ETV Bharat / bharat

গোৱাত উদ্ধাৰ কোটাৰ পৰা নিৰুদ্দেশ হোৱা ছাত্ৰ - NEET UG STUDENT MISSING

Student missing from Kota : আৰক্ষীয়ে গোৱাৰ মাৰগাঁৱৰ পৰা উদ্ধাৰ কৰে ছাত্ৰজনক । NEETৰ প্ৰস্তুতি চলাই আছিল ছাত্ৰজনে । যোৱা ৬ মে'ৰ পৰা সন্ধান নাছিল ছাত্ৰজনৰ । কিন্তু ছাত্ৰজনৰ নিৰুদ্দেশৰ কাৰণ কি আছিল ?

Student missing from Kota
গোৱাত উদ্ধাৰ কোটাৰ পৰা নিৰুদ্দেশ হোৱা ছাত্ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 10:44 AM IST

নেশ্যনেল ডেস্ক, ৩১ মে': যোৱা ৬ মে'ত কোটাৰ পৰা নিৰুদ্দেশ হৈছিল NEET ৰ প্ৰস্তুতি চলাই থকা এজন ছাত্ৰ । গংগাপুৰৰ পৰা কোটালৈ মেডিকেল প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি কৰিবলৈ গৈছিল ছাত্ৰজন । অৱশেষত ছাত্ৰজনক গোৱাৰ মাৰগাঁৱৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে । ছাত্ৰজনক প্ৰায় ২৪ দিনৰ অন্তত উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে ছাত্ৰজনৰ সন্ধানত কেইবাখনো ৰাজ্যলৈ গৈছিল ।

আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰজনে প্ৰথমে পুনেলৈ গৈছিল । তাৰ পিচত তেওঁ জম্মুৰ বৈষ্ণো দেৱী মন্দিৰলৈ গৈছিল আৰু পিচত গোৱাত উপস্থিত হৈছিল । আৰক্ষীয়ে অনুসন্ধান কৰি গম পাইছে যে ছাত্ৰজনৰ NEET UG ৰ পৰীক্ষা ভাল হোৱা নাছিল ।

চিআই সতীশ চন্দ্ৰ চৌধুৰীয়ে কোৱা মতে, NEET UG ৰ বাবে প্ৰস্তুতি কৰিবলৈ গংগাপুৰ জিলাৰ বামানৱাসৰ পৰা কোটালৈ অহা ১৯ বছৰীয়া ৰাজেন্দ্ৰ মীনা নামৰ ছাত্ৰজনৰ পিতৃয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল । তেওঁ কৈছিল যে ৰাজেন্দ্ৰই তেওঁক ম’বাইলত এটা মেছেজ দিছিল, য'ত তেওঁ ঘৰ এৰি গৈছে আৰু আগলৈ অধ্যয়ন নকৰে বুলি উল্লেখ কৰিছিল । ৫ বছৰৰ পিচতহে তেওঁ ঘৰলৈ উভতিব বুলি পিতৃলৈ দিয়া মেছেজটোত লিখিছিল ।

আনহাতে, তেওঁৰ ওচৰত সকলোৰে ফোন নম্বৰ আছে আৰু প্ৰয়োজন হ'লে তেওঁ ফোন কৰিব । পিতৃক তেওঁ বছৰত এবাৰ ফোন কৰিব বুলিও উল্লেখ কৰিছিল । ইয়াৰ পিচতে গোটেই পৰিয়ালটো চিন্তিত হৈ পৰিছিল । পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপি পুত্ৰৰ সন্ধানৰ বাবে সহায় বিচাৰিছিল । অৱশেষত আৰক্ষীয়ে গোৱাৰ পৰা তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে জনোৱা মতে ছাত্ৰজনে ছিম কাৰ্ডখন নষ্ট কৰি ফোনটো বিক্ৰী কৰি দিছিল । ম’বাইল ফোন বিক্ৰী কৰি পোৱা টকাৰে ছাত্ৰজনে ঘূৰি ফুৰিছিল । পিতৃয়ে চি চি টি ভি ফুটেজৰ পৰা তেওঁক চিনাক্ত কৰিছিল । তাৰপিচত আৰক্ষীয়ে কেইবাঘণ্টা ধৰি চি চি টি ভি ফুটেজবোৰ পৰীক্ষা কৰিছিল । অৱশেষত তেওঁক গোৱাৰ এটা ৰে'ল ষ্টেচনত দেখা গৈছিল । ছাত্ৰজনে নিশা ৰে'ল ষ্টেচনত শুই আছিল । তাৰ পিচত দিনটো ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছিল ।

লগতে পঢ়ক :মেডিকেল প্ৰৱেশ পৰীক্ষালৈ পাঁচ দিন থাকোতেই আত্মহনন ছাত্ৰৰ - Suicide In Kota

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.