ETV Bharat / bharat

বিজেপি শাসিত মণিপুৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ এন পি পিৰ - UNREST MANIPUR

হিংসাৰ ধোঁৱা আৰু জুয়ে ছানি ধৰা মণিপুৰত এতিয়া চৌদিশে কেৱল অশান্তি ৷ তাৰ মাজতে চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ নেশ্যনেল পিপলছ পাৰ্টিৰ ৷

UNREST MANIPUR
অশান্ত মণিপুৰত হিংসাৰ জুই (PTI)
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2024, 8:47 PM IST

তেজপুৰ/গুৱাহাটী: মণিপুৰত চলি থকা হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি নেশ্যনেল পিপলছ পাৰ্টিয়ে উত্তৰ-পূবৰ অশান্ত ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰিছে ৷ বিগত বৰ্ষৰ মে’ মাহৰ পৰা সংখ্যাগৰিষ্ঠ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষৰ বাবে উত্তপ্ত হৈ আছে মণিপুৰ ।

এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই দেওবাৰে জাৰি কৰা এখন পত্ৰত উল্লেখ কৰিছে যে ‘‘মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নেতৃত্বত মণিপুৰৰ ৰাজ্য চৰকাৰখনে সংঘাত সমাধান আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি আমি দৃঢ়ভাৱে অনুভৱ কৰোঁ ।’’

চাংমাৰ স্বাক্ষৰিত বিবৃতিটোত কোৱা হৈছে যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেশ্যনেল পিপলছ পাৰ্টিয়ে মণিপুৰৰ বীৰেণ সিং নেতৃত্বাধীন চৰকাৰখনক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে । চাংমাৰ পত্ৰখন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ উদ্দেশ্যি প্ৰেৰণ কৰা হৈছে ।

NPP WITHDRAWS SUPPORT TO MANIPUR GOVT
মণিপুৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ এন পি পিৰ (ETV Bharat)

উল্লেখ্য যে ৬০ জন সদস্যযুক্ত মণিপুৰ বিধানসভাত এন পি পিৰ সাতজন বিধায়ক আছে । এন পি পিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ফলত অৱশ্যে মণিপুৰৰ বিজেপি চৰকাৰত কোনো প্ৰভাৱ নপৰে কাৰণ ৬০ জনীয়া মণিপুৰ বিধানসভাত গেৰুৱা দলটোৰ নিজাকৈ ৩৭ জন সদস্য আছে । এই প্ৰত্যাহাৰে অৱশ্যেই ইংগিত দিয়ে যে ৰাজ্যখনত বিশেষকৈ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ ঢৌৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক সমীকৰণৰ পৰিৱৰ্তন ঘটিছে ।

লগতে পঢ়ক: উত্তপ্ত মণিপুৰ; কেবাটাও স্থানত হিংসাত্মক ঘটনা...বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা

যোৱা মাহত (অক্টোবৰ ২০২৪) মণিপুৰ বিধানসভাৰ অধ্যক্ষ থ সত্যব্ৰত সিংকে ধৰি ১৯ জন বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ বচাবলৈ নেতৃত্ব বহন কৰি পৰিৱৰ্তনৰ বাবে স্মাৰকপত্ৰ দাখিল কৰাৰ কথা বিবেচনা কৰিলেও এনপিপিৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পদক্ষেপে তাৎপৰ্য লাভ কৰিছে ৷

শেহতীয়াকৈ হত্যা কৰা কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিব নোৱাৰিলে উপত্যকাৰ ৰাইজে বিজেপিৰ বিধায়কসকলক পদত্যাগ কৰিবলৈ কোৱাৰ বাবে শেহতীয়াকৈ মণিপুৰত বিজেপি নেতাসকলৰ ওপৰত চাপ বাঢ়িছে ৷ সোমবাৰে বন্দুকধাৰীয়ে এটি আঠমহীয়া শিশুকে ধৰি ছজন লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছিল ৷ চি আৰ পি এফৰে হোৱা মুখামুখি সংঘৰ্ষত 10 টা দুৰ্বৃত্ত নিহত হৈছিল ৷

মণিপুৰৰ পৰিস্থিতিঅৱনতি ঘটাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি শনিবাৰৰ পৰা অনিৰ্দিষ্টকালীন প্ৰতিবাদৰ সূচনা কৰিছিল মেইটেই সম্প্ৰদায়ৰ নাগৰিক সমাজৰ সংগঠন মণিপুৰ সংহতি সমন্বয় সমিতিয়ে । ৰাজ্যখনত চলি থকা অশান্তিৰ মাজতে মেইটেই বিশিষ্ট সংগঠনটোৱে “মহিলা আৰু শিশুৰ ওপৰত হোৱা ভয়াৱহ অত্যাচাৰ”ৰ প্ৰতিক্ৰিয়া স্বৰূপে এই প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৱে কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে তাৎক্ষণিক সামৰিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

কোকমিৰ উপৰিও মণিপুৰৰ উপত্যকা অঞ্চলৰ কেইবাটাও সংগঠনে বিজেপি চৰকাৰৰ বিধায়ক আৰু মন্ত্ৰীসকলে শান্তি আৰু ন্যায় নিশ্চিত কৰা কোনো ব্যৱস্থা ল’ব নোৱাৰিলে পদত্যাগ কৰাৰ দাবী জনাই আহিছে ।

শনিবাৰে মহিলাসহ শতাধিক লোকে ৰাজপথলৈ ওলাই আহি কেইবাজনো মন্ত্ৰী-বিধায়কৰ ঘৰত আক্ৰমণ চলাই শেহতীয়া আক্ৰমণৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা ল’বলৈ বাধ্য কৰিব নোৱাৰিলে পদত্যাগৰ দাবী জনাইছে । শনিবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীৰ জোঁৱাই আৰ কে ইমো সিংকে ধৰি কেইবাজনো বিধায়ক আৰু মন্ত্ৰীৰ ঘৰ-সম্পত্তিৰ ক্ষতিসাধন কৰে ।

জিৰিবামৰ পৰা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ছয়জন লোকৰ মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে ইম্ফলত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে শনিবাৰে ৰাজধানী ইম্ফলকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰী কৰা হৈছে । ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপোকপি, চুৰাচান্দপুৰ জিলাত ইণ্টাৰনেট আৰু ব্ৰডবেণ্ড আৰু ভিছাট সেৱা দুদিনৰ বাবে বন্ধ কৰি দিছে ।

শনিবাৰে বিয়লি ইম্ফলত বিজেপি বিধায়কৰ ঘৰত প্ৰতিবাদকাৰীয়ে আক্ৰমণ আৰম্ভ কৰাৰ পিছতে জাৰি কৰা হৈছে সান্ধ্য আইন । আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আন জিলাতো সান্ধ্য আইন জাৰি কৰাৰ সম্ভাৱনা থকা বুলি চৰকাৰী সূত্ৰই জনোৱাৰ পাছতো ইম্ফলৰ ৰাজপথত এতিয়াও ভিৰ অব্যাহত আছে ।

যদিও মণিপুৰৰ আৰক্ষীয়ে মন্তব্য প্ৰদানৰ পৰা বিৰত আছে, তথাপিও সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ছয়জন লোকৰ আটাইকেইজন লোক নিহত হোৱা বুলি অনুমান কৰা হৈছে । মণিপুৰ আৰক্ষীয়ে শুকুৰবাৰে গভীৰ নিশা মৰণোত্তৰ পৰীক্ষাৰ বাবে এগৰাকী মহিলা আৰু দুটি শিশুৰ মৃতদেহকে ধৰি নিৰুদ্দেশ হোৱা লোকৰ তিনিটা মৃতদেহ অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰে ।

লগতে পঢ়ক: মণিপুৰ আকৌ জ্বলিছে: ইজনৰ পিছত সিজন বিধায়কৰ ঘৰত আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.