আমাৰ কালাধুঙ্গিৰ ৰেঞ্জ আৰু ৰামনগৰৰ ফাটো ৰেঞ্জতো পোৱা যায় ।" তেওঁ কয় যে মূলতঃ এই গছ দক্ষিণ পূবৰ দেশ বা অঞ্চলত পোৱা যায় । ই এক ঔষধি উদ্ভিদ । ইয়াক স্পৰ্শ কৰিলে পাতবোৰ লৰচৰ কৰিবলৈ আৰম্ভ কৰে । তেওঁ কয় যে ডিচেম্বৰৰ পৰা জানুৱাৰীলৈকে গছবোৰত ফল হয় । ইয়াক মেনফল, মিন্দা, ৰাধা আৰু মদনফল বুলিও কোৱা হয় ।
লগতে পঢ়ক :ক'লা আলু ! এক একৰ খেতিত উপাৰ্জন ৩-৪ লাখ টকা