ETV Bharat / bharat

42 কোটিৰো অধিক মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ 3 সৰবৰাহকাৰীক - Drugs seized Mizoram police

author img

By ANI

Published : Jul 26, 2024, 8:50 AM IST

Drugs seized in Mizoram: মিজোৰাম আৰক্ষীৰ জিম্মাত 3 ড্ৰাগছ সৰবৰাহকাৰী ৷ 42.38 কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ ৷ এন ডি পি এছৰ অধীনত গোচৰ ৰুজু ৷

Mizoram Police seize drugs worth Rs 42.38 cr, three arrested
42 কোটিৰো অধিক মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ 3 (ANI)

নেশ্যনেল ডেস্ক, 26 জুলাই: আৰক্ষী তথা প্ৰশাসন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যিমানেই কঠোৰ নহওক কিয়, দেশ তথা ৰাজ্যত বৰ্তমানো অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ বিভিন্ন কৌশল অৱলম্বন কৰি একাংশ ড্ৰাগছ সৰবৰাহকাৰী তথা চক্ৰই প্ৰতিদিনেই সৰবৰাহ অব্যাহত ৰাখিছে মাৰাত্মক ড্ৰাগছৰ । আৰক্ষী তথা প্ৰশাসনে কৰায়ত্ত কৰাৰ পাচতো এনে ঘটনাৰ সৈতে জড়িতক ইতিমধ্যে কঠোৰ শাস্তিও প্ৰদান কৰা হৈছে যদিও কঠোৰ শাস্তিৰ ভয়ে এতিয়াও নাকী লগাব পৰা নাই একাংশ ড্ৰাগছ সৰবৰাহকাৰীক !

বুধবাৰে মিজোৰাম আৰক্ষীয়ে 42.38 কোটিৰো অধিক মূল্যৰ 14.082 কিলোগ্ৰাম মেথামফেটামাইন আৰু 2.804 কিলোগ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে । মিজোৰাম আৰক্ষীয়ে জনোৱা মতে, চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই মিজোৰাম আৰক্ষীৰ (চি আই ডি ক্ৰাইম)ৰ এটা দলে বিশেষ নিচাযুক্ত দ্ৰব্যভৰ্তি এখন বাহন বুধবাৰে খাওজাউল জিলাৰ দুলতে গাঁৱৰ উপকণ্ঠ অঞ্চলত জব্দ কৰে ।

মিজোৰাম আৰক্ষীয়ে কয়, "অভিযানকাৰী দলটোৱে গাড়ীখনৰ লুকাই থকা /গোপন অংশৰ পৰা 14.082 কেজি মেথামফেটামাইন আৰু 2.804 কেজি (191 টা চাবোন কেচ) হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত ত্ৰিপুৰাৰ তিনিজনক গ্ৰেপ্তাৰ কৰা হয় ।"

ত্ৰিপুৰাৰ পৰা অহা মহম্মদ ইমান হুছেইন (23), ৰিপ্পান হুছেইন (37) আৰু নিৰঞ্জন কৰ্মকাৰ (40) বুলি জানিব পৰা গৈছে ।

আনহাতে, মিজোৰামৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য 42.83 কোটি টকাৰ ওপৰত বুলি কয় । এই সন্দৰ্ভত এটা বিশেষ নিচাযুক্ত দ্ৰব্য আৰক্ষী থানাই অধিক এন ডি পি এছ আইন 21(C)/22(C)/25/29(1) ৰ অধীনত এটা গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: বিমান বন্দৰত প্ৰায় 13 কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ জাৰ্মান নাগৰিক - Cocaine seized in Delhi Airport

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.