ETV Bharat / bharat

নাগালেণ্ডত অসম ৰাইফলছৰে সংঘর্ষত নিহত NSCN-K ৰ কেডাৰ - Nagaland encounter

Firing between Assam rifles and NSCN-K : নাগালেণ্ডত অসম ৰাইফলছ আৰু NSCN-K ৰ মাজত সংঘর্ষ ৷ এজন NSCN-K ৰ কেডাৰ নিহত হোৱাৰ লগতে আন এজন আহত হৈছে বুলি জানিব পৰা গৈছে । লগতে অসম ৰাইফলছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ।

Etv BharatFiring between Assam rifles and NSCN
Etv Bharatনাগালেণ্ডত অসম ৰাইফলছ আৰু NSCN ৰ মাজত সংঘর্ষ, NSCN কেডাৰৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:46 PM IST

মৰাণ, 5 মাৰ্চ : পুনৰ নাগালেণ্ডত হিংসাত্মক ঘটনা । সোমবাৰে নাগালেণ্ডৰ অসম ৰাইফলছ আৰু NSCN-K ৰ মাজত সংঘর্ষৰ ঘটনা সংঘটিত হৈছে । দুয়োপক্ষৰ মাজত সংঘটিত হোৱা গুলীয়াগুলীৰ ঘটনাত এজন NSCN-K ৰ কেডাৰৰ মৃত্যু হয় ।

নাগালেণ্ডৰ টিজিতৰ পুৰণি চাংচা বস্তিত সংঘটিত হৈছে এই গুলীয়াগুলীৰ ঘটনা । 27 নং অসম ৰাইফলছৰ সৈতে গুলীয়াগুলীত এজন NSCN-K ৰ কেডাৰ নিহত হোৱাৰ লগতে আন এজন আহত হৈছে বুলি জানিব পৰা গৈছে । লগতে এই সংঘৰ্ষৰ পাচতে অসম ৰাইফলছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, কেইটামান দিনৰ পূৰ্বে নাগালেণ্ডৰ মন জিলাৰ নামচাত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা । দুৰ্বৃত্তই গুলীচালনা কৰি হত্যা কৰিছিল NSCN-K ৰ কেডাৰলৈ । তাৰ পিচতে পৰিত্যক্ত অৱস্থাত নলাত উদ্ধাৰ হৈছিল খামপাই নাম এজন কেডাৰৰ মৃতদেহ। এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সোমবাৰে অসম ৰাইফলছ আৰু NSCN-K ৰ মাজত হোৱা সংঘর্ষ ঘটনাই আতংকিত পৰিৱেশ সৃষ্টি কৰিছে নাগালেণ্ডৰ টিজিতৰ পুৰণি চাংচা বস্তিত ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পিআৰঅ'ৰ বিবৃতি অনুসৰি, সোম জিলাৰ সাধাৰণ এলেকা চাংচা গাঁৱত অপহৰণ আৰু ধন দাবী কৰাৰ ক্ষেত্ৰত কেডাৰসকলৰ চলাচলৰ ওপৰত নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ওপৰত আধাৰিত কৰি অসম ৰাইফলছে ৩ মাৰ্চ আৰু ৪ তাৰিখে নিশা এটা অভিযান আৰম্ভ কৰিছিল । এই অভিযানকালত NSCN-K ৰ কেডাৰে অসম ৰাইফলছৰ সৈন্যৰ ওপৰত গুলীচালনা কৰে ৷ তাৰ পিচতে নিৰাপত্তা বাহিনীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰাত গোটটোৰ এজন কেডাৰ নিহত হয় ৷ অভিযানকাৰী দলটোৱে এটা স্বয়ংক্ৰিয় ৰাইফল, এটা স্বয়ংক্ৰিয় পিষ্টল, গ্ৰেনেড, গোলা-বাৰুদ আৰু অন্যান্য মাৰণাস্ত্ৰ উদ্ধাৰ কৰে ৷

লগতে পঢ়ক: ভাৰত-মালদ্বীপ সংঘৰ্ষ, নতুন ঘাটি স্থাপনৰ পৰিকল্পনা ভাৰতীয় নৌসেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.