বকো, 12 এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যস্ততা বাঢ়িছে দেশৰ প্ৰতিটো ৰাজনৈতিক দল তথা নেতাৰ ৷ বিভিন্ন স্থানত নেতাসকলে দলীয় প্ৰচাৰ অভিযান তুংগত কৰি তোলা পৰিলক্ষিত হৈছে ৷ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে বকোত উপস্থিত হয় চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ।
অসম-মেঘালয় সীমান্তৱৰ্তী হাহিম বকো আঠিয়াবাৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেশ্যনেল পিপুলছ পাৰ্টীৰ (এন পি পি) সভাপতি কনৰাড চাংমা । মেঘালয়ৰ শ্বিলং লোকসভা সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী ড৹ আম্পাৰীন লিংডোৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্যে যে, নিৰ্বাচনী সভাত মেঘালয়ৰ ট্ৰাইবেল চেফ খ্যাত তথা ইণ্ডিয়ান মাষ্টৰচেফত 1 ম ৰাণাৰ্চ আপ নাম্বি জেচিকা মাৰাকে এন পি পি দলত যোগদান কৰে । সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এন পি পি দলক বৰ্তমান মেঘালয় ৰাজ্যত শক্তিশালী ৰূপত থকা বুলি উল্লেখ কৰি কয়, " নিৰ্বাচন যথেষ্ট জটিল ৷ আমি আত্মবিশ্বাসী হ’লেই নহ’ব ৷ কাম আমি কৰিব লাগিব ৷"
সমাগত লোকসভা নিৰ্বাচনৰ বাবে 15 মাৰ্চৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল মেঘালয়ৰ শাসকীয় দল এন পি পিয়ে । 15 মাৰ্চৰ উক্ত সভাত উপস্থিত থাকে তুৰা লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাৰ্থী আগাথা চাংমা তথা শ্বিলং লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰা মেঘালয়ৰ মন্ত্ৰী ড৹ আম্পাৰীন লিংডোৰ লগতে মেঘালয়ৰ দুয়োগৰাকী উপ-মুখ্যমন্ত্ৰীৰ লগতে এন পি পি দলৰ বহুকেইগৰাকী নেতা-কৰ্মী ৷
উক্ত সভাত মেঘালয়ৰ গাৰো পাহাৰৰ বিভিন্ন অঞ্চলৰ জনতাই অংশগ্ৰহণ কৰিছিল ৷
লগতে পঢ়ক: এন পি পি দলে বজালে লোকসভা নিৰ্বাচনৰ ৰণশিঙা