ETV Bharat / bharat

ভাৰত-পোলেণ্ড সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীতকৰণ - PM Modi Poland visit

author img

By ANI

Published : Aug 23, 2024, 9:00 AM IST

India Poland Strategic Partnership : "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডলৈ কৰা তেওঁৰ চৰকাৰী ভ্ৰমণ সম্পূৰ্ণ কৰিছে । তেওঁ পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড'নাল্ড টাস্কৰ আমন্ত্ৰণত দেশখন ভ্ৰমণ কৰে । এই ভ্ৰমণ ঐতিহাসিক আৰু অতি সফল হৈছে । ভাৰত আৰু পোলেণ্ডে দুয়োখন দেশৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয় ।" বৈদেশিক মন্ত্ৰণালয়ে কয় ।

India Poland Strategic Partnership
ভাৰত-পোলেণ্ড সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীতকৰণ (ANI Photo)

নিউজ ডেস্ক, ২৩ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউক্ৰেইন ভ্ৰমণৰ সময়ত ভাৰত আৰু পোলেণ্ডে দুয়োখন দেশৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয় । লগতে মুক্ত, স্বাধীন আৰু নিয়ম-ভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰে ।

আনহাতে, নেতা দুগৰাকীয়ে ইউক্ৰেইন সংঘৰ্ষৰ 'ভয়ানক আৰু কৰুণ মানৱীয় পৰিণাম'ৰ ওপৰত 'গভীৰ উদ্বেগ' প্ৰকাশ কৰে । লগতে ইয়াৰ বাবে এক ব্যাপক, ন্যায়সঙ্গত আৰু স্থায়ী শান্তিৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে ।

উল্লেখ্য যে বিগত ৪৫ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এইটো হৈছে প্ৰথম পোলেণ্ড ভ্ৰমণ । ইফালে এই ভ্ৰমণটো দুয়োখন ৰাষ্ট্ৰৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭০ সংখ্যক বাৰ্ষিকী উদযাপনৰ সময়ত হৈছে । প্ৰধানমন্ত্ৰী মোদী আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড'নাল্ড টাস্কে তেওঁলোকৰ মাজত অনুষ্ঠিত বৈঠকত শান্তি আৰু নিয়ম-ভিত্তিক আন্তঃৰাষ্ট্ৰীয় শৃংখলা বজাই ৰখাৰ বাবে দুয়ো দেশৰ পাৰস্পৰিক প্ৰতিশ্ৰুতিও প্ৰদান কৰে ।

ইয়াৰ উপৰি দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় নিয়মক সন্মানৰ হকে মাত মাতিবলৈ আৰু এক স্থিৰ আৰু সুৰক্ষিত গোলকীয় পৰিৱেশৰ প্ৰচাৰত একেলগে কাম কৰিবলৈ বহুপাক্ষিক মঞ্চৰ ভিতৰত থাকি সহযোগিতা শক্তিশালী কৰিবলৈও সন্মত হয় ।

উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীৰ পোলেণ্ড ভ্ৰমণক 'ঐতিহাসিক আৰু অতি সফল' বুলি অভিহিত কৰে । লগতে দুয়োখন ৰাষ্ট্ৰই দেশ দুখনৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা বুলি গুৰুত্ব আৰোপ কৰে ।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডলৈ কৰা তেওঁৰ চৰকাৰী ভ্ৰমণ সম্পূৰ্ণ কৰিছে । তেওঁ পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড'নাল্ড টাস্কৰ আমন্ত্ৰণত দেশখন ভ্ৰমণ কৰে । এই ভ্ৰমণ ঐতিহাসিক আৰু অতি সফল হৈছে । এইকাৰণেই ঐতিহাসিক, যিহেতু ৪৫ বছৰৰ পিছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে পোলেণ্ড ভ্ৰমণ কৰে আৰু এই বছৰ দুয়ো দেশৰ মাজক কূটনৈতিক সম্পৰ্ক স্থাপনৰো ৭০ সংখ্যক বাৰ্ষিকী উদযাপন কৰিছে ।" বৃহস্পতিবাৰে এক সংবাদমেলত বৈদেশিক মন্ত্ৰণালয়ৰ পশ্চিমীয়া দেশৰ সচিব তন্ময় লালে কয় ।

"এই ভ্ৰমণৰ এটা মুখ্য দিশ হৈছে যে দুয়োখন দেশে তেওঁলোকৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে । এই বিষয়ত এক যুটীয়া বিবৃতি প্ৰকাশ কৰা হৈছে আৰু এক কাৰ্যপৰিকল্পনা চূড়ান্ত কৰা হৈছে । আনহাতে, এনে একাধিক দিশ আছে য'ত দুয়োখন দেশে আৰু অধিক সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে... এই অঞ্চলটোত পোলেণ্ড ভাৰতৰ বাবে এক অতি গুৰুত্বপূৰ্ণ অংশীদাৰ ।" তেওঁ লগতে কয় ।

আনহাতে, পোলেণ্ডে অহা বছৰ ইউৰোপীয় ইউনিয়ন পৰিষদৰ সভাপতিত্ব গ্ৰহণ কৰিব বুলি উল্লেখ কৰি বৈদেশিক মন্ত্ৰণালয়ে কয় যে দুয়োখন ৰাষ্ট্ৰই ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি (Free Trade Agreement, FTA) চূড়ান্ত কৰাৰ ক্ষেত্ৰত আলোচনা কৰি আছে ।

লগতে পঢ়ক :সামজিক সুৰক্ষা চুক্তিত সন্মত ভাৰত আৰু পোলেণ্ড - PM Modi in Poland
লগতে পঢ়ক :ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে শান্তিৰ বাৰ্তা মোদীৰ: ভাৰতে স্থায়ী শান্তিৰ পোষকতা কৰে, আলোচনা-কূটনীতিত বিশ্বাস কৰে - PM Modi Ukraine visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.