ETV Bharat / bharat

এজনক মৃত্যুদণ্ড, দুজনক সশ্ৰম কাৰাদণ্ড: শিশু বলাৎকাৰীৰ বিৰুদ্ধে আদালতৰ গুৰুত্বপূৰ্ণ ৰায় - Death Penalty for Rapist

author img

By ETV Bharat Assamese Team

Published : 6 hours ago

Death Sentence to molestation accused in Arunachal : ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে অৰুণাচল প্ৰদেশৰ পক্স' আদালতে ৷ ২১ গৰাকী নাবালক-নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগৰ পিছতে আদালতে এই ৰায় প্ৰদান কৰিছে ৷ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আন দুজনক বিহা হৈছে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড ৷

Death Sentence to molestation accused in Arunachal
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat)

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : ২১ টা শিশুৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্তক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে অৰুণাচল প্ৰদেশৰ বিশেষ পক্স’ আদালতে ৷ ৰাজ্যখনৰ শি-য়োমি জিলাৰ এখন চৰকাৰী আৱাসিক বিদ্যালয়ৰ ২১ টা শিশুক যৌন নিৰ্যাতন কৰাৰ বাবে এজনক মৃত্যুদণ্ড প্ৰদান কৰাৰ উপৰি ঘটনাত জড়িত আন দুজনক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰা হৈছে ৷

ইটানগৰৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ২১ গৰাকী ভুক্তভোগীৰ ভিতৰত ১৫ গৰাকী ছোৱালী ৷ ৰোহিত ৰাজবীৰ সিঙে কয়, ‘‘আদালতে য়ুমকেন বাগৰা, মাৰ্বম নগমদিৰ আৰু চিংটুং য়ৰপেন নামৰ তিনিজন অভিযুক্তক ভাৰতীয় দণ্ডবিধি আৰু শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইনৰ অধীনত গুৰুতৰ অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিছে ।’’

আনহাতে য়ুমকেন বাগৰাক ভাৰতীয় দণ্ডবিধিৰ ধাৰা 328 আৰু 506 ৰ লগতে শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন (POCSO) আইনৰ ধাৰা 6, 10 আৰু 12 ৰ অধীনত দোষী সাব্যস্ত কৰা কৰিছে ৷ গুৰুতৰ অপৰাধৰ বাবে য়ুমকেন বাগৰাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘‘বিদ্যালয়খনৰ হিন্দী শিক্ষক মাৰ্বম নগমদিৰক আই পি চিৰ ধাৰা ৫০৬ আৰু পক্স' আইনৰ ১৭ আৰু ২১(১) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে ৷ কৰো চৰকাৰী আৱাসিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক চিংটুং য়ৰপেনক পক্স' আইনৰ ধাৰা ১৭ আৰু ২১(২)ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল ৷ মাৰ্বম নগমদিৰ আৰু চিংটুং য়ৰপেন দুয়োকে এই অপৰাধত জড়িত থকাৰ বাবে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হৈছে ৷’’

উল্লেখযোগ্য যে আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত এটা বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছিল ৷ তাৰ পিছতে অনুসন্ধানকাৰী দলটোৱে গুৰুত্বসহকাৰে তথ্য-প্ৰমাণ সংগ্ৰহৰ লগতে সমগ্ৰ ঘটনাৰ সবিশেষৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল ৷

ইটানগৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘‘এই গুৰুত্বপূৰ্ণ গোচৰটো সন্দৰ্ভত তেওঁলোকৰ দৃষ্টান্তমূলক কামৰ বাবে মই তদন্তকাৰী দলটোক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ প্ৰতিগৰাকী সদস্যৰ প্ৰচেষ্টাই তথ্য-প্ৰমাণসমূহ সংগ্ৰহ কৰাত সহায় কৰিছিল ৷’’

তেওঁ লগতে কয় যে এই ৰায়দানে কেৱল এই সমস্যাটোৰ তাৎক্ষণিক সমাধান কৰাই নহয়, শিশুসকলৰ সুৰক্ষাৰ সন্দৰ্ভত সামাজিক সজাগতাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভুমিকা ল’ব ৷ ফলত তেওঁলোকৰ অধিকাৰ আৰু কল্যাণ সুৰক্ষিত কৰাৰ সামূহিক দায়বদ্ধতা শক্তিশালী হ’ব ৷

উল্লেখযোগ্য যে 2023 বৰ্ষৰ ২ নৱেম্বৰত দুগৰাকী ভগ্নীয়ে তেওঁলোকৰ অভিভাৱকৰ ওচৰত অভিযোগ কৰাৰ পিছত আৱাসিক বিদ্যালয়খনত যৌন উৎপীড়নৰ কথা পোহৰলৈ আহিছিল ৷ তাৰ দুদিন পিছত জিলাখনৰ মনিগং আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছিল ৷

আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে কয় যে ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা অভিযুক্ত বাগৰা পলাতক অৱস্থাত আছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁক সেই বৰ্ষৰে নৱেম্বৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ তাৰ পিছতে চলিত বৰ্ষৰ ২১ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইটানগৰ বিচাৰপীঠে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু বাগৰাই লাভ কৰা জামিন বাতিল কৰিছিল ৷

লগতে পঢ়ক : ধৰ্ষণৰ গোচৰ ৰুজু হোৱা কৰিঅ'গ্ৰাফাৰ জানী মাষ্টাৰক গ্ৰেপ্তাৰ

কিশোৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আটক প্ৰশিক্ষক

নাবালিকাক ধৰ্ষণ কৰি সামাজিক মাধ্যমত ভিডিঅ’ আপলোড ৬ কিশোৰৰ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.