ETV Bharat / bharat

দুই ফৈদৰ সংঘাত; ডাম্পাৰৰ খুন্দাত নিহত ৫ জন - Murder in Jhalawar - MURDER IN JHALAWAR

Murder in Jhalawar : ঝালাৱাৰ জিলাৰ পাগাৰিয়া আৰক্ষী থানা এলেকাত পাৰস্পৰিক সংঘাতে ভয়ংকৰ ৰূপ লৈছে । ৫ জন লোকক ডাম্পাৰেৰে মহতিয়াই হত্যাৰ অভিযোগ । ৫ জন লোকৰ মৃত্যু ।

Murder in Jhalawar
ডাম্পাৰৰ খুন্দাত নিহত ৫ জন
author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 2:17 PM IST

নেশ্যনেল ডেস্ক, ২৪ মাৰ্চ : ৰাজস্থানৰ ঝালাৱাৰ জিলাত ভয়ংকৰ ঘটনা । দুই ফৈদৰ মাজৰ সংঘাতৰ ফলত ৫ গৰাকী লোকে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । অভিযুক্তই ডাম্পাৰেৰে খুন্দিয়াই হত্যা কৰে লোককেইজনক । পাগাৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিনিয়াগা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

ঘটনাটোত নিহত লোককেইজনৰ ভিতৰত দুই ভাতৃও আছিল । একে সময়তে ঘটনাটোৰ পিচতে অভিযুক্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে । ঘটনাটোৰ পিচত অঞ্চলটোত যথেষ্ট সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । ঘটনা সন্দৰ্ভত ভৱানীমাণ্ডিৰ ডিএছপি প্ৰেম চৌধুৰীয়ে কয় যে নিশা পাগাৰিয়া আৰক্ষী থানাৰ বিনিয়াগা গাঁৱত দুটা ফৈদৰ মাজত পাৰস্পৰিক বিবাদ আৰম্ভ হৈছিল ।

এই ঘটনা দুই ভাতৃকে ধৰি ৫ জন লোকক ডাম্পাৰেৰে মহতিয়াই হত্যা কৰা হয় । অৱশ্যে অভিযুক্তই লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আৰক্ষী বিষয়াগৰাকীৰ মতে পাৰস্পৰিক বিবাদৰ পিচত ৫ জন লোকে অভিযোগ দাখিল কৰিবলৈ পাগাৰিয়া আৰক্ষী থানালৈ ৰাওনা হৈছিল । সেই সময়তে একাংশ লোকৰ প্ৰৰোচনাত লোককেইজনক ডাম্পাৰে মহতিয়াই থৈ যায় ।

একে সময়তে আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি অভিযুক্তসকল ৰাজ্যখনৰ সীমান্তৰে পলায়ন কৰিছে । এই খবৰ লাভ কৰাৰ পিচতে মধ্য প্ৰদেশলৈ কেইবাটাও আৰক্ষীৰ দল প্ৰেৰণ কৰা হৈছে । আৰক্ষী বিষয়াগৰাকীৰ মতে মৃত ৫ জন লোকৰ মৃতদেহ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মৰ্গত ৰখা হৈছে । সম্প্ৰতি আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । শীঘ্ৰে ঘটনাৰ তদন্ত কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ভুক্তভোগীৰ পৰিয়ালে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক : ৰাসায়নিক কাৰখানাত অগ্নিদগ্ধ হৈ নিহত ৫ জন শ্ৰমিক: আহত ২ - Fire Broke Out In Chemical Factory

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.