ETV Bharat / bharat

মাথোঁ এদিন হৈছিলহে পৃথিৱীলৈ অহা, দলিয়াই দিলে জাৱৰৰ টোপোলা দলিওৱা দি - Newborn Found Dead in Road

NEWBORN FOUND DEAD : কি বীভৎস কাৰবাৰ ৷ এদিনীয়া এটি শিশু পৰি আছে ৰাস্তাৰ মাজত ৷ কাপোৰেৰে মেৰিওৱা অৱস্থাত নিথৰ হৈ আছে পৰি আছে এটি এদিনীয়া শিশুৰ মৃতদেহ ৷

Newborn Found Dead in Middle of the Road, Throwing Visuals Caught on CCTV
এদিনীয়া শিশুৰ মৃতদেহ (ETV BHARAT HINDI)
author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 2:22 PM IST

মাথোঁ এদিন হৈছিলহে পৃথিৱীলৈ অহা, দলিয়াই দিলে জাৱৰৰ টোপোলা দলিওৱা দি (ETV BHARAT HINDI)

নেশ্যেনেল ডেস্ক, 3 মে’ : ক’ত হেৰাল মমতা ? ক’ত হেৰাল মানৱতা ? এদিনীয়া নৱজাতকক ওপৰৰ পৰা ৰাস্তালৈ দলিয়াই দিলে ! কোনে আৰু কিয় ? ভাবিব পাৰিছেনে আপুনি, মন যায় জানো তেনে এটা দৃশ্য কল্পনা কৰি চাবলৈ ? কিন্তু এই ধৰণৰ খবৰে মোক, আপোনাক যিমান আহত কৰিলেও ঘটনাটো জীৱশ্ৰেষ্ঠ মানুহৰ হাততেই ঘটিছে ৷ হয়, আচহুৱা যেন লাগিলেও এয়াই সঁচা ৷

চিচি টিভি কেমেৰাত বন্দী হৈছে এই শিহৰণকাৰী দৃশ্য ৷ তাতোতকৈয়ো ভয়ংকৰ দৃশ্য চিচি টিভিয়ে ধৰি ৰাখিলে, য’ত নৱজাতকক দলিয়াই দিয়া দেখিবলৈ পোৱা গৈছে ৷ ক’ৰবাত আমি মানুহ হিচাপে হাৰি গৈছো ৷ যিমানেই উন্নতিৰ জখলা বগাইছো, সিমানেই যেন নাইকিয়া হৈ পৰিছে মানৱীয় গুণ, নাইকিয়া হৈছে মৰম-স্নেহ, আকুলতা আদি কোমল অনুভূতিবোৰ ৷

শুকুৰবাৰে এটা শিহৰণকাৰী ঘটনাৰ কথা পোহৰলৈ আহিছে ৷ এটি নৱজাতকক জাৱৰৰ টোপোলাৰ দৰে দলিয়াই দিলে কোনোবাই ! ৰাস্তাৰ মাজত মৃত অৱস্থাত উদ্ধাৰ হয় নৱজাতকটিৰ মৃতদেহ ৷ চাফাই কৰ্মীয়ে পথত পৰি থকা পৰিত্যক্ত মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে ।

খবৰ লাভ কৰি তৎক্ষণাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ওচৰৰ ফ্লেট বিল্ডিঙৰ পৰা মাত্ৰ এদিন আগতে জন্ম হোৱা শিশুটি তললৈ দলিয়াই দিয়া হৈছিল । কাষৰ চিচি টিভিত নিক্ষেপ কৰা ভিজুৱেল বন্দী হয় । কিন্তু নৱজাতকটিক কোনে ৰাস্তালৈ দলিয়ালে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ।

প্ৰথমতে, আৰক্ষীয়ে ভাবিছিল যে মৃতদেহটো কালি নিশা তেনেকৈ পেলাই থৈ যোৱা হৈছিল, কিন্তু চিচি টিভি ফুটেজে সকলোকে আচৰিত কৰি তোলে । কিন্তু এইটো নিশ্চিত নহয় যে নৱজাতকটিক হত্যা কৰাৰ পিচত দলিয়াই দিয়া হৈছিল নে জীৱন্ত অৱস্থাতে দলিয়াই দিয়া হৈছিল ? ২১ টা পৰিয়াল উক্ত এপাৰ্টমেণ্টত একেলগে বাস কৰি আছে । আৰক্ষীয়ে সকলোৰে ভাষ্য লিপিবদ্ধ কৰা আৰম্ভ কৰিছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

এই বীভৎস ঘটনা সংঘটিত হৈছে কোচিৰ এৰ্নাকুলামৰ পানাম্পিলি নগৰত ৷

লগতে পঢ়ক : দিনদুপৰতে ডুমডুমা আৰু মৰাণত হত্যাকাণ্ড - Murder Case In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.