ETV Bharat / bharat

চি বি আইৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে জনোৱাটো উচিত নহয়; কলকাতা ধৰ্ষণ-হত্যাৰ ভুক্তভোগীৰ পিতৃ - RG Kar Rape and Death Case

author img

By ANI

Published : Aug 16, 2024, 12:33 PM IST

RG Kar Rape and Death Case : "চি বি আয়ে আমাক আশ্বাস দিছে যে অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব আৰু আমি কোৱা মতে অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব... মই ক্ষতিপূৰণ প্ৰত্যাখ্যান কৰিছোঁ । যদি মই মৃত্যুৰ ক্ষতিপূৰণ হিচাপে টকা গ্ৰহণ কৰোঁ, তেন্তে ই মোৰ জীয়ৰীৰ আত্মাত আঘাত কৰিব । মই ন্যায় বিচাৰোঁ ।" কলকাতাত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা চিকিৎসকগৰাকীৰ পিতৃৰ ভাষ্য এয়া...

RG Kar Rape and Death Case
আৰ জি কৰৰ ঘটনাৰ প্ৰতিবাদ (ANI Photo)

নিউজ ডেস্ক, ১৬ আগষ্ট : পশ্চিমবংগৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ ধৰ্ষণ তথা হত্যাকাণ্ডৰ ভুক্তভোগী চিকিৎসকগৰাকীৰ পিতৃয়ে চি বি আইৰ সৈতে হোৱা আলোচনাৰ বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত আছে ।

মৃত চিকিৎসকগৰাকীৰ পিতৃয়ে কয়, "চি বি আইৰ সৈতে হোৱা আমাৰ কথা-বতৰাৰ বিষয়ে প্ৰকাশ কৰাটো আইনগতভাৱে উচিত নহয় । এই গোচৰটোৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব নোৱাৰো । তেওঁলোকে আমাৰ বিবৃতি লিপিবদ্ধ কৰিছে আৰু ইয়াক লিখিতভাৱে লৈছে । সমগ্ৰ দেশ তথা বিশ্বত হোৱা ইয়াৰ প্ৰতিবাদৰ বাবে মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । যিসকলে এই দুখৰ দিনত আমাৰ কাষত থিয় দিছে তেওঁলোকক মই মোৰ পুত্ৰ আৰু কন্যা হিচাপে বিবেচনা কৰোঁ ।"

তেওঁ লগতে কয় যে চি বি আয়ে আশ্বাস দিছে যে অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব । "চি বি আয়ে আমাক আশ্বাস দিছে যে অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব আৰু আমি কোৱা মতে অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব... মই ক্ষতিপূৰণ প্ৰত্যাখ্যান কৰিছোঁ । যদি মই মৃত্যুৰ ক্ষতিপূৰণ হিচাপে টকা গ্ৰহণ কৰোঁ, তেন্তে ই মোৰ জীয়ৰীক আঘাত হানিব । মই ন্যায় বিচাৰোঁ ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে শুকুৰবাৰে কলকাতা আৰক্ষীয়ে কয় যে তেওঁলোকে চিকিৎসালয় চৌহদত গণ হিংসাত জড়িত ১৯ জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে । ছ'চিয়েল মিডিয়াৰ জৰিয়তে কলকাতা আৰক্ষীয়ে কয়, "আৰ জি কৰ চিকিৎসালয়ত তাণ্ডৱ চলোৱা ঘটনাত এতিয়ালৈকে ১৯ জন গ্ৰেপ্তাৰ হৈছে । তেওঁলোকৰ পাঁচজনক সামাজিক মাধ্যমৰ প্ৰতিক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰা হৈছিল । যদি আপোনালেও আমাৰ পূৰ্বৰ পোষ্টবোৰৰ পৰা কোনো সন্দেহজনক ব্যক্তিক চিনাক্ত কৰে, অনুগ্ৰহ কৰি আমাক জনাব । আপোনালোকৰ সমৰ্থন আৰু বিশ্বাসৰ বাবে ধন্যবাদ ।"

আনহাতে, বৃহস্পতিবাৰে আৰক্ষীয়ে কৈছিল যে ৫,০০০ ৰ পৰা ৭,০০০ লোকৰ এটা দলে আৰ জি কৰ চিকিৎসালয়ত আক্ৰমণ কৰিছিল । প্ৰতিবাদকাৰী চিকিৎসক আৰু চিকিৎসা বিদ্যাৰ্থীসকলক আক্ৰমণ কৰিছিল আৰু ১৪ আগষ্টৰ নিশা চৌহদটো লণ্ডভণ্ড কৰাৰ চেষ্টা কৰিছিল ।

ইফালে বৃহস্পতিবাৰে ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনে (আই এম এ) প্ৰকাশ কৰা চৰকাৰী বিবৃতি অনুসৰি, শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈকে চিকিৎসকসকলে দেশজুৰি ধৰ্মঘট পালন কৰিব ।

উল্লেখ্য যে যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হয় । ইয়াৰ পিচতে দেশজুৰি চিকিৎসা কৰ্মীসকলে ধৰ্মঘট আৰু প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

লগতে পঢ়ক :মেডিকেল কলেজ হাস্পতাল চৌহদত উদ্ভণ্ডালি চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ 19 অভিযুক্তক - RG Kar Medical College rape case
লগতে পঢ়ক :চিকিৎসকক ধৰ্ষণ-হত্যা: ন্যায়ৰ দাবীত আজি ৰাজধানীৰ ৰাজপথ কপাব RDA ই - RG Kar Medical College rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.