ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ওমৰ আব্দুল্লাৰ; মন্ত্ৰীসভাৰ পৰা বাহিৰ কংগ্ৰেছ

Omar Abdullah Takes Oath: জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপতগ্ৰহণ কৰে ওমৰ আব্দুল্লাই ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Omar Abdullah Takes Oath
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ওমৰ আব্দুল্লাৰ (PTI Screengrab Photo)

নিউজ ডেস্ক, ১৬ অক্টোবৰ : নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপেশপত গ্ৰহণ কৰে । উল্লেখ্য যে অনুচ্ছেদ ৩৭০ বাতিলৰ পিচত শেহতীয়াকৈ অনুষ্ঠিত প্ৰথম বিধানসভা নিৰ্বাচনত তেওঁৰ দলটোৱে সৰ্বাধিক 42 খ‘ আসন লাভ কৰে ।

মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান ডাল হ্ৰদৰ পাৰত থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হয় । জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ওমৰ আব্দুল্লা আৰু তেওঁৰ পাঁচ সতীৰ্থ মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।

শপতগ্ৰহণ অনুষ্ঠানত বহুতো ভিভিআইপি উপস্থিত থকাৰ বাবে অনুষ্ঠানস্থলীৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় । উল্লেখ্য যে, ওমৰ আব্দুল্লাক ১০ অক্টোবৰত সৰ্বসন্মতিক্ৰমে এন চি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ ফলত মুখ্যমন্ত্ৰী হিচাপে তেওঁ দ্বিতীয়টো কাৰ্যকালৰ পথ প্ৰশস্ত হয় । প্ৰথম কাৰ্যকালত তেওঁ 2009 চনৰ পৰা 2014 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল । সেই সময়ত জম্মু-কাশ্মীৰ এখন পূৰ্ণাংগ ৰাজ্য আছিল আৰু এন চি-কংগ্ৰেছ মিত্ৰজোঁটে চৰকাৰ চলাইছিল ।

সদ্যসমাপ্ত নিৰ্বাচনত জম্মু-কাশ্মীৰ বিধানসভাৰ 90 খন আসনৰ ভিতৰত এন চিয়ে 42 খন আসন লাভ কৰে । আনহাতে, কংগ্ৰেছে ছয়খনত জয়লাভ কৰে । প্ৰাক-নিৰ্বাচনী সহযোগী দল দুটাই একেলগে 95 জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে । উল্লেখ্য যে পাঁচজন সদস্যক লেফটেনেণ্ট গৱৰ্ণৰে মনোনীত কৰিব ।

ওমৰ আব্দুল্লা নেতৃত্বাধীন চৰকাৰৰ পৰা বাহিৰ কংগ্ৰেছ

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী তাৰিক হামিদ কাৰাই বুধবাৰে এক চমু বিবৃতিত কয় যে কংগ্ৰেছে এই মুহূৰ্তত জম্মু-কাশ্মীৰ চৰকাৰৰ মন্ত্ৰীসভাত যোগদান নকৰে । "কংগ্ৰেছে কেন্দ্ৰক জম্বু-কাশ্মীৰক পূৰ্ণা ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ বাবে তীব্ৰ দাবী জনাইছে । ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে ৰাজহুৱা সভাত একেটা প্ৰতিশ্ৰুতি দিছে । কিন্তু জম্মু-কাশ্মীৰলৈ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই । আমি ইয়াত অসন্তুষ্ট । সেয়েহে আমি এই মুহূৰ্তত মন্ত্ৰসভাত যোগদান কৰা নাই ।" জে কে পি চি চিৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ দলে ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে যুঁজ অব্যাহত ৰাখিব ।

লগতে পঢ়ক :শপত গ্ৰহণৰ পূৰ্বে শ্বেখ আব্দুল্লাৰ কবৰত দোৱা; ওমৰ আব্দুল্লাই ক'লে, ‘‘কৰিবলগা বহুত আছে’’
লগতে পঢ়ক :৮ মন্ত্ৰীৰ সৈতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত ল’ব ওমৰ আব্দুল্লাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.