ETV Bharat / bharat

ভাৰতীয় আৰক্ষীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি; ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসৰ ইতিহাসলৈ এক অৱলোকন

Indian Police: দেশৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় আৰক্ষীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ২১ অক্টোবৰত আৰক্ষী স্মৃতি দিৱস পালন কৰা হয় ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Indian Police
ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস (ANI)

বিশেষ প্ৰতিবেদন : ভাৰতত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা আৰক্ষী বিষয়াসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ২১ অক্টোবৰত আৰক্ষী স্মৃতি দিৱস পালন কৰা হয় । এই গাম্ভীৰ্যপূৰ্ণ দিনটোত বৰ্তমান সেৱা আগবঢ়োৱা বিষয়াসকল আৰু তেওঁলোকৰ কাষত সদায় থিয় দি থকা পৰিয়ালক কৃতজ্ঞতা জ্ঞাপন কৰাৰ সুযোগ প্ৰদান কৰা হয় ।

ইতিহাস :

আৰক্ষী স্মৃতি দিৱসৰ ইতিহাস ১৯৫৮ আৰু ১৯৫৯ চনৰ আৰম্ভ হৈছিল যেতিয়া ৰাজনৈতিক আৰু ভৌগোলিক সমস্যাৰ বাবে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰিছিল ।

১৯৫৯ চনৰ ২১ অক্টোবৰত চীনে আকছাই চীন অঞ্চলত ভাৰতৰ বিৰুদ্ধে প্ৰথম আক্ৰমণ আৰম্ভ কৰে, যাৰ ফলত ১০ গৰাকী লোকৰ মৃত্যু হয় । লগতে ইণ্টেলিজেঞ্চ ব্যুৰ' আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) ৭ গৰাকী সদস্ক বন্দী কৰা হয় । উপ কেন্দ্ৰীয় চোৰাংচোৱা বিষয়া (ডিচিআইঅ') কৰম সিঙৰ নেতৃত্বত এক তালাচী অভিযানৰ সময়তে এই আক্ৰমণটো হৈছিল । চীনা সেনাই দলটোক আক্ৰমণ কৰিছিল ।

শ্বহীদ জোৱানসকলৰ মৃতদেহ ৩ সপ্তাহৰ অন্তত দেশবাসীক হস্তান্তৰ কৰা হৈছিল । ১৯৬০ চনৰ জানুৱাৰীত অনুষ্ঠিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আৰক্ষী মহাপৰিদৰ্শকৰ বাৰ্ষিক সন্মিলনে সিদ্ধান্ত লয় যে ২১ অক্টোবৰক স্মৃতি দিৱস বা শ্বহীদ দিৱস হিচাপে পালন কৰা হ'ব ।

প্ৰতি বছৰে, দেশৰ বিভিন্ন প্ৰান্তৰ আৰক্ষীৰ জোৱানসকলে সেই বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে হট স্প্ৰিংছত উপস্থিত হয় ।

আকছাই চীনত থকা হট স্প্ৰিংছ :

  • লাডাখৰ আকছাই চীনত থকা হট স্প্ৰিংছ সমুদ্ৰ পৃষ্ঠৰ পৰা ১৫,০০০-১৬,০০০ ফুট উচ্চতাত ইণ্ডো-তিব্বত সীমান্তত অৱস্থিত ।
  • ১৯৫৯ চনত, চীনা সেনাৰ বৰ্ধিত কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি চিআৰপিএফৰ জোৱানসকলক লৈ গঠিত ইণ্ডো-তিব্বত সীমান্ত বাহিনী আৰু অন্যান্য বাহিনীক ইণ্ডো-তিব্বত সীমান্ত সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছিল ।

তাৎপৰ্য :

  • স্মৃতি : জাতিৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সাহসী বীৰসকলৰ স্মৃতি আমাৰ সামূহিক চেতনাত জীয়াই ৰখাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয় ।
  • কৃতজ্ঞতাৰ স্মাৰক : আৰক্ষী স্মৃতি দিৱসটোৱে কেৱল সেৱা আগবঢ়োৱা বিষয়াসকলৰ প্ৰতিয়ে নহয় তেওঁলোকৰ পৰিয়ালৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ স্মাৰক হিচাপে কাম কৰে ।
  • অতীত ৰোমন্থন : এই দিনটো স্মৰণ কৰি আমি আমাৰ ইতিহাসৰ সৈতে জড়িত হৈ পৰো আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে বিষয়াসকলে চলাই থকা ত্যাগক স্বীকাৰ কৰো । এই দিৱসৰ দ্বাৰা তেওঁলোকৰ সমৰ্পণক স্বীকাৰ কৰিব পাৰো ।

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস ২০২৪ কেনেদৰে পালন কৰিব :

  • পেৰেড উপভোগ কৰক : দূৰদৰ্শন বা ইণ্টাৰনেটত আৰক্ষী স্মৃতি দিৱসৰ পেৰেড চাই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক ।
  • ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ভ্ৰমণ কৰক : যদি সম্ভৱ হয়, দেশৰ সেৱা আগবঢ়োৱা বীৰ পুৰুষসকলক সন্মান জনোৱাৰ বাবে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকলৈ যোৱাৰ পৰিকল্পনা কৰক ।
  • শ্বহীদ পৰিয়ালক সমৰ্থন কৰক : শ্বহীদসকলৰ পৰিয়ালক সমৰ্থন কৰা সংগঠনবোৰত অৰিহণা যোগোৱা বা সহায় কৰাত মনোনিৱেশ কৰক, বিশেষকৈ যিসকলে তেওঁলোকৰ উপাৰ্জনকাৰীসকলক হেৰুৱাইছে ।

আৰক্ষী বাহিনীৰ আকৰ্ষণীয় বিষয় :

  • যিমানে ডাঙৰ গোঁফ, সিমানেই ভাল : ভাৰতৰ মধ্য প্ৰদেশৰ এখন জিলাৰ আৰক্ষীক গোঁফ গজাবলৈ পৰিশোধ কৰা হয় কিয়নো তেওঁলোকে বিশ্বাস কৰে যে ই তেওঁলোকক অধিক সন্মান প্ৰদান কৰে ।
  • আকৰ্ষণীয় গোঁফৰ জৰিয়তে পুৰণি ট্ৰেণ্ড বজাই ৰখাৰ বাবে উত্তৰ প্ৰদেশে আৰক্ষীক পুৰস্কৃত কৰে । প্ৰথমতে, এয়া প্ৰতি মাহে ৫০ টকা আছিল । ২০১৯ চনত ইয়াক ২৫০ টকালৈ বৃদ্ধি কৰা হয় ।
  • প্ৰত্যাহ্বান : প্ৰতি ১ লাখ লোকৰ বিপৰীতে মাত্ৰ ১৫৪ গৰাকী বিষয়াৰ সৈতে আৰক্ষী বাহিনীয়ে এক প্ৰত্যাহ্বানমূলক অনুপাতৰ সন্মুখীন হয় । এই তথ্য আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰ'ৰ দ্বাৰা প্ৰকাশ কৰা আৰক্ষী সংগঠন ২০২৩ত উল্লেখ আছে (১ জানুৱাৰী, ২০২৩লৈকে)।
  • কামৰ বোজা : নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ প্ৰতিবেদন অনুসৰি মুম্বাইত ভাৰতৰ ভিতৰত সৰ্বাধিক আৰক্ষীৰ আত্মহত্যা ঘটনা সংঘটিত হয় ।
  • ফুটবলৰ জৰিয়তে বন্ধুত্ব : দিল্লীত এটা বেচৰকাৰী সংগঠনে ইতিবাচক সম্পৰ্ক গঢ়ি তুলিবলৈ আৰক্ষীৰ সৈতে শিশুৰ ফুটবল খেল অনুষ্ঠিত কৰে ।
  • খাকী পোছাকৰ ইতিহাস : ভাৰতীয় আৰক্ষীৰ খাকী পোছাকৰ ধাৰণা ব্ৰিটিছ বিষয়াসকলে আনিছিল । ব্ৰিটিছ বিষয়াসকলে বগা পোছাক পৰিধান কৰিছিল আৰু ভাৰতীয় ধূলিময় পৰিৱেশত পোছাকৰ লেতেৰা লুকুৱাবলৈ এই পোছাক পিন্ধিছিল ।

ভাৰতীয় আৰক্ষীৰ শ্বহীদসকল :

  • স্বাধীনতাৰ পিছৰে পৰা ২০২০ চনৰ ৩১ আগষ্টলৈকে মুঠ ৩৫,৪০৩ গৰাকী আৰক্ষী কৰ্মীয়ে দেশৰ অখণ্ডতা সুৰক্ষিত কৰিবলৈ আৰু এই দেশৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰাণ আহুতি দিছে ।
  • ২০১৭ চনৰ ছেপ্টেম্বৰৰ পৰা ২০১৮ চনৰ আগষ্টলৈ প্ৰায় ৪১৪ গৰাকী আৰক্ষী কৰ্মীয়ে প্ৰাণ আহুতি দিছে । ২০১৭ চনত ভাৰতীয় সেনাৰ ১০৬ গৰাকী জোৱান শ্বহীদ হৈছে ।

ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক : নতুন দিল্লীৰ চাণক্যপুৰীত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক স্থাপন কৰা হয় । ২০১৮ চনৰ ২১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰক্ষী স্মাৰকত ৰাষ্ট্ৰীয় আৰক্ষী সংগ্ৰহালয় উদ্বোধন কৰে ।

সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বাহিনী আৰু বিভিন্ন চিএপিএফ/চিপিঅ'য়ে আৰক্ষী সংগ্ৰহালয়লৈ তেওঁলোকৰ অৱদান হিচাপে পুৰণি আলোকচিত্ৰ, নথিপত্ৰ, অস্ত্ৰ আৰু অন্যান্য স্মৃতিচিহ্ন প্ৰেৰণ কৰিছিল । গুজৰাটস্থিত সংস্থা ভামা কমিউনিকেশ্বনে সংগ্ৰহ কৰা প্ৰাসংগিক সামগ্ৰী আৰু তথ্য একত্ৰিত কৰি সংগ্ৰহালয়টোত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল ।

মাটিকালি : ৬.৩ একৰ

সংগ্ৰহালয় : ১,৬০০ বৰ্গ মিটাৰ

কেন্দ্ৰীয় ভাস্কৰ্য : ৩০ ফুটx ৮ ফুট x ৮ ফুট

স্থান : ২৭, কৌটিল্য মাৰ্গ, ডিপ্লোমেটিক এনক্লেভ, চাণক্যপুৰী, নতুন দিল্লী,১১০০১

লগতে পঢ়ক :ঔষধি উদ্ভিদৰ ভাণ্ডাৰ স্বৰূপ এটি পাহাৰীয়া অঞ্চল; 200 হেক্টৰ ভূমিত আছে অতি কমেও 500 ঔষধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.