ETV Bharat / bharat

বাছ-পিকআপ ভানৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱালে কমেও 15 জনে - Tragic road accident

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 10:41 PM IST

Road accident: ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা শোকাৱহ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ প্ৰায় 15 জনকৈ লোকৰ প্ৰাণহানি ৷ এখন বাছ আৰু এখন পিকআপ ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই প্ৰাণ হেৰুৱাই লোককেইজনে ৷ আহতসকলক চিকিৎসালয়ত ভৰ্তি ৷

TRAGIC ROAD ACCIDENT
বাছ-পিকআপ ভানৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱালে কমেও 15 জনে (ETV Bharat)

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ: শুকুৰবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ হাথৰছৰ চান্দপা কোটৱালি অঞ্চলত সংঘটিত হয় এক বৃহৎ পথ দুৰ্ঘটনা । চান্দপা কোটৱালি অঞ্চলৰ মীটাই বাইপাছত আলিগড় ডিপোৰ এ চি জনৰথ নামৰ বাছখন আৰু এখন পিকআপ ভানৰ মাজত সংঘৰ্ষ হয় । পিকআপ ভানখনত মহিলা, পুৰুষ আৰু শিশুসহ কেবাগৰাকীও যাত্ৰী আছিল । এই ভয়াৱহ পথ দুৰ্ঘটনাত এতিয়ালৈকে ১৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ইফালে বহু লোক আহত হৈছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ।

দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । ঘটনাস্থলীত আৰক্ষী অধীক্ষক নিপুন আগৰৱালা, জিলা দণ্ডাধীশ আশীষ কুমাৰ, চি অ’ হিমাংশু মাথুৰ উপস্থিত থাকে আৰক্ষী বাহিনীৰ সৈতে । আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

এই দুৰ্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে ।

জিলা দণ্ডাধীশ আশীষ কুমাৰে জনোৱা মতে, আগ্ৰা-আলিগড় ৰাষ্ট্ৰীয় ঘাইপথত অভাৰটেকৰ সময়ত এখন ৰোডৱেজ বাছে পিকআপ ভানখনত খুন্দা মাৰে । এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ জন আহত হয় । আহতসকলৰ ভিতৰত ৮ জনৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । দুৰ্ঘটনাটোত ৭ জন পুৰুষ, চাৰিগৰাকী মহিলা আৰু চাৰিটা শিশু নিহত হৈছে ।

নিহত লোকসকল আগ্ৰাৰ বাসিন্দা: আৰক্ষী অধীক্ষক নিপুন আগৰৱালাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাটোত নিহত আটাইকেইজন লোক সাছনীৰ পৰা খাণ্ডাউলীলৈ গৈ আছিল । এই আটাইকেইজন লোক আহিছিল হাথৰছৰ মুকান্দ খেদা গাঁৱলৈ । চালকজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে । ইতিমধ্যে মৃতকক চিনাক্ত কৰা হৈছে । জানিব পৰা মতে, এক ভোজত অংশ লোৱাৰ পিছত আগ্ৰাৰ খাণ্ডাউলী থানা এলেকাৰ সেমৰা গাঁৱৰ ৩০ জনতকৈ অধিক লোক পিকআপ ভানত উঠি নিজৰ ঘৰলৈ উভতি আহিছিল । য’ত শিশু, মহিলা আৰু বৃদ্ধও আছিল ।

মৃতসকল- ইৰ্শ্বাদ, ছোটে, মুন্না, মুস্কান, ভোলা, হামিদ ওৰফে তল্লী, হামিদ উফ তাল্লী, নাজমা, খুছবু, জামিল, আয়ান, চুফিয়ান, ছয়েব, চণু আৰু ইছৰাত ।

ইফালে আলিগড়ৰ পৰা উপায়ুক্ত চৈত্ৰা ভি আই জি শালভ মাথুৰে আহতসকলৰ স্বাস্থ্যৰ খবৰ ল’বলৈ জিলা চিকিৎসালয়ত উপস্থিত হয় । উপায়ুক্ত চৈত্ৰাই এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে । য’ত আছে ৭ জন পুৰুষ, ৪ গৰাকী মহিলা আৰু ৪ টি শিশু । তেওঁ জনোৱা মতে জিলা চিকিৎসালয়খনত ১১ জন আহত আছে । একে সময়তে গুৰুতৰভাৱে আহত ৮ জনক আলিগড় জে এন এম চিলৈ প্ৰেৰণ কৰা হৈছে ।

ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ: এই দুৰ্ঘটনা সন্দৰ্ভত এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘‘উত্তৰ প্ৰদেশৰ হাথৰছৰ পথ দুৰ্ঘটনা অত্যন্ত যন্ত্ৰণাদায়ক । যিসকলে পৰিয়ালৰ সদস্যক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ গভীৰ সমবেদনা জনাইছো । এই কঠিন সময়ত ভগৱানে তেওঁলোকক শক্তি প্ৰদান কৰক । ইয়াৰ লগতে দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো । ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাত নিয়োজিত হৈ আছে । ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব ।’’

শোক প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে: মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ এক্স-পোষ্টত লিখিছে যে ‘‘হাথৰছ জিলাত সংঘটিত পথ দুৰ্ঘটনাত বহুলোকে প্ৰাণ হেৰুওৱাটো অত্যন্ত দুখজনক । মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ । আহতসকলক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে । ভগৱান শ্ৰীৰামৰ চৰণত বিদেহ আত্মাক শান্তি আৰু আহতসকলক শীঘ্ৰে আৰোগ্য লাভ কৰাৰ বাবে প্ৰাৰ্থনা জনাইছো ।’’

আগ্ৰাৰ সেমৰা গাঁৱত চাঞ্চল্য, মুখ্যমন্ত্ৰী যোগীক ক্ষতিপূৰণৰ দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ: সেমৰা গাঁৱৰ ৰাইজে দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আতংকৰ সৃষ্টি হয় । মৃত আৰু আহতসকলৰ ঘৰত আত্মীয়ৰ সমাগম ঘটে । সমগ্ৰ গাঁওখনেই শোকত ভাগি পৰিছে । দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আগ্ৰাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী এছ পি সিং বাঘেলে মুখ্যমন্ত্ৰী যোগীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । তেওঁ কয়, ‘‘মই বৰ্তমান মহাৰাষ্ট্ৰ ভ্ৰমণত আছো । হাথৰছ দুৰ্ঘটনাটো অতি দুখজনক । এই দুৰ্ঘটনাত আগ্ৰা খাণ্ডাউলীৰ সেমৰা গাঁৱৰ ১৫ জন লোকৰ মৃত্যু হয় । মুখ্যমন্ত্ৰী যোগীৰ সৈতে যোগাযোগ কৰি মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাইছো । কাইলৈ ​​মই মহাৰাষ্ট্ৰৰ পৰা উভতি আহি সেমৰা গাঁৱলৈ যাম ।

লগতে পঢ়ক: মাজ আকাশত বিমান, তাতে আকৌ নাই এ চি : তেনেকৈয়ে উৰি থাকিল ১ ঘণ্টা ৫ মিনিট - IndiGo airline

ৰেগিঙৰ নামত ছাত্ৰক যৌন নিৰ্যাতন, উচিত তদন্তৰ দাবীত এন এছ ইউ আইৰ প্ৰতিবাদ - Dehradun ragging case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.