ETV Bharat / bharat

স্বামীৰ উত্তৰসূৰীৰূপে ৰাজ্য প্ৰশাসনৰ দায়িত্ব ল’লে পত্নীয়ে - Mr and Mrs Chief Secretary

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 7:23 PM IST

New Chief Secretary: এখন ৰাজ্যৰ মুখ্য সচিবগৰাকী হৈছে সৰ্বোচ্চ আমোলা ৷ মুখ্য সচিব নিযুক্তি আমাৰ দেশৰ ৰাজনীতিত চলাৰ দৰে পৰিয়ালকেন্দ্ৰিক নহয় ৷ কিন্তু এগৰাকী মুখ্য সচিবৰ অৱসৰৰ পিছত তেওঁৰ পত্নী সেই স্থানত অধিষ্ঠিত হোৱা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবছে ৷ কেনেকৈ সম্ভৱ হ’ল এয়া, সবিশেষ জানিবলৈ পঢ়ক...

Mr and Mrs Chief Secretary
Kerala Chief Secretary (@ChiefKerala)

নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ: ৰাজ্য এখনৰ মুখ্য সচিবৰ অৱসৰে সাধাৰণতে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ নকৰে । কিন্তু যোৱা ৩১ আগষ্টত ভাৰতৰ এখন ৰাজ্যৰ মুখ্য সচিবৰ অৱসৰৰ খবৰে দেশজুৰি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে ৷ কেৰালাৰ মুখ্য সচিব ডাঃ ভি বেণুৰ শেষ কৰ্মদিনটো সাংবাদিকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল, কাৰণ তেওঁ অৱসৰৰ ক্ষণত নিজৰ পত্নী আৰু ১৯৯০ চনৰ সহযোগী বেটচৰ আই এ এছ বিষয়া সাৰদা মুৰলীধৰণক এই বাঘজৰী অৰ্পণ কৰিছিল ।

ৰাজ্য এখনৰ মুখ্য সচিব হিচাপে পত্নী উত্তৰাধিকাৰী হোৱা ঘটনা ইয়াৰ আগতেও ঘটিছে । কিন্তু দম্পতীটো একেটা বেটচৰ বিষয়া হোৱাটো বিৰল । ডাঃ বেণুৱে সংবাদ মাধ্যমক কয় যে কেৰালাত এনে কাৰ্য প্ৰথম আৰু হয়তো ভাৰতত দ্বিতীয়বাৰ সংঘটিত হৈছে ?

কেৰালাৰ কোজিকোড মেডিকেল কলেজৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰা ডাঃ বেণুৱে আই এ এছ বিষয়া হিচাপে প্ৰথম পোষ্টিঙত ত্ৰিছুৰ জিলাৰ উপ-সংগ্ৰাহক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেতিয়াৰ পৰাই তেওঁ কেৰালা চৰকাৰ আৰু কেন্দ্ৰ উভয়তে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছে ।

তেওঁৰ উল্লেখযোগ্য কাৰ্যকাল আছিল কেৰালা পৰ্যটনৰ সঞ্চালক আৰু একেটা বিভাগৰে সচিব, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ যুটীয়া সচিব, কেৰালাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব, দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধান আৰু ২০২০ চনত কেৰালাত অতিৰিক্ত মুখ্য সচিব হিচাপে গৃহ আৰু ভিজিলেন্স বিভাগৰ দায়িত্ব ।

অসামৰিক সেৱাৰ পৰীক্ষাত ২৬ নম্বৰ স্থান দখল কৰা আই এ এছ বিষয়াগৰাকীয়ে ৰাজ্যখনৰ পৰ্যটন বিভাগৰ নেতৃত্বত থকা আৰু ২০১৮ চনৰ বানৰ পটভূমিত “কেৰালা পুনৰ নিৰ্মাণ” পদক্ষেপ চম্ভালি লোৱাটো তেওঁৰ কেৰিয়াৰৰ কিছু গৌৰৱময় কাম হিচাপে গণ্য কৰে । কেৰালা ষ্টাইলৰ মুণ্ডু (ধূতি) পিন্ধিয়েই কৰ্মজীৱন চলাই নিয়া ডাঃ বেণু ৰাজ্যৰ বাকী আমোলাসকলৰ পৰা পৃথক স্থানত আছে । ইংৰাজীৰ সলনি মালায়ালম ভাষাত তেওঁৰ চৰকাৰী স্বাক্ষৰে তেওঁৰ সাধাৰণ জীৱনশৈলীক চিহ্নিত কৰে ।

নাটকৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰা আৰু কেইবাখনো নাটকত মূল চৰিত্ৰত অভিনয় কৰা এই মৰমীয়াল আমোলাজন অৱসৰৰ পিছত এজন সাধাৰণ ব্যক্তি আৰু জীৱনৰ সৰল আনন্দ লাভৰ বাবে আগ্ৰহী ।

“মই নিশ্চিতভাৱে থিয়েটাৰলৈ ঘূৰি আহিম । পুৰণি বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকললৈ হাত আগবঢ়াব লাগিব । মোৰ কেইটামান আগ্ৰহৰ ক্ষেত্ৰ আছে আৰু মই নিজকে পেছাদাৰীভাৱে সক্ৰিয় কৰি ৰাখিব বিচাৰো । মই চাগে পূৰ্ণকালীন চাকৰি এটা ল’ব নোৱাৰিম । মই পৰামৰ্শদাতা আৰু মেণ্টৰিঙৰ ভূমিকা অন্বেষণ কৰিব বিচাৰো আৰু হয়তো অলপ লিখিব বিচাৰো ।’’ তেওঁ কয় ৷

চৰকাৰী কষ্টকৰ কাম চম্ভালিবলগীয়া হোৱা আৰু একে সময়তে দুটা সন্তানক ডাঙৰ-দীঘল কৰিবলগীয়া হোৱা দম্পতী হিচাপে ডাঃ বেণুৱে স্বীকাৰ কৰে যে এই “কৰ্ম-জীৱনৰ ভাৰসাম্য ৰক্ষা কৰাটো এটা কঠিন কাম ।"

“বিশেষকৈ কেৰালাত বিষয়াসকলৰ কঠোৰ পৰিশ্ৰম কৰাৰ সংস্কৃতি আছে । কৰ্ম-জীৱনৰ ভাৰসাম্যতাক প্ৰায়ে আওকাণ কৰা হয় । বিশেষকৈ দাৰিদ্ৰতা নিৰ্মূল, আৱৰ্জনা ব্যৱস্থাপনা আদিৰ দৰে অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ চম্ভালি লোৱা সাৰদাৰ বাবে ই যথেষ্ট মানসিক চাপৰ বিষয় আছিল । আমি দিনটোত ১০ ঘণ্টাৰ ওপৰত কাম কৰিবলগীয়া হৈছিল । ঘৰ পোৱাৰ লগে লগে আমি চুইচ অফ কৰি নিজৰ বাবে যিমান কম মানসম্পন্ন সময় কটাব পাৰি, সেই সময়খিনি কটাবলৈ চেষ্টা কৰিলো ।’’ ডাঃ বেণুৱে কয় ৷ স্কুল বা কলেজত তেওঁলোকে নিজৰ সন্তানৰ কিছুমান অনুষ্ঠানতহে অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ স্বীকাৰ কৰে ।

একে সময়তে ডাঃ বেণুৱে কয় যে তেওঁ আৰু তেওঁৰ পত্নীয়ে অহৰহ টিপছ শ্বেয়াৰ কৰিছিল আৰু তেওঁলোকৰ কৰ্মশৈলী বেলেগ হ’লেও গোটেই কেৰিয়াৰত ইজনে সিজনক সহায় কৰিছিল ।

“সাৰদা অধিক বিশ্লেষণাত্মক ব্যক্তি আৰু সময় লয় (বস্তুবোৰ অধ্যয়ন কৰিবলৈ), আনহাতে মই অধিক আৱেগিক ব্যক্তি । মোৰ মনোযোগৰ ক্ষমতাও তেওঁৰ তুলনাত কম । মোৰ অধিক বহল ভিত্তিৰ পেছাদাৰী অভিজ্ঞতা আছে, আনহাতে তেওঁৰ দীৰ্ঘদিন ধৰি মূল খণ্ডসমূহত কাম কৰাৰ গভীৰ অভিজ্ঞতা আছে ৷ যেনে ৰাজ্য আৰু কেন্দ্ৰীয় পৰ্যায়ত স্থানীয় শাসন, দাৰিদ্ৰতা নিৰাময় আৰু মহিলা সবলীকৰণ ।’’ ডাঃ বেণুৱে প্ৰকাশ কৰে । তেওঁ লগতে উল্লেখ কৰে যে পত্নী সাৰদাই ৰাজ্যখনৰ মুখ্য সচিব হিচাপে দায়িত্ব লোৱাৰ লগে লগে শাসন ব্যৱস্থাত "ধাৰাবাহিকতা থাকিব, য’ত তেওঁ এৰি আহিছে ।"

মুখ্য সচিব হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে সাৰদা মুৰলীধৰণে অতিৰিক্ত মুখ্য সচিব (পৰিকল্পনা আৰু অৰ্থনৈতিক পৰিক্ৰমা) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । ১৯৯০ বেটচৰ বিষয়াগৰাকীয়ে তিৰুৱনন্তপুৰমৰ জিলা উপায়ুক্ত, অনুসূচিত জাতি বিভাগৰ সঞ্চালক আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত আদি ভূমিকাত কাৰ্যনিৰ্বাহ কৰিছিল । কিন্তু তেওঁৰ গুৰুত্বপূৰ্ণ কাৰ্যকাল আছিল ২০০৬ চনৰ পৰা ২০১২ চনলৈকে কুডুম্বশ্ৰী মিছনৰ মুৰব্বী হিচাপে, যি সময়ছোৱাত তেওঁ এছিয়াৰ বৃহত্তম মহিলা সৱলীকৰণ কাৰ্যসূচীত যথেষ্ট সংস্কাৰ আনিছিল ।

আন কিছুমান উল্লেখযোগ্য কামৰ ভিতৰত তেতিয়াৰ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিৰ (এন আই এফ টি) সঞ্চালক প্ৰধান হিচাপে তেওঁক বাছি লোৱা আৰু নেশ্যনেল গ্ৰাম্য জীৱিকা অভিযানৰ (এন আৰ এল এম) চি ই অ’ হিচাপে কাৰ্যনিৰ্বাহ কৰাটোও অন্যতম ।

ৰাজ্যৰ শীৰ্ষ আমোলাৰ পদ গ্ৰহণ কৰাৰ পিছত মুৰলীধৰণে সাংবাদিকৰ আগত কয়, ‘‘মই গভীৰভাৱে কৃতজ্ঞ । মই সুখীও যে এতিয়া মোৰ ঘৰত এজন উপদেষ্টা আছে । সাধাৰণতে, মোৰ বাবে আদৰণি ভাষণ দিয়াটো কঠিন নহয় । কিন্তু বেণুক বিদায় দিয়া এটা অনুষ্ঠানত মোৰ বাবে ভাষণটো দিয়াটো কঠিন আছিল । বেণুৱে যি কাম এৰি দিছে, সেই কাম অব্যাহত ৰাখিম বুলি আশা কৰিছো ।”

লগতে পঢ়ক: ২৩ সংখ্যক আইন আয়োগ গঠনত অনুমোদন ৰাষ্ট্ৰপতিৰ - 23rd Law Commission of India

প্ৰথমবাৰৰ বাবে ব্ৰুণেই ডাৰুছালাম ভ্ৰমণ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ - PM Modi to visit Brunei

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.