ETV Bharat / bharat

পুনৰ বৃদ্ধি ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ - Hemant Soren arrested by ED - HEMANT SOREN ARRESTED BY ED

Hemant Soren arrested by ED: বৃদ্ধি কৰা হৈছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ ৷ 4 এপ্ৰিললৈ বৃদ্ধি কৰা হ’ল এই সময়সীমা ৷

Judicial Custody of Hemant Soren extended till April 4 in money laundering case
পুনৰ বৃদ্ধি ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ
author img

By ANI

Published : Mar 22, 2024, 10:04 AM IST

নেশ্যনেল ডেস্ক, 22 মাৰ্চ: বৃহস্পতিবাৰে ৰাঁচীৰ বিশেষ পিএমএলএ আদালতে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ন্যায়িক জিম্মাৰ সময় 4 এপ্ৰিললৈ বৃদ্ধি কৰে । 21 মাৰ্চলৈকে ন্যায়িক জিম্মাত থকা ছোৰেনক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হয় ।

যোৱা সপ্তাহত ৰাঁচী আৰক্ষীয়ে ইডিৰ বিষয়াসকললৈ এক জাননী জাৰি কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত দাখিল কৰা এজাহাৰৰ সন্দৰ্ভত মাৰ্চ মাহৰ তৃতীয় সপ্তাহত হ’বলগীয়া তদন্তৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ কয় ।

ৰাঁচীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "এখন জাননী প্ৰেৰণ কৰা হৈছে । তদন্তকাৰী বিষয়াই (আই অ') অধিক সবিশেষ দিব পাৰিব । বৰ্তমান তেওঁ কিছুমান গোচৰৰ বাবে ষ্টেচনৰ বাহিৰত আছে ।"

এই এফআইআৰখনৰ বিৰুদ্ধে ইডিয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । ছোৰেনে তেওঁৰ এজাহাৰত অভিযোগ কৰিছিল যে 29 জানুৱাৰীত ইডিয়ে তেওঁৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ দিল্লীৰ শান্তি নিকেতন আৰু ঝাৰখণ্ডত থকা তেওঁৰ বাসগৃহত তালাচী চলাইছিল ।

ইডিৰ বিষয়াসকলে তেওঁক জনজাতীয় বুলি হাৰাশাস্তি কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বদনাম অনাৰো অভিযোগো উত্থাপন কৰে । এই অভিযোগৰ আধাৰত ঝাৰখণ্ড আৰক্ষীয়ে 31 জানুৱাৰীত এছ টি-এছ চি (পি এ) আইনৰ ধাৰা 3(1) (পি) (আৰ)(এছ) (ইউ)ৰ অধীনত গোচৰ পঞ্জীয়ন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

29 ফেব্ৰুৱাৰীত ঝাৰখণ্ড বিধানসভাৰ বাজেট অধিৱেশনত অংশগ্ৰহণৰ অনুমতি বিচাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে জনোৱা আবেদন খাৰিজ কৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে । যোৱা 22 ফেব্ৰুৱাৰীত ৰাঁচীৰ বিশেষ পিএমএলএ আদালতে তেওঁৰ আবেদন খাৰিজ কৰাৰ পিছতে ছোৰেন উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ।

যোৱা 31 জানুৱাৰীত বলবৎকাৰী সঞ্চালকালয় (ইডি)ৰ অধীনত ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত ভূমি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ছোৰেনক । ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত ভূমি কেলেংকাৰীৰ অভিযোগত বলবৎকাৰী সঞ্চালকালয়ে জেৰা কৰাৰ পিছতে ছোৰেনে মুখ্যমন্ত্ৰী পদৰ পৰা ঝাৰখণ্ডৰ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰে ।

ইয়াৰ পূৰ্বে ইডিয়ে জেএমএমৰ মুৰব্বীগৰাকীৰ পৰা 36 লাখ টকাৰো অধিক নগদ ধন উদ্ধাৰ কৰাৰ লগতে প্ৰৱঞ্চনামূলকভাবে মাটি অধিগ্ৰহণৰ অভিযোগৰ তদন্তৰ সৈতে জড়িত নথি-পত্ৰও উদ্ধাৰ কৰা হৈছে বুলি দাবী কৰিছিল ।

লগতে পঢ়ক: ইডিৰ জিম্মাৰ পৰা ওলাব পৰা নাই হেমন্ত ছোৰেন; তিনি দিনলৈ ম্যাদ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.