ETV Bharat / bharat

তিৰুপতি মন্দিৰলৈ কেতিয়াও ঘিউ যোগান ধৰা নাছিল; আমুলৰ স্পষ্টীকৰণ - Tirupati Laddu Controversy - TIRUPATI LADDU CONTROVERSY

AMUL on Tirupati Prasadam : ছ'চিয়েল মিডিয়াত তিৰুমালা মন্দিৰৰ প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা লাডুত আমুল ঘিউ ব্যৱহাৰ কৰা বুলি চলি থকা চৰ্চাৰ মাজতে আমুলৰ তৰফৰ পৰা এক স্পষ্টীকৰণ আগবঢ়াইছে । পিচত Amul.coop-এ এক্সত এটা বিবৃতি পোষ্ট কৰি কয় যে আমুলে কেতিয়াও টি টি ডিলৈ ঘিউ যোগান ধৰা নাছিল ।

AMUL on Tirupati Prasadam
প্ৰতিনিধিত্বমূলক ছবি (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2024, 10:16 AM IST

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : তিৰুপতি মন্দিৰত প্ৰসাদ বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছে । কিয়নো চন্দ্ৰবাবু নাইডুৱে জন্তুৰ চৰ্বি ব্যৱহাৰৰ অভিযোগৰ পিচত আমুলে টি টি ডিক ঘিউ যোগান ধৰাৰ কথা অস্বীকাৰ কৰিছে । আনহাতে, ৰেড্ডীয়ে এই দাবীবোৰক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি গৰিহণা দি টি টি ডিয়ে গুণমান কঠোৰভাৱে পালন কৰে বুলি গুৰুত্ব আৰোপ কৰে ।

অন্ধ্ৰৰ তিৰুপতি জিলাৰ তিৰুমালা মন্দিৰত দিয়া প্ৰসাদমত (প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা লাডু) জন্তুৰ চৰ্বি ব্যৱহাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আমুলে শুকুৰবাৰে এক স্পষ্টীকৰণ জাৰি কৰি কয় যে তেওঁলোকে কেতিয়াও তিৰুমালা তিৰুপতি দেৱস্থানমক (টি টি ডি) ঘিউ যোগান ধৰা নাই ।

বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এই সন্দৰ্ভত পোষ্ট কৰাৰ পিচত Amul.coop-এ এক্সত এটা বিবৃতি পোষ্ট কৰি কয় যে আমুলে কেতিয়াও টি টি ডিলৈ ঘিউ যোগান ধৰা নাছিল । "কিছুমান ছ'চিয়েল মিডিয়া পোষ্টত এইটো উল্লেখ কৰা হৈছে যে তিৰুমালা তিৰুপতি দেৱস্থানমক (টি টি ডি) আমুলে ঘিউ যোগান ধৰিছিল । আমি আপোনালোকক জনাব বিচাৰোঁ যে আমি কেতিয়াও টি টি ডিলৈ আমুল ঘিউ যোগান ধৰা নাই ।" বিবৃতিটোত কোৱা হৈছে ।

"আমি লগতে স্পষ্ট কৰিব বিচাৰো যে আমুল ঘিউ আমাৰ অত্যাধুনিক উৎপাদন ব্যৱস্থাৰে গাখীৰৰ পৰা তৈয়াৰ কৰা হয়, যিবোৰ আই এছ অ' প্ৰমাণিত । আমুল ঘিউ উচ্চ মানসম্পন্ন বিশুদ্ধ গাখীৰ চৰ্বিৰ পৰা তৈয়াৰ কৰা হয় । আমাৰ দুগ্ধপামবোৰত লাভ কৰা গাখীৰ কঠোৰ গুণমান পৰীক্ষাৰ মাজেৰে অতিক্ৰম কৰে । ইয়াৰ ভিতৰত আছে এফ এছ এছ এ আইৰ দ্বাৰা নিৰ্ধাৰিত ভেজাল চিনাক্তকৰণ ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

উল্লেখ্য যে, আমুলৰ এই বিবৃতি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এইটো দাবী কৰাৰ দুদিন পিচত আহিছে যে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টী (ৱাই এছ আৰ চি পি) চৰকাৰৰ সময়ত তিৰুপতিৰ শ্ৰী ভেংকটেশ্বৰ মন্দিৰত প্ৰসাদ হিচাপে আগবঢ়োৱা তিৰুপতি লাডু প্ৰস্তুত কৰাত পশুৰ চৰ্বিসহ নিম্নমানৰ উপাদান ব্যৱহাৰ কৰা হৈছিল ।

আনহাতে, তিৰুপতি লাডু বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে কয় যে টি ডি পিয়ে ‘‘ধৰ্মীয় বিষয়ক লৈ ৰাজনীতি কৰি আছে’’ ।

"নিবিদা প্ৰক্ৰিয়া প্ৰতি ছয় মাহত হয় আৰু কেইবা দশক ধৰি অৰ্হতাৰ চৰ্ত সলনি হোৱা নাই । যোগানকৰ্তাসকলে এন এ বি এল প্ৰমাণ-পত্ৰ আৰু সামগ্ৰীৰ গুণমানৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিব লাগে । টি টি ডিয়ে ঘিউৰ নমুনা সংগ্ৰহ কৰে আৰু কেৱল প্ৰমাণ-পত্ৰ উত্তীৰ্ণ কৰা সামগ্ৰীহে ব্যৱহাৰ কৰা হয় । টি ডি পিয়ে ধৰ্মীয় বিষয়ক লৈ ৰাজনীতি কৰি আছে । আমাৰ শাসনকালত আমি 18 বাৰ সামগ্ৰী প্ৰত্যাখ্যান কৰিছো ।" ৰেড্ডীয়ে কয় ।

আনহাতে, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই শুকুৰবাৰে মুখ্যমন্ত্ৰী নাইডুৰ সৈতে আলোচনা কৰি বিষয়টোৰ সম্পূৰ্ণ প্ৰতিবেদন বিচাৰিছে । লগতে কয় যে কেন্দ্ৰই বিষয়টো পৰীক্ষা কৰিব আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ।

মোদী চৰকাৰৰ ১০০ দিনীয়া সাফল্য সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি তিৰুপতি প্ৰসাদমত ভেজালৰ বিষয়ে সোধাত নাড্ডাই কয়, "মই এই বিষয়ে তথ্য পোৱাৰ পিচত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সৈতে কথা পাতিছো আৰু তেওঁৰ পৰা বিৱৰণ লৈছো । মই তেওঁৰ ওচৰত থকা প্ৰতিবেদনখন প্ৰদান কৰিবলৈ কৈছো, যাতে মই ইয়াক পৰীক্ষা কৰিব পাৰো । মই ৰাজ্যিক নিয়ন্ত্ৰকসকলৰ সৈতেও কথা পাতিম আৰু ইয়াৰ তদন্ত কৰিম । খাদ্য সুৰক্ষাৰ গুণমান অনুসৰি উপযুক্ত পদক্ষেপ লোৱা হ'ব । এতিয়ালৈকে মই প্ৰতিবেদনখন বিচাৰিছোঁ আৰু আমি ইয়াক পৰীক্ষা কৰিম ।"

ইফালে ৱাই এছ আৰ চি পিৰ মুৰব্বী জগন মোহন ৰেড্ডীয়ে শুকুৰবাৰে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়লৈ এখন পত্ৰ লিখিব । লগতে দাবী কৰে যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তথ্যবোৰত ৰহণ সানিছে ।

"অৱশেষত মই নিজেই প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিছো । মই ভাৰতৰ মুখ্য ন্যায়াধীশলৈও এখন পত্ৰ লিখিছো । মই তেওঁলোকক বুজাই দিছো যে চন্দ্ৰবাবু নাইডুৱে কেনেকৈ তথ্যবোৰত ৰহণ সানিছে আৰু এনে কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা উচিত ।" ৱাই এছ আৰ চি পিৰ মুৰব্বীগৰাকীয়ে সাংবাদিকক কয় ।

লগতে পঢ়ক :তিৰুপতি লাডু বিতৰ্ক; তিৰুমালাত পবিত্ৰতা অনাৰ প্ৰতিশ্ৰুতি চন্দ্ৰবাবুৰ - Tirupati Laddu Row

লগতে পঢ়ক :তিৰুপতি লাডুত জন্তুৰ চৰ্বি ! পৰীক্ষাগাৰৰ প্ৰতিবেদন প্ৰকাশেৰে টিডিপিৰ চাঞ্চল্যকৰ দাবী - Tirupati Laddu Controversy

লগতে পঢ়ক :তিৰুপতিৰ লাডুত জন্তুৰ চৰ্বি ! চন্দ্ৰবাবুৰ দাবী নাকচ ৱাই এছ আৰ চি পিৰ - Andhra CM on Tirupati Laddu

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.