ETV Bharat / bharat

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ এককালীন সাহায্য, এন আই এৰ তদন্ত - JK militant attack on bus case

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 4:31 PM IST

NIA to Probe Terror Attack on Bus : ৰিয়াছিৰ পোনি অঞ্চলৰ তেৰিয়াথ গাঁৱৰ ওচৰত সংঘটিত তীৰ্থযাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত দুটি শিশুসহ কমেও নগৰাকী তীৰ্থযাত্ৰী নিহত হয় । লগতে আন কেইবাজনো লোক আহত হয় । এখন বাছত সন্ত্ৰাসবাদী আক্ৰমণৰ এই ঘটনাৰ তদন্তৰ বাবে এন আই এৰ এটা দল ৰিয়াছিত উপস্থিত হৈছে । আনহাতে, নিহত তীৰ্থযাত্ৰীসকলৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ অনুদান ঘোষণা কৰিছে লেফটেনেণ্ট জেনেৰেল মনোজ সিনহাই ।

NIA to Probe Terror Attack on Bus
আক্ৰমণৰ ঘটনাৰ পিচত নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান (PTI Photo)

নিউজ ডেস্ক, ১০ জুন : জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এখন বাছত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্ত কৰিবলৈ এন আই এৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে । উল্লেখ্য় যে এই ঘটনাত নজন তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয় । ইফালে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ নেতৃত্বত জম্মু-কাশ্মীৰ প্ৰশাসনে নিহত তীৰ্থযাত্ৰীসকলৰ নিকটাত্মীয়ক ১০ লাখ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ অনুদান প্ৰদানৰ কথা ঘোষণা কৰিছে ।

উল্লেখ্য যে, শিৱ খোৰী মন্দিৰৰ পৰা কাটৰালৈ যোৱাৰ পথত তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া এখন বাছত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । গুলীচালনাৰ পিচতে বাছখন ৰাস্তাৰ পৰা পিচলি গৈ দ খাৱৈত বাগৰি পৰে । দেওবাৰে সন্ধিয়া প্ৰায় ৬.১৫ বজাত ৰিয়াছিৰ পোনি অঞ্চলৰ তেৰিয়াথ গাঁৱৰ ওচৰত এই ঘটনাটো সংঘটিত হয় ।

"এন আই এৰ এটা দল জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত উপস্থিত হৈছে আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্ত কৰি থকা স্থানীয় আৰক্ষীৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে ।" চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি পিটিআয়ে সোমবাৰে এই কথা কয় । আনহাতে, সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিচত নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে আৰু আক্ৰমণৰ ঘটনাটোত জড়ি সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰে ।

"ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা তীৰ্থযাত্ৰীসকলৰ নিকটাত্মীয়ক ১০ লাখ টকাকৈ অনুদান প্ৰদান কৰা হ'ব । আহতসকলক 50 হাজাৰ টকাকৈ দিয়া হ'ব । আঘাতপ্ৰাপ্ত তীৰ্থযাত্ৰীসকলক জম্মু আৰু ৰিয়াছিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ।" জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট জেনেৰেলে এক্সৰ এটা পোষ্টত কয় ।

"জিলা প্ৰশাসনে সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ এটা নিয়ন্ত্ৰণ কক্ষ সৃষ্টি কৰিছে । জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু চি আৰ পি এফে এক যুটীয়া নিৰাপত্তা বাহিনীৰ অস্থায়ী মুখ্য কাৰ্যালয় উক্ত স্থানত স্থাপন কৰিছে । লগতে ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত অপৰাধীৰ সন্ধানত অভিযান চলি আছে ।" তেওঁ আন এটা পোষ্টত কয় ।

উল্লেখ্য যে ৰিয়াছি বাছ আক্ৰমণত দুইৰ পৰা তিনিজনীয়া সন্ত্ৰাসবাদীৰ এটা দল জড়িত থকা বুলি অনুমান কৰা হৈছে । এই সন্ত্ৰাসবাদী দলটো যোৱা মাহত ৰাজৌৰী আৰু পুঞ্চত চলোৱা আন এক আক্ৰমণৰ ঘটনাত জড়িত বুলিও অনুমান কৰা হৈছে । সন্ত্ৰাসবাদীয়ে ঘন অৰণ্যৰ আঁৰ লৈ দেওবাৰে বাছখনৰ ওপৰত আক্ৰমণ কৰিছিল ।

লগতে পঢ়ক :তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত সন্ত্ৰাসবাদীৰ গুলীচালনা: 9 জন নিহত, 33 জন আহত - Terrorists Attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.