ETV Bharat / bharat

এটা ৰিভিউৰ বাবেই কল গাৰ্ল ৱেবছাইট পালেগৈ যুৱতীৰ ফোন নম্বৰ ! - Negative review in google

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 2:26 PM IST

Updated : Jul 9, 2024, 3:33 PM IST

Negative review in google: মনত ভবাখিনিও বিশুদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ আপুনি যেতিয়া দহবাৰ চিন্তা কৰিবলগা হয়, ক’ত থাকিল বাকস্বাধীনতা ? কেতিয়াবা কল্পনা কৰিছেনে ঋণাত্মক ঘটনাবোৰ কোনটো পৰ্যায় পাইছেগৈ ? দুখন ভৰিৰে সৈতে জীৱশ্ৰেষ্ঠৰ টেগ থকা জীৱই কি নকৰে আজিকালি ! দুনীয়া আগবাঢ়িছে, লোপ পাইছে চিন্তা শক্তি ৷ কিন্তু মানুহে ভাবিছে বহুত আগবাঢ়িছে তেওঁলোক ৷

NEGATIVE REVIEW IN GOOGLE
BENGALURU CRIME SCENES (Representative image)

নেশ্যনেল ডেস্ক, 9 জুলাই: না ভয় না সংশয় না মানৱীয়তা, একো যেন নাইকিয়া হৈ গৈছে ৷ হয় মৰিম, নহয় মাৰিম, এই মানসিকতাৰে যেন আগবাঢ়িছে সকলো ৷ কিহৰ ইমান ঠেলা-হেঁচা, কিহৰ ইমান ক্ষোভ, কোন দিশে গৈ আছে দুনীয়াখন ! ভাবিলেই যেন এশ এবুৰি চিন্তাই হেঁচা মাৰি ধৰে ৷ এখন্তেক অকলে ওলাই যাবলৈ ভয়, কোন মুহূৰ্তত কি হৈ যায় তাৰ পাত্তা নাই ৷ কঠোৰৰ পৰা কঠোৰতম হৈ পৰিছে মানৱ জাতি ৷ চৰকাৰ-প্ৰশাসন, আৰক্ষী একোলৈকে ভয় নাই মানুহৰ ৷ উন্নতিৰ নামত ৰাস্তাই ৰাস্তাই চিচি টিভি আছে আজিকালি, কিন্তু হ’লে কি হ’ব কমিছে জানো অপৰাধজনিত ঘটনা ? চিচি টিভিত চেহেৰা দেখাইহে দেখোন আজিকালি সংঘটিত কৰে ঘটনা !

নিগেটিভ চিন্তাই মানুহৰ চিন্তা কৰাৰ সীমা অতিক্ৰম কৰিছে ৷ কেতিয়াবা এনেকুৱা লাগে এই মোবাইলটো অহাৰ পৰাই যেন মামৰ লাগিল মানুহৰ মগজুত ৷ সময় আগবঢ়াৰ লগে লগে সহজতে সকলোৰে হাতে হাতে একো একোটা মোবাইল থকাটো জৰুৰী হৈ পৰিল ৷ মোবাইল বিনা জিন্দেগী অসাৰ বুলি ক’লেও ভুল কোৱা নহ’ব ৷ সহজতে মোবাইল ইণ্টাৰনেট এইবোৰ এক্সেছ কৰিব পৰা হোৱা বাবে মানুহে যি মন যায় তাকেই কৰে ৷ যেতিয়াৰ পৰা ইয়াৰ জৰিয়তে অৰ্জনৰ সুবিধা পালে মানুহে, তাৰ পিচৰ পৰাটো ক’বই নালাগে ৷ কণ্টেন্ট ৰ নামত কি কি নবনায় ? ভাইৰেল হোৱা প্ৰৱণতাই মানুহক ধ্বংস কৰি পেলাইছে ৷ কল্পনাতীত ঘটনা কিছুমানে সঁচাকৈয়ে ভাবিবলৈ বাধ্য কৰাই, আমি বাৰু জীৱশ্ৰেষ্ঠ নে ?

আজি এটা ঘটনাৰ কথা আগবঢ়াইছো ৷ কোনো ধৰণৰ কণ্টেন্ট বা ভাইৰেল হোৱা ভিডিঅ’ৰ কাহিনী নহয় বাৰু কিন্তু সেই মোবাইলৰে কাহিনী ৷ গুগলে আমাক সুবিধা দিছে যিকোনো ধৰণৰ হোটেল, হোষ্টেল, স্থান, ছবিগৃহ, ৰেস্তোৰা বা পৃথিৱীৰ যিকোনো ধৰণৰ ঠাইৰে আমি ৰিভিউ দিব পাৰো ৷ অৱশ্যেই আমি সেই ঠাই বিশেষক লৈ যি অনুভৱ কৰোঁ, সেইয়াইটো ৰিভিউত লিখিম ৷ কিন্তু এতিয়া এটা ঘটনা পোহৰলৈ আহিছে, য’ত ৰিভিউ দিয়াই কাল হ’ল এগৰাকী যুৱতীৰ বাবে ৷

ঘটনাটো এনেকুৱা, 25 বছৰীয়া যুৱতী এগৰাকীয়ে বেংগালুৰুৰ শেশাদ্ৰীপুৰমৰ এটা পিজিত কোঠা এটা পায় ৷ কিন্তু তাত গৈ সেই হোষ্টেলটোত থাকিবলৈ তেওঁ কুণ্ঠাবোধ কৰে, কিয়নো হোষ্টেলৰ ব্যৱস্থা তথা নীতি-নিয়মবোৰ তেওঁৰ পছন্দ নহ’ল ৷ যুৱতীগৰাকীয়ে নামভৰ্তি বাতিল কৰি গুগলত পিজিটোৰ বেচিজিল কথাবোৰ লৈ নেতিবাচক সমালোচনা লিখে । তাতেই লাগিল জগৰ ৷ এই কথাত ক্ষুব্ধ হৈ পিজিটোৰ মেনেজাৰ আনন্দ শৰ্মাই যুৱতীগৰাকীৰ ফোন নম্বৰটো কল গাৰ্লছৰ ৱেবছাইটত মুকলি কৰি দিয়ে !

কিছুদিন পিচত যুৱতীগৰাকীলৈ অচিনাকি নম্বৰৰ পৰা ফোন আহিবলৈ ধৰে আৰু বহুতে অশালীনভাৱে কথা ক’বলৈ ধৰে । এই কথাত বিৰক্ত হৈ যুৱতীগৰাকীয়ে বেংগালুৰু ইষ্ট ডিভিজন চি ই এন ষ্টেচনত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত চলাই অভিযুক্তৰ এই কাণ্ড পোহৰলৈ আহে ।

ইতিমধ্যে বেংগালুৰু ইষ্ট ডিভিজনৰ চি ই এন (চাইবাৰ ইকনমিক এণ্ড নাৰ্কটিকছ ক্ৰাইম) আৰক্ষী থানাই কল গাৰ্লছৰ ৱেবছাইটত যুৱতীগৰাকীৰ ফোন নম্বৰ প্ৰকাশ কৰা পি জিৰ মেনেজাৰজনক গ্ৰেপ্তাৰ কৰিছে । ধৃত ব্যক্তিজনৰ নাম আনন্দ শৰ্মা ।

লগতে পঢ়ক : ৰীল বনাবলৈ গৈ অন কেমেৰা মৃত্যুক সাৱটিলে যুৱতীয়ে - live Accident

Last Updated : Jul 9, 2024, 3:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.