ETV Bharat / bharat

UGC NET আৰু CSIR-UGC NET পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা - UGC NET EXAM NEW SCHEDULE

author img

By ANI

Published : Jun 29, 2024, 10:47 AM IST

UGC-NET EXAM NEW SCHEDULE : UGC-NET আৰু CSIR-UGC NET পৰীক্ষাৰ নতুন দিন ঘোষণা ৷ পূৰ্বে কেতবোৰ বিতৰ্কিত কাৰণৰ বাবে বাতিল কৰা হৈছিল এই পৰীক্ষাৰ দিন ৷ সবিশেষ চাওক এই প্ৰতিবেদনত ৷

UGC-NET EXAM NEW SCHEDULE
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat File Photo)

নিউজ ডেস্ক, ২৯ জুন : ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (National Testing Agency, NTA) শুকুৰবাৰে UGC-NET জুন 2024 পৰীক্ষা, যুটীয়া CSIR UGC NET পৰীক্ষা আৰু NCET (ৰাষ্ট্ৰীয় উমৈহতীয়া প্ৰৱেশ পৰীক্ষা) 2024 পৰীক্ষাৰ বাবে নতুন তাৰিখ ঘোষণা কৰিছে ।

জাৰি কৰা জাননী অনুসৰি, UGC-NET জুন 2024 পৰীক্ষা 21 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব । আনহাতে, যুটীয়া CSIR UGC NET 25 জুলাইৰ পৰা 27 জুলাইলৈ অনুষ্ঠিত হ'ব আৰু NCET পৰীক্ষা 10 জুলাইত অনুষ্ঠিত হ'ব ।

এই পৰীক্ষাবোৰ কম্পিউটাৰভিত্তিক হ'ব । পূৰ্বতে UGC-NET জুন ২০২৪ চক্ৰৰ পৰীক্ষা লিখিতভাৱে (অফলাইন) অনুষ্ঠিত হৈছিল । কিন্তু এতিয়া কম্পিউটাৰ-ভিত্তিক পৰীক্ষা (Computer-Based Test, CBT) মোডত অনুষ্ঠিত কৰা হ'ব ।

অৱশ্যে সৰ্বভাৰতীয় আয়ুষ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা (All India Ayush Post Graduate Entrance Test, AIAPGET) 2024 পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি অৰ্থাৎ 6 জুলাইত অনুষ্ঠিত হ'ব ।

অধিক তথ্যৰ বাবে সংশ্লিষ্ট প্ৰাৰ্থীসকলক NTA ৰ (www.nta.ac.in) অফিচিয়েল ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে । আনহাতে, NTA পৰীক্ষা সম্পৰ্কে অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে 011-40759000 নম্বৰতো যোগাযোগ কৰিব পাৰে বা সংশ্লিষ্ট ই-মেইল ncet@nta.ac.in, csirnet@nta.ac.in, ugcnet@nta.ac.in আৰু aiapget@nta.ac.in ই-মেইলযোগে যোগাযোগ কৰিব পাৰে ।

জাৰি কৰা জাননী অনুসৰি, কিছুমান অনিবাৰ্য পৰিস্থিতিৰ বাবে এই পৰীক্ষাবোৰ বাতিল বা পিছুৱাই দিয়া হৈছিল । শিক্ষা মন্ত্ৰণালয়ে ১৯ জুনত দেশৰ বিভিন্ন চহৰত দুটা শ্বিফ্টত NTA ৰ দ্বাৰা অনুষ্ঠিত বিশ্ববিদ্যালয় অনুদান আয়োগ-ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (UGC-NET) পৰীক্ষা বাতিল কৰে ।

পৰীক্ষা বাতিল কৰাৰ বাবে শিক্ষা মন্ত্ৰণালয়ে উল্লেখ কৰা কাৰণটো আছিল- "পৰীক্ষা প্ৰক্ৰিয়াৰ সৰ্বোচ্চ স্তৰৰ স্বচ্ছতা আৰু পৱিত্ৰতা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে সিদ্ধান্ত লৈছে যে UGC-NET জুন 2024 পৰীক্ষা বাতিল কৰা হ'ব ।"

লগতে পঢ়ক : এন টি এৰ পৰৱৰ্তী জাননী প্ৰকাশ নকৰালৈকে চি এছ আই আৰ-ইউ জি চি নেট স্থগিত - CSIR UGC NET 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.