নিউজ ডেস্ক, ৪ মে' : নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলে হাড়ভঙা পৰিশ্ৰম কৰি নিৰ্বাচনত জয়ৰ বাবে প্ৰচাৰ চলোৱা দেখা যায় । আনহাতে, ভোটাৰক আকৃষ্ট কৰিবলৈ বিভিন্ন নেতাই বিভিন্ন পন্থা অৱলম্বন কৰাও দেখা যায় । তাৰে মাজত আকৌ কোনো নেতাই এনে কিবা এটা কৰে যাৰ দ্বাৰা তেওঁ চৰ্চাৰ কেন্দ্ৰত থাকে ।
- " class="align-text-top noRightClick twitterSection" data="">
আপুনি নিশ্চয় নিৰ্বাচনৰ সময়ত মনোনয়ন দাখিল কৰিবলৈ প্ৰাৰ্থীসকলক তেওঁলোকৰ সমৰ্থকৰ সৈতে ৰেলী উলিয়াই যোৱা দেখিছে । কিন্তু বিহাৰৰ গোপালগঞ্জত এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ সময়ত এক অদ্ভূত পন্থা অৱলম্বন কৰে । প্ৰাৰ্থীগৰাকীয়ে এটা গাধৰ পিঠিত উঠি মনোনয়ন দাখিল কৰিবলৈ যায় । সমষ্টিটোৰ লোকসভা নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী সত্যেন্দ্ৰ বৈথাই গাধৰ পিঠিত উঠি ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় । আনহাতে, প্ৰাৰ্থীজনক গাধৰ পিঠিত উঠি যোৱা চাবলৈ মানুহৰ যথেষ্ট ভিৰ হয় । লগতে তেওঁৰ সৈতে মোবাইলত ফটো উঠিবলৈও হেতাওপৰা লগায় ।
বৰ্তমান লোকসভা নিৰ্বাচনৰ কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে । পৰৱৰ্তী পৰ্যায়ৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ২৯ এপ্ৰিলৰ পৰা চলি আছে । একে সময়তে নেতাসকলে তেওঁলোকৰ মনোনয়ন দাখিল কাৰ্য স্মৰণীয় কৰি তুলিবলৈ বিভিন্ন ধৰণৰ কৌশল গ্ৰহণ কৰি আছে । শুকুৰবাৰে গোপালগঞ্জৰ পৰাও এক অদ্ভুত দৃশ্য পোহৰলৈ আহে । নিৰ্দলীয় প্ৰাৰ্থী সত্যেন্দ্ৰ বৈথাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গাধৰ পিঠিত উঠি জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ।
আনহাতে, নিজৰ এই কাৰ্যৰ ব্যাখ্যা কৰি নিৰ্দলীয় প্ৰাৰ্থী সত্যেন্দ্ৰ বৈথাই কয় যে তেওঁ গাধৰ পিঠিত উঠি মনোনয়ন দাখিল কৰিবলৈ অহাৰ কাৰণ হৈছে সমষ্টিটোত কোনো নেতাই ৩০-৪০ বছৰত কোনো ধৰণৰ উন্নয়ন কৰা নাই । কিন্তু ইয়াৰ বিপৰীতে নিজৰ ঘৰৰহে বিকাশ কৰিছে । ৰাজনীতিবিদসকলে ভাবে যে মানুহবোৰ মূৰ্খ আৰু গাধ । সেয়েহে তেওঁ এটা গাধৰ সৈতে গৈছ, যাতে নেতাসকলে বুজি পায় যে ৰাইজ মূৰ্খও নহয় বা গাধও নহয়, জ্ঞানী ।
নিৰ্দলীয় প্ৰাৰ্থী সত্যেন্দ্ৰ বৈথাই মনোনয়ন দাখিল কৰিবলৈ এটা গাধৰ পিঠিত উঠি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱা দেখি তেওঁৰ সৈতে চেলফি তুলিবলৈ মানুহে ভিৰ কৰে ।
লগতে পঢ়ক :কপালত নাছিল কোকৰাঝাৰ সেয়েহে নৱ শৰণীয়াই বাছি ল’লে বিহাৰ - Naba Sarania Contest From Bihar
লগতে পঢ়ক :নিৰ্বাচনী প্ৰচাৰ সভাত নেহৰু-গান্ধী পৰিয়ালক তীব্ৰ আক্ৰমণ কংগনাৰ - Lok Sabha Election 2024