ETV Bharat / bharat

সোমেশ্বৰৰ বনাঞ্চলত বনজুই; নিহত 2 শ্ৰমিক - Uttarakhand Forest Fire - UTTARAKHAND FOREST FIRE

Forest fire becomes deadly in Almora : উত্তৰাখণ্ডত বনজুই । আলমোৰা জিলাৰ সোমেশ্বৰৰ বনাঞ্চলত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত দুজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে অগ্নিদগ্ধ আন দুই শ্ৰমিক । প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে হালদ্বাণীলৈ প্ৰেৰণ কৰা হৈছে আহত দুই শ্ৰমিকক ।

সোমেশ্বৰৰ বনাঞ্চলত বনজুই; নিহত 2 শ্ৰমিক
সোমেশ্বৰৰ বনাঞ্চলত বনজুই; নিহত 2 শ্ৰমিক (ETV Bharat Uttarakhand Team)
author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 9:42 AM IST

নেশ্যনেল ডেস্ক, 3 মে’ : উত্তৰাখণ্ডৰ সোমেশ্বৰ বিধানসভাৰ অন্তৰ্গত সুনৰাকোটৰ বনাঞ্চলত সংঘটিত হয় এক ব্যাপক অগ্নিকাণ্ডৰ ঘটনা । প্ৰচণ্ড বতাহৰ বাবেই বৃহস্পতিবাৰে বনজুইয়ে তীব্ৰ ৰূপ ধাৰণ কৰে । এই বনজুয়ে ক্ৰমাৎ গাঁৱৰ সীমান্তৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰে । ইফালে এই বনজুইৰ ফলত হাবিত কাম কৰি থকা চাৰিজন শ্ৰমিক জুইৰ শিখাৰ মাজত আবদ্ধ হৈ পৰে ।

এই জুই নুমুৱাবলৈ যাওঁতেই এজন শ্ৰমিকৰ থিতাতে মৃত্যু হয় আৰু গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আন তিনিজন শ্ৰমিক । আটাইকেইজন শ্ৰমিকসকলকে চিকিৎসাৰ বাবে আলমোৰা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, আলমোৰা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় আন এজন শ্ৰমিকৰ ।

বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে বিখ্যাত কবি সুমিতানন্দ পন্তৰ জন্ম গাঁও ছেউনৰাকটৰ অৰণ্যত হঠাতে অগ্নিকাণ্ড ঘটনা সংঘটিত হয় । কিছু সময়ৰ ভিতৰতে এই জুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে । বনজুইৰ এই কাণ্ডৰ সময়তে বনাঞ্চলত কাম কৰা চাৰিজন নেপালী শ্ৰমিক জুইৰ শিখাৰ মাজত আবদ্ধ হৈ পৰে । চাৰিওজন শ্ৰমিকে জুই নুমুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰে যদিও সফল নহ’ল তেওঁলোক ৷ এই বনজুইৰ ফলত দীপক বাহাদুৰ নামৰ এজন নেপালী শ্ৰমিকৰ মৃত্যু হয় । ইফালে আন তিনিজন শ্ৰমিক জ্ঞানেশ, তৰা আৰু পূজা পোৰাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

Uttarakhand Forest Fire
সোমেশ্বৰৰ বনাঞ্চলত বনজুই; নিহত 2 শ্ৰমিক (ETV Bharat Uttarakhand Team)

এই কথা গম পাই গাঁওবাসীয়ে আহতসকলক খৰখেদাকৈ হাবিৰ পৰা উলিয়াই আনে । ঘটনাস্থলীত উপস্থিত থকা শ্ৰমিকসকলৰ ঠিকাদাৰ তথা প্ৰাক্তন মুৰব্বী ৰমেশ ভাকুনীয়ে জনোৱা মতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে জৰুৰীকালীন সেৱাৰ ১০৮ এম্বুলেন্সক খবৰ দিয়া হৈছে । কিন্তু চাৰি ঘণ্টাৰ উকলি যোৱাৰ পাচতো এম্বুলেন্স সেই স্থানত উপস্থিত নহ’ল । যাৰ বাবে আহতসকলক স্থানীয় বাহনতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

বেছ হাস্পতালৰ চিএমএছ ডাঃ অশোকে জানিবলৈ দিয়া মতে, এই অগ্নিকাণ্ডত আহত তিনিজন লোকক চিকিৎসালয়লৈ অনা হয় । আহতসকলৰ ৯০ শতাংশতকৈয়ো অধিক অংশ জুইত পোৰা গৈছে ৷

আনহাতে, চিকিৎসালয়ত উপস্থিত হৈ আৰক্ষীৰ এছ আই কৃষ্ণ কুমাৰে জনোৱা মতে, ঘাটি চিকিৎসালয়ৰ পৰা লাভ কৰা তথ্য মতে তিনিজন লোকক জ্বলি যোৱা অৱস্থাত চিকিৎসালয়লৈ অনা হয় ।

তথ্য লাভ কৰা মতে, এই বন জুইত চাৰিজন আৱদ্ধ হৈ পৰে ৷ ইয়াৰে এজন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত মৃত্যু ঘটে আন এজনৰ ৷ বৰ্তমানো ঘাটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বাকী কেইজন শ্ৰমিক ।

লগতে পঢ়ক : অচিৰে আৰম্ভ হ’ব চাৰধাম যাত্ৰা : কি কি নিৰ্দেশনা জাৰি কৰিলে পৰিবহণ বিভাগে - uttarakhand Chardham Yatra

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.