ETV Bharat / bharat

আশ্বৰ্যকৰ: এজন ৰোগীৰ পিত্তথলীত ওলাল 6,110 টা বিভিন্ন আকাৰৰ পাথৰ - Unique gallbladder operation

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 3:32 PM IST

Unique operation in Kota: এটা জটিল অস্ত্ৰোপচাৰ আৰু অৱশেষত চিকিৎসকৰ লগতে ৰোগীৰ মুখতো বিৰিঙিল হাঁহি ৷ দীৰ্ঘসময় ধৰি এজন ৰোগীৰ পিত্তাশয়ত জমা হৈ থকা বৃহৎ সংখ্যক পাথৰ আঁতৰাই পেলোৱা হ’ল অস্ত্ৰোপচাৰৰ জৰিয়তে ৷ এটা দুটা নহয়, 6000 ৰো অধিক পাথৰ আছিল ৰোগীজনৰ পিত্তথলীত ৷ চাওক সবিশেষ-

Unique operation in Kota
এজন ৰোগীৰ পিত্তথলীত ওলাল 6,110 টা বিভিন্ন আকাৰৰ পাথৰ (ETV Bharat)

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: মানৱ শৰীৰত পাথৰ হোৱা, অপাৰেশ্যনৰ জৰিয়তে পাথৰ আঁতৰোৱা আদিৰ বিষয়ে আপুনি জ্ঞাত ৷ কেতিয়াবা ৰোগীৰ দেহৰ পৰা অস্বাভাৱিক আকাৰৰ পাথৰ আঁতৰোৱাৰ বাতৰিও নিশ্চয় আপুনি পঢ়িছে ৷ আজি আমি আপোনাক এনে এটা অপাৰেশ্য়নৰ বিষয়ে ক’বলৈ ওলাইছোঁ য’ত এগৰাকী ৰোগীৰ পেটৰ পৰা চিকিৎসকে অপাৰেশ্যনৰ জৰিয়তে বাহিৰ কৰিলে 6,110 টা বিভিন্ন আকাৰৰ পাথৰ ৷ এয়া সঁচাকৈয়ে আশ্চৰ্যকৰ নহয় নে বাৰু ৷ এগৰাকী 70 বছৰীয়া ব্যক্তিয়ে পেটত 6,110 টা পাথৰ লৈ জীয়াই থকা ঘটনা আপুনি বাৰু আগতে কেতিয়াবা শুনিছেনে ? আহকচোন জানো ক’ত সংঘটিত হৈছে এই ঘটনা ৷

ৰাজস্থানৰ কোটাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসকে সফল অস্ত্ৰোপচাৰৰ দ্বাৰা এগৰাকী 70 বছৰীয়া ব্যক্তিৰ পিত্তাশয়ৰ পৰা বাহিৰ কৰিছে 6,110 টা পাথৰ ৷ ৰোগীজনে পেটৰ বিষ, বমি আৰু অন্যান্য জটিলতাত কেইবাবছৰ ধৰি ভুগি আছিল ৷ চিকিৎসা কৰাইছিল যদিও কোনো ধৰণৰ সকাহ পোৱা নাছিল । যোৱা সপ্তাহত তেওঁ কোটাত অৱস্থিত এখন বিশেষ চিকিৎসালয়ত ভৰ্তি হয়, য’ত চিকিৎসকে অস্ত্ৰোপচাৰ কৰি সফলতাৰে সকলো পাথৰ আঁতৰাবলৈ সক্ষম হয় ।

অস্ত্ৰোপচাৰ কৰা লেপাৰ’স্কপিক চাৰ্জন দীনেশ জিন্দালে ইটিভি ভাৰতক জনোৱা মতে, ৰোগীজনৰ ছ’ন’গ্ৰাফীত দেখা গৈছে যে পিত্তথলীত পাথৰেৰে ভৰি আছে আৰু পিত্তথলীৰ আকাৰ ৭ x ২ ছেঃমিঃৰ পৰা ১২ x ৪ ছেঃমিঃলৈ প্ৰায় দুগুণ বৃদ্ধি পাইছে । তেওঁ কয় যে এইটো এটা জটিল অস্ত্ৰোপচাৰ আছিল, কিয়নো পিত্তথলীৰ পাথৰে ৰোগীৰ গুৰুতৰ ক্ষতি কৰিব পাৰে । তেওঁ পেনক্ৰিয়াচৰ প্ৰদাহ, জণ্ডিচ, আনকি কেন্সাৰতো ভোগাৰ সম্ভাৱনা থাকে ।

লগতে পঢ়ক: হিপ ৰিপ্লেচমেণ্ট অস্ত্ৰোপচাৰ সম্পন্ন : নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ বিৰল সফলতা - Hip replacement surgery

অবিশ্বাস্য হ’লেও বছৰ-বছৰ ধৰি দেহত কঢ়িয়াই ফুৰিলে ২৫ কেজি ওজনৰ টিউমাৰ - Rare surgery in Lakhimpur

Miracle surgery in Ukraine: সৈনিকৰ বুকুৰ পৰা সজীৱ গ্ৰেনেড আঁতৰালে চিকিৎসকে

অস্ত্ৰোপচাৰৰ সময়ত সংক্ৰমণৰ আশংকা

চিকিৎসকৰ মতে, অস্ত্ৰোপচাৰত মাত্ৰ ৩০ মিনিট সময় লাগিছিল যদিও চিকিৎসালয়ৰ কৰ্মচাৰীয়ে পাথৰ গণনা কৰিবলৈ কমেও ডেৰ-দুই ঘণ্টা সময় লাগিছিল । তেওঁলোকে কয় যে শুকুৰবাৰে অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু পিছদিনা ৰোগীজনক অব্যাহতি দিয়া হৈছিল । তেওঁ সম্পূৰ্ণ সুস্থ আৰু খোজকাঢ়ি ফুৰিব পাৰিছে ।

ডাঃ জিন্দালে কয় যে অস্ত্ৰোপচাৰৰ সময়ত বহু সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছিল ৷ কাৰণ পিত্তথলীৰ ফুটা হোৱাৰ বাবে পেটলৈ পাথৰবোৰ ওলাই আহিছিল । "ৰোগীজনৰ সংক্ৰমণৰ আশংকা আছিল । সেইবাবেই পিত্তথলীক এণ্ডোবেগত ভৰাই এই পাথৰবোৰ আঁতৰাই পেলোৱা হৈছিল ।"

জিনীয় কাৰণৰ বাবে হৈছিল পাথৰ

জিনীয় কাৰককে ধৰি এনে ঘটনাৰ কেইবাটাও কাৰণ আছে । ইয়াৰ উপৰিও ফাষ্ট ফুড, ফেটি ফুড, বা দ্ৰুত ওজন কমাও ইয়াৰ কাৰণ । কিন্তু এই ক্ষেত্ৰত ৰোগীজনৰ পূৰ্বেও একেটা সমস্যাৰ বাবে আত্মীয়ৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তেওঁৰ পিত্তথলীৰ পৰাও বহু সংখ্যক পাথৰ আঁতৰোৱা হৈছিল বুলি ডাঃ জিন্দালে কয় । "গতিকে, তেওঁৰ ক্ষেত্ৰত ই জেনেটিক আছিল" জিন্দালে কয় ।

লগতে পঢ়ক: কটা-চিঙা নকৰাকৈয়ে সম্পন্ন হ’ল জটিল অস্ত্ৰোপচাৰ...ব্ৰেইন টিউমাৰৰ ৰোগীক নতুন জীৱন দিলে AIGএ - Brain Tumor

হায়দৰাবাদৰ NIMS ৰ সাফল্য: এবছৰত সম্পন্ন ৩০০ টা ৰ’বটিক অস্ত্ৰোপচাৰ - Robotic Treatment In NIMS

বিৰলতম অস্ত্ৰোপচাৰ : এইমছৰ চিকিৎসকে আঁতৰালে 3 মহীয়া শিশুৰ নেজ - AIIMS Bibinagar removed Human Tail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.