ETV Bharat / bharat

কাৰ্গিল বিজয় দিৱসত লাডাখৰ পৰা পাকিস্তানক কঠোৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ - PM MODI ON KARGIL VIJAY DIWAS

author img

By ANI

Published : Jul 26, 2024, 12:56 PM IST

Kargil Vijay Diwas: লাডাখৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱসৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদী ৷ পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰে মোদীয়ে ৷

Modi on Kargil Vijay Diwas
প্ৰধানমন্ত্ৰী মোদী (ANI)

নেশ্যনেল ডেস্ক, 26 জুলাই: আজি 25 সংখ্যক কাৰ্গিল বিজয় দিৱস ৷ শুকুৰবাৰে লাডাখৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱসৰ শ্ৰদ্ধাঞ্জলি সমাৰোহৰ সময়ত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সকীয়াই দিয়ে যে দেশখনৰ কুৎসিত পৰিকল্পনা বাস্তৱায়িত নহ’ব, কিয়নো ভাৰতীয় সেনাই সন্ত্ৰাসবাদক সম্পূৰ্ণ শক্তিৰে চেপি ধৰিব আৰু শত্ৰুক উপযুক্ত উত্তৰ প্ৰদান কৰিব । লগতে মোদীয়ে কাৰ্গিল বিজয় দিৱসটিয়ে আমাক ’দেশৰ বাবে কৰা ত্যাগ অমৰ’ বুলি সোঁৱৰাই বুলিও কয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত কয়, "আজি লাডাখৰ মহিমাময় ভূমিখনে এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে - কাৰ্গিল বিজয় দিৱসৰ 25 বছৰ সম্পূৰ্ণ হ'ল । কাৰ্গিল বিজয় দিৱসে আমাক সোঁৱৰাই দিয়ে যে আমাৰ দেশৰ বাবে কৰা ত্যাগবোৰ চিৰন্তন আৰু চিৰস্মৰণীয় । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত নিজৰ প্ৰাণ বিসৰ্জন দিয়াসকলৰ নাম আমাৰ সামূহিক স্মৃতিত খোদিত হৈয়েই আছে, চিৰদিনৰ বাবে অমৰ হৈয়েই থাকিব ।"

তেওঁ লগতে কয়, "এতিয়া যেতিয়া মই কাৰ্গিলৰ পৱিত্ৰ মাটিত থিয় দিছো, তেতিয়া পুৰণি স্মৃতিবোৰ পুনৰ মনলৈ অহাটো হোৱাটো স্বাভাৱিক । মোৰ মনত আছে যে চৰম আৰু প্ৰত্যাহ্বানমূলক যুদ্ধৰ পৰিস্থিতিৰ মাজতো আমাৰ বাহিনীয়ে কেনেকৈ অভিযানটো সফলতাৰে সম্পন্ন কৰিলে ।"

পাকিস্তানৰ প্ৰতি অধিক আক্ৰমণাত্মক হৈ মোদীয়ে কয় যে চুবুৰীয়া দেশখনে নিজৰ ইতিহাসৰ পৰা একো শিকিব পৰা নাই আৰু প্ৰক্সি যুদ্ধ চলাই আছে । প্ৰধানমন্ত্ৰীয়ে কয় যে সত্যৰ সন্মুখত মিছা আৰু আতংকক পৰাস্ত কৰা হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "দেশলৈ বিজয় কঢ়িয়াই অনা সকলো সাহসী যোদ্ধাক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো । মাতৃভূমি ৰক্ষাৰ বাবে কাৰ্গিলত চূড়ান্ত ত্যাগ কৰা সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনাইছো । কাৰ্গিলত আমি কেৱল যুদ্ধত জয়ী হোৱাই নহয়, সত্যৰ সন্মুখত মিছা আৰু আতংক পৰাস্ত হৈছিল ।"

তেওঁ আৰু কয় যে উন্নয়নৰ বাটত হেঙাৰ হোৱা প্ৰতিটো প্ৰত্যাহ্বান ভাৰতে পৰাস্ত কৰিব । 1999 চনৰ কাৰ্গিল যুদ্ধত LOC ত সৰ্বোচ্চ ত্যাগ কৰা বীৰ শ্বহীদৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । 25 সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে লাডাখৰ দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত প্ৰধানমন্ত্ৰীয়ে মাল্যাৰ্পণ কৰে ।

প্ৰতি বছৰে 26 জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱসত হিচাপে পালন কৰি 1999 চনত অপাৰেচন বিজয়ৰ সফলতাক স্মৰণ কৰা হয় ।

লগতে পঢ়ক: কাৰ্গিল অভিযানৰ বাবে কেনেধৰণৰ পৰিকল্পনা যুগুত কৰিছিল পাকিস্তানে ? - 25th anniversary of Kargil War

কাৰ্গিল বিজয় দিৱস : প্ৰধানমন্ত্ৰীৰ লাডাখ ভ্ৰমণৰ পূৰ্বে কাশ্মীৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা - Kargil Vijay Diwas

কাৰ্গিল যুদ্ধ: ভাৰতৰ বিজয়ৰ আঁৰৰ কাহিনী ? - Kargil Vijay Diwas 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.