ETV Bharat / bharat

IGNOU অনলাইন পাঠ্যক্ৰমত নামভৰ্তিৰ তাৰিখ বৃদ্ধি, কেতিয়ালৈকে কৰিব পাৰিব আবেদন ? - IGNOU

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 3:09 PM IST

IGNOU admission date extended : ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে (IGNOU) পুনৰবাৰ নামভৰ্তিৰ অন্তিম তাৰিখ বৃদ্ধি কৰিছে । বৰ্তমান নামভৰ্তিৰ বাবে আগ্ৰহী শিক্ষাৰ্থীসকলে ২০ ছেপ্টেম্বৰলৈকে অনলাইন পঞ্জীয়ন কৰিব পাৰিব । ইয়াৰ পূৰ্বে নামভৰ্তিৰ অন্তিম তাৰিখ ক্ৰমে 30 জুন, 15 জুলাই, 31 জুলাই, 14 আগষ্ট, 31 আগষ্ট আৰু 10 ছেপ্টেম্বৰলৈ সলনি কৰা হৈছে ।

IGNOU Admission Date Extended
IGNOU অনলাইন পাঠ্যক্ৰমত নামভৰ্তিৰ তাৰিখ বৃদ্ধি (ETV Bharat)

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে (IGNOU) মুক্ত আৰু দূৰ শিক্ষণ (Open and Distance Learning) মোড আৰু অনলাইন মোডৰ জৰিয়তে আগবঢ়োৱা কাৰ্যসূচীৰ বাবে 2024 চনৰ জুলাই ছেছনত নামভৰ্তিৰ অন্তিম তাৰিখ পুনৰ বৃদ্ধি কৰিছে । বৰ্তমান আগ্ৰহী শিক্ষাৰ্থীয়ে ২০ ছেপ্টেম্বৰলৈকে নামভৰ্তি কৰিব পাৰিব ।

স্নাতক, স্নাতকোত্তৰ, ডিপ্ল'মা, পি জি ডিপ্ল'মা শিক্ষাৰ্থীসকলৰ প্ৰতি মনোযোগ

IGNOU-ৰ 2 শতাধিক স্নাতক, স্নাতকোত্তৰ, ডিপ্ল'মা, পি জি ডিপ্ল'মা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলে এতিয়া 20 ছেপ্টেম্বৰলৈকে অনলাইন পঞ্জীয়ন কৰিব পাৰিব । ইয়াৰ পূৰ্বে জুলাই ছেছনত নামভৰ্তিৰ অন্তিম তাৰিখ আছিল 10 ছেপ্টেম্বৰ । IGNOU-এ বুধবাৰে পুৱা ইয়াৰ অফিচিয়েল এক্স হেণ্ডেলত এটা পোষ্ট কৰি সপ্তমবাৰৰ বাবে এই অন্তিম তাৰিখটো সম্প্ৰসাৰিত কৰাৰ বিষয়ে তথ্য প্ৰদান কৰিছে ।

সপ্তমবাৰৰ বাবে নামভৰ্তিৰ অন্তিম তাৰিখ বৃদ্ধি IGNOU-ৰ

শিক্ষাৰ্থীসকলক পুনৰ সুযোগ দিয়াৰ বাবে IGNOU-এ সপ্তমবাৰৰ বাবে নামভৰ্তিৰ অন্তিম তাৰিখ বৃদ্ধি কৰিছে । ইয়াৰ পূৰ্বে অন্তিম তাৰিখবোৰ আছিল ক্ৰমে 30 জুন, 15 জুলাই, 31 জুলাই, 14 আগষ্ট, 31 আগষ্ট আৰু 10 ছেপ্টেম্বৰ । ইয়াৰ লগতে বৰ্তমানৰ শিক্ষাৰ্থীসকলৰ বাবে দ্বিতীয় আৰু তৃতীয় বৰ্ষত নামভৰ্তিৰ বাবে পুনৰ পঞ্জীয়নৰ তাৰিখো 20 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে ।

উল্লেখ্য, ODL পাঠ্যক্ৰমত অধ্যয়নৰ বাবে শিক্ষাৰ্থীসকলৰ ঘৰলৈ অধ্যয়ন সামগ্ৰী IGNOU-ৰ দ্বাৰা প্ৰেৰণ কৰা হয় । লগতে কোনো শিক্ষাৰ্থীক দেওবাৰে সংশ্লিষ্ট অধ্যয়ন কেন্দ্ৰত পাঠগ্ৰহণৰ বিকল্পও দিয়া হয় । আনহাতে, কেৱল অনলাইন পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলেহে IGNOU-ৰ ইউটিউব চেনেল আৰু স্বয়ম প্ৰভা চেনেলৰ জৰিয়তে অধ্যয়ন কৰিব পাৰে । অলাইন পাঠ্যক্ৰমৰ বাবে IGNOU-ৰ দ্বাৰা কোনো অধ্যয়ন সামগ্ৰী প্ৰদান কৰা নহয় ।

অধ্যয়ন সামগ্ৰী অনলাইনত ল'ব লাগিব

শিক্ষাৰ্থীসকলে অধ্যয়নৰ বাবে অধ্যয়ন সামগ্ৰী কেৱল অনলাইনৰ যোগেদিহে লাভ কৰিব পাৰে । আবেদনকাৰীসকলে অনলাইন নামভৰ্তি পৰ্টেল https://ignouadmission.samarth.edu.in/-ৰ জৰিয়তে ODL কাৰ্যসূচীৰ বাবে আবেদন কৰিব পাৰে । অনলাইন মোডৰ জৰিয়তে আগবঢ়োৱা কাৰ্যসূচীৰ বাবে https://ignouiop.samarth.edu.in/ পৰ্টেললৈ গৈ পঞ্জীয়ন কৰিব পাৰে । নতুন আবেদনকাৰীয়ে নতুনকৈ পঞ্জীয়ন কৰিব লাগিব আৰু সকলো প্ৰয়োজনীয় তথ্য প্ৰদান কৰিব লাগিব আৰু নিৰ্ধাৰিত কাৰ্যসূচীটো বাছনি কৰিব লাগিব ।

আবেদন দাখিলৰ পূৰ্বে নিৰ্দেশনাবোৰ ভালদৰে পৰ্যালোচনা কৰাটো গুৰুত্বপূৰ্ণ

আবেদন দাখিল কৰাৰ পূৰ্বে আবেদনকাৰীয়ে নিৰ্দেশনাবোৰ ভালদৰে পৰ্যালোচনা কৰাটো গুৰুত্বপূৰ্ণ । বিশ্ববিদ্যালয়খনে বিভিন্ন শাখাত কাৰ্যসূচী আগবঢ়ায় । কাৰ্যসূচীবোৰৰ ভিতৰত আছে স্নাতকোত্তৰ ডিগ্ৰী, স্নাতক ডিগ্ৰী, পি জি ডিপ্ল'মা আৰু ডিপ্ল'মা, পি জি চাৰ্টিফিকেট আৰু চাৰ্টিফিকেট কাৰ্যসূচী আৰু সজাগতা পৰ্যায়ৰ কাৰ্যসূচী ।

সমৰ্থ পৰ্টেলৰ এই লিংকটোৰ পৰা লাভ কৰিব পাৰে- https://ignouadmission.samarth.edu.in/index.php/site/programmes । অনলাইন মোডৰ জৰিয়তে আগবঢ়োৱা কাৰ্যসূচীসমূহৰ বিৱৰণ এই লিংকত https://ignouiop.samarth.edu.in/index.php/site/programmes চাব পাৰে ।

অধিক তথ্যৰ বাবে যোগাযোগ কৰক- শিক্ষাৰ্থী সেৱা কেন্দ্ৰ: ssc@ignou.ac.in, 011-29572513 আৰু 29572514 নম্বৰত । শিক্ষাৰ্থী পঞ্জীয়ন বিভাগ : csrc@ignou.ac.in, 011-29571301, 29571528 বা বিশ্ববিদ্যালয়ৰ যিকোনো আঞ্চলিক কেন্দ্ৰ/অধ্যয়ন কেন্দ্ৰত ।

লগতে পঢ়ক :আমি ভাৰতক সেউজ হাইড্ৰ'জেন উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰো: নৰেন্দ্ৰ মোদী - Green Hydrogen

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.