ETV Bharat / bharat

ৱায়নাড়ৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চলত চৰকাৰৰ পাঁচজনীয়া বিশেষজ্ঞৰ দল - Wayanad Landslides

author img

By ANI

Published : Aug 13, 2024, 8:59 AM IST

Wayanad Landslides: জ্যেষ্ঠ বিজ্ঞানী জন মাথাইৰ নেতৃত্বত ৫ জনীয়া বিশেষজ্ঞৰ এটা দলটোৱে পীড়িত অঞ্চল পৰিদৰ্শন কৰিব । ভূমিস্খলনৰ কাৰণ আৰু সম্পূৰ্ণ পৰিস্থিতি পৰ্যালোচনা কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰিব । স্বাস্থ্য বিভাগেও ৱায়নাড়ৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত পৰিয়ালবোৰৰ বাবে স্বাস্থ্য সেৱাকে ধৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

Wayanad Landslides
ৱায়নাড়লৈ ৰাওনা চৰকাৰৰ বিশেষজ্ঞ দল (ANI)

নেশ্যনেল ডেস্ক, ১৩ আগষ্ট : ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দ্বাৰা নিযুক্ত ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী জন মাথাইৰ নেতৃত্বত ৫ জনীয়া বিশেষজ্ঞৰ এটা দলে মঙলবাৰে ৱায়নাড়ৰ মেপ্পাডি পঞ্চায়তৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব । দলটোৱে দুৰ্যোগ ক্ষেত্ৰ আৰু সম্পৰ্কিত এলেকাৰ বিভিন্ন অংশত বিপদাশংকাৰ মূল্যাংকন কৰিব । দলটোৱে পৰীক্ষা কৰিব কেনেকৈ দুৰ্যোগটো আহিছিল আৰু ভূমিস্খলনত কি পৰিঘটনা ঘটিছিল । বিশেষজ্ঞৰ পৰীক্ষাৰ অন্তত এখন প্ৰতিবেদন চৰকাৰক দাখিল কৰা হ'ব ।

কি কৰিব বিশেষজ্ঞৰ দলে ?

বিশেষজ্ঞৰ দলটোৱে অঞ্চলটোৰ বাবে উপযুক্ত ভূমিৰ ব্যৱহাৰৰ পৰামৰ্শ দিব । দলটোৱে ২০০৫ চনৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আইন ২৪(এইচ)ৰ অধীনত কাম কৰিব । জল সম্পৰ্কীয় দুৰ্যোগ ব্যৱস্থাপনাত উৎকৃষ্টতা কেন্দ্ৰ (চি ডব্লিউ আৰ এম) প্ৰধান বিজ্ঞানী আৰু মুৰব্বী ড৹ টি কে দ্ৰিশী, চুৰাটকাল এন আই টিৰ সহযোগী অধ্যাপক ড৹ শ্বিলভা কোলাথায়াৰ, জিলা ভূমি সংৰক্ষণ বিষয়া তাৰা মনোহৰণ আৰু কেৰালা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিপদ আৰু বিপদাশংকা বিশ্লেষক পি প্ৰদীপো এই বিশেষজ্ঞ দলত আছে ।

তৎপৰ স্বাস্থ্য বিভাগ:

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে অঞ্চলটোত সেৱা আগবঢ়োৱাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ পৰা অধিক মনোৰোগ বিশেষজ্ঞ চিকিৎসকক নিযুক্তি দিবলৈ নিৰ্দেশ দিছে । শিশুকে ধৰি লোকসকলৰ মানসিক স্বাস্থ্য নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে । ব্যক্তিগত আৰু গ্ৰুপ পৰ্যায়ত পৰামৰ্শ প্ৰদান কৰা হ'ব । সোমবাৰে ১০০ জনীয়া মানসিক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলে ১৩ টা শিবিৰ পৰিদৰ্শন কৰে । য'ত ২২২ গৰাকী লোকক সমূহীয়া পৰামৰ্শ আৰু ৩৮৬ গৰাকী লোকক মনো-সামাজিক পৰামৰ্শ আৰু ১৮ গৰাকী লোকক ফাৰ্মাক’থেৰাপী দিয়া হয় ।

সংক্ৰামক ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা:

স্বাস্থ্য বিভাগৰ স্বাস্থ্য দলে এতিয়ালৈকে ১৫৯২ টা ঘৰ পৰিদৰ্শন কৰিছে আৰু স্বাস্থ্য সেৱা নিশ্চিত কৰিছে । সোমবাৰে স্বাস্থ্যকৰ্মীৰ ১২ টা দলে ২৭৪ টা ঘৰলৈ যায় । সংক্ৰামক ৰোগ প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বলৈও স্বাস্থ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিছে । এইক্ষেত্ৰত সংক্ৰমণ নিয়ন্ত্ৰণ প্ৰট'কল মুখ্যতঃ অনুসৰণ কৰা হ'ব । একেদৰে স্বাস্থ্য, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিষয়াসকলে শিবিৰসমূহ পৰিদৰ্শন কৰিব আৰু পৰিস্থিতি মূল্যায়ন কৰিব । একেদৰে বিভিন্ন অঞ্চলত আয়ুষ সেৱাও প্ৰদান কৰা হৈছে । এতিয়ালৈকৈ মৃতদেহ চিনাক্তকৰণৰ বাবে ৯১ টা ডি এন এ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :ৱায়ানাডত উপস্থিত হৈ দুৰ্গতসকলক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ - Landslides in Wayanad

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.