ETV Bharat / bharat

ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক সেৱা দিৱসৰ তাৎপৰ্য - National Fire Service Day 2024 - NATIONAL FIRE SERVICE DAY 2024

National Fire Service Day 2024: নিজৰ জীৱনৰ কথা চিন্তা নকৰি আনৰ জীৱন ৰক্ষাত ব্ৰতী হৈ থকা অগ্নি নিৰ্বাপক বাহিনীক সন্মান জনোৱাৰ উদ্দেশ্যে ১৪ এপ্ৰিলত ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক সেৱা দিৱস পালন কৰা হয় । এই দিনটোত অগ্নিকাণ্ড সম্পৰ্কীয় সজাগতা সভা, বিভিন্ন ধৰণৰ ড্ৰিল আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

National Fire Service Day 2024
ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক সেৱা দিৱসৰ তাৎপৰ্য
author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 8:25 AM IST

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল : ভাৰতত ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক সেৱা দিৱস সাহসী অগ্নিনিৰ্বাপক বাহিনীক সন্মান জনোৱাৰ উদ্দেশ্যে পালন কৰা হয় । যিসকলে নিজৰ জীৱনৰ কথা চিন্তা নকৰি আনক সুৰক্ষা দিয়াত ব্ৰতী হয় । অগ্নি নিৰ্বাপক বিভাগ, উদ্যোগ, প্ৰতিষ্ঠান, চৰকাৰী ভৱন, বিমানবন্দৰ, ডকয়াৰ্ড আৰু অন্যান্য প্ৰতিষ্ঠানসমূহে ১৯৪৪ চনৰ ১৪ এপ্ৰিলত বোম্বাই বন্দৰৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা ৭১ গৰাকী অগ্নিনিৰ্বাপক বাহিনীক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰি আহিছে ।

আজিৰ দিনটোক শ্বহীদ দিৱস হিচাপেও পালন কৰা হয় । ভাৰতত ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক সেৱা দিৱস হৈছে সাহসী অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলক শ্ৰদ্ধা আৰু সন্মান জনোৱা এটা দিন । শ্বহীদসকলক স্মৰণ কৰাৰ লগে লগে অগ্নি সুৰক্ষাৰ প্ৰতি ৰাইজক সজাগ কৰাটোও এই দিৱসৰ প্ৰধান উদ্দেশ্য ।

ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক সেৱা দিৱসৰ ইতিহাস :

১৯৭১ চনৰ ১৪ এপ্ৰিলত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বোম্বাই বন্দৰৰ ভিক্টোৰিয়া ডকত ব্ৰিটিছ কাৰ্গো 'এছ এছ ফৰ্ট ষ্টিকিন'ত বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈছিল । সাধাৰণ লোক আৰু সম্পত্তি বচাবলৈ গৈ ৭১ গৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল । এছ এছ ফৰ্ট ষ্টিকিন জাহাজত এক নিযুত লিটাৰ লুব্ৰিকেটিং তেলৰ ড্ৰাম, গোলাবাৰুদ, ডিটোনেটৰ, কপাহৰ গাঁঠি, নোট, সোণ আৰু মুদ্ৰা আছিল ।

১২ এপ্ৰিলত জাহাজখন কোনো সুৰক্ষাৰ ব্যৱস্থা নোহোৱাকৈ ডকত ৰখাই থোৱা হৈছিল । ১৪ এপ্ৰিলত ১,৪০০ টন বিস্ফোৰক মজুত থকা জাহাজখনত জুই লাগিছিল আৰু ব্যাপক ক্ষতিগ্ৰস্ত হৈছিল । দুটা প্ৰচণ্ড বিস্ফোৰণে জাহাজখন ধ্বংস কৰে আৰু ধ্বংসাৱশেষ চাৰিওফালৰ অঞ্চলবোৰত সিঁচৰতি হৈ পৰে ।

বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ পিচত ভিক্টোৰিয়া ডক সম্পূৰ্ণৰূপে ধ্বংস হৈছিল । এই ঘটনাত ৮০০ৰ পৰা ১,৩০০ জন লোকৰ মৃত্যু হৈছিল । বিস্ফোৰণৰ শক্তি যথেষ্ট শক্তিশালী আছিল । ফলস্বৰূপে, ইয়াৰ ওচৰত থকা বাণিজ্যিক অঞ্চলো ভয়ংকৰ জুইৰ ফলত বিধ্বস্ত হৈছিল ।

ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক সেৱা দিৱসৰ তাৎপৰ্য :

ভৱিষ্যতে এনেধৰণৰ অগ্নিকাণ্ড এৰি চলিবলৈ আৰু সাধাৰণ ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাত অগ্নিকাণ্ডৰ পৰিস্থিতিৰ সৈতে যুঁজিবলৈ মানুহৰ প্ৰস্তুতি মূল্যাংকন কৰিবলৈ বহুতো সংগঠনে প্ৰশিক্ষণ অধিবেশন, ড্ৰিল আৰু অনুশীলন অনুষ্ঠিত কৰে । ইয়াৰ উপৰিও, অগ্নি সুৰক্ষা সম্পৰ্কে জনসজাগতা বৃদ্ধি কৰাৰ বাবে ভাৰতে ১৪ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ অগ্নি সেৱা সপ্তাহ পালন কৰে ।

ভাৰতত অগ্নি নিৰ্বাপক সেৱা দিৱস ঐতিহাসিক ঘটনাসমূহৰ এক শোকাৱহ স্মৰণ হিচাপে পালন কৰা হয় । যিয়ে সমন্বিত অগ্নি নিৰ্বাপক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰে । সম্প্ৰতি অগ্নি সুৰক্ষাৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰা, জৰুৰীকালীন প্ৰস্তুতিত সহায় কৰা, অগ্নি নিৰ্বাপক সেৱাৰ সফলতাক স্বীকৃতি দিয়া আৰু লোকসকলক তেওঁলোকৰ ঘৰ আৰু অঞ্চলক অগ্নিকাণ্ডৰ পৰা সুৰক্ষিত কৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাটো দেশৰ প্ৰচেষ্টাৰ এক অপৰিহাৰ্য অংশ ।

অগ্নি সুৰক্ষা দিৱস কেনেদৰে পালন কৰিব :

  • অগ্নি সুৰক্ষাৰ বিষয়ে শিক্ষাক উদগনি দিয়ক
  • স্বেচ্ছাসেৱক হিচাপে অগ্নি সুৰক্ষা অভিযানত অংশগ্ৰহণ কৰক
  • অগ্নিনিৰ্বাপক বাহিনী আৰু বিভাগবোৰক উৎসাহিত কৰক
  • অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰশিক্ষণ আৰু ড্ৰিল কাৰ্যকৰী কৰক
  • উদ্ভাৱন আৰু প্ৰযুক্তিত বিনিয়োগ কৰক

ভাৰতত অগ্নিকাণ্ডৰ ঘটনা:

  • ডিএফএছৰ বাৰ্ষিক তথ্য অনুসৰি, ২০২৩ চনত অগ্নিকাণ্ডৰ ঘটনাত ৬৮৯ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল আৰু ৫৯ গৰাকী নিহত হৈছে ।
  • অগ্নি নিৰ্বাপক সেৱাৰ তথ্য অনুসৰি, ২০২২ চনত অগ্নিকাণ্ডৰ ঘটনাৰ ফলত ৭২২ গৰাকী লোক আঘাতপ্ৰাপ্ত হয় আৰু ৮২ গৰাকী লোকৰ মৃত্যু হৈছিল । ২০২১ চনত আঘাতপ্ৰাপ্ত হৈছিল ৩৯৬ গৰাকী লোক আৰু ৫৬ গৰাকীৰ মৃত্যু হৈছিল ।
  • ২০২৩ চনত সামগ্ৰিকভাৱে অগ্নি নিয়ন্ত্ৰণ কক্ষলৈ জুই সম্পৰ্কীয় ১৫,৬১০ টা ফোন আহিছিল । ২০২১ চনত ১৪,৯৯৯ টা ফোন আহিছিল আৰু ২০২২ চনত ফোনকলৰ সংখ্যা আছিল ১৬,৫১৮ টা ।

লগতে পঢ়ক :বিশ্ব চাগাছ ৰোগ দিৱস : ভাৰতত ইয়াৰ সজাগতাৰ প্ৰয়োজন - World Chagas Disease Day

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.