ETV Bharat / bharat

পৰপত্নীৰে সম্পৰ্ক ! ২১ বছৰীয়া যুৱকক মৰিয়াই মৰিয়াই হত্যা - DELHI SHASTRI PARK MURDER

এক চাঞ্চল্যকৰ ঘটনা ৷ অবৈধ সম্পৰ্কৰ বাবেই সংঘটিত এই হত্যাকাণ্ড ! অভিযুক্তই আৰক্ষীৰ আগত স্বীকাৰ কৰিলে অপৰাধৰ কথা ৷

SHASTRI PARK MURDER
২১ বছৰীয়া যুৱকক মৰিয়াই মৰিয়াই হত্যা (ANI)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

নতুন দিল্লী : মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল এজন যুৱকক ৷ মৃত যুৱকজনৰ বয়স মাত্ৰ ২১ বছৰ ৷ এই ঘটনাটো সংঘটিত হৈছে দিল্লীৰ শাস্ত্ৰী পাৰ্ক অঞ্চলত ৷ মৃত যুৱকজন শাস্ত্ৰী পাৰ্কৰে এজন ২১ বছৰীয়া বাসিন্দা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।

জানিব পৰা মতে, ২১ বছৰীয়া যুৱকজনক আন এজন ব্য়ক্তিয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহে ৷ মৃত যুৱকজনৰ সৈতে প্ৰহাৰ কৰা ব্যক্তিগৰাকীৰ পত্নীৰ অবৈধ সম্বন্ধ আছিল ৷ সোমবাৰে অপাত্তিজনক অৱস্থাত দুয়োকে দেখা পাইছিল প্ৰহাৰ কৰা ব্যক্তিজনে ৷ ফলত ক্ষুব্ধ হৈ অভিযুক্ত স্বামীয়ে যুৱকজন আৰু তেওঁৰ পত্নীক বেয়াকৈ প্ৰহাৰ কৰে ।

তাৰ পাছত গুৰুতৰভাৱে আহত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু চিকিৎসা চলি থকাৰ সময়ত যুৱকজনৰ মৃত্যু হয় । ইতিমধ্যে আৰক্ষীয়ে এই গোচৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ।

সোমবাৰে পুৱা সংঘটিত হয় এই ঘটনা

ডি চি পি ৰাকেশ পাৱৰিয়াই জনোৱা মতে, সোমবাৰে বিয়লি শাস্ত্ৰী পাৰ্ক আৰক্ষী থানাই এই আক্ৰমণ সন্দৰ্ভত তথ্য লাভ কৰে । তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দলটো সেই স্থানত উপস্থিত হয় । তেতিয়ালৈকে আহত যুৱকজনক পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰায় ৷

ইয়াৰ পাছতে আৰক্ষীৰ দলটো চিকিৎসালয়ত উপস্থিত হয় ৷ আহত যুৱকজনৰ অৱস্থা অৱনতি ঘটাত তেওঁক জি টি বি হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

নিশা ৯ বজাত মৃত্যু হয় ব্যক্তিজনৰ

হত্যাৰ চেষ্টাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ ইফালে সোমবাৰে নিশা ৯ বজাত জি টি বি হাস্পতালত চিকিৎসাৰ সময়ত যুৱকজনৰ মৃত্যু হয় । তাৰ পাছতে আৰক্ষীয়ে তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ডি চি পিয়ে জনোৱা মতে, তদন্তত জানিব পৰা গৈছে যে ভুক্তভোগীৰ ঘৰৰ ওচৰতে বাস কৰা আজমত নামৰ লোকজনে যুৱকজনক আক্ৰমণ কৰিছিল । যাৰ বাবে তেওঁৰ মৃত্যু হয় । আজমতক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ সময়ত তেওঁ কয় যে সোমবাৰে পুৱা ৯ বজাত যেতিয়া তেওঁ কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহিছিল তেতিয়া তেওঁৰ পত্নীক যুৱকজনৰ সৈতে আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰিছিল । তাৰ পাছতে তেওঁ খঙত একো নাই হৈ যুৱকজনৰ লগতে পত্নীকো প্ৰহাৰ কৰে ।

ডি চি পিয়ে কয় যে তদন্তত যুৱকজন অভিযুক্তৰ পত্নীৰ সৈতে কেইমাহমান ধৰি অবৈধ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে । আজমতৰ অনুপস্থিতিত তেওঁ প্ৰায়ে পত্নীক লগ ধৰিছিল । অৱশ্যে অধিক তদন্ত চলাই আছে আৰক্ষীয়ে ।

লগতে পঢ়ক : ন্য়ূনতম ২০ টকাতেই সম্পন্ন হয় এখন বিবাহ; ক’ত কেনেকৈ হয় এই বিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.