ETV Bharat / bharat

মোদীৰ কেবিনেট ৩.০ : অমিত শ্বাহ হ’ব দেশৰ পৰৱৰ্তী বিত্তমন্ত্ৰী ! - Amit Shah likely to be next finance minister - AMIT SHAH LIKELY TO BE NEXT FINANCE MINISTER

New Modi Government : বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন মন্ত্ৰীসভাত বিত্তমন্ত্ৰীৰ দায়িত্ব দিয়াৰ সম্ভাৱনা ৷ একে সময়তে নিৰ্মলা সীতাৰমনক বিত্তৰ পৰিৱৰ্তে আন কোনো মন্ত্ৰালয়ৰ দায়িত্ব দিব বুলি চলিছে চৰ্চা ৷

New Modi Government
মোদীৰ কেবিনেট ৩.০ : অমিত শ্বাহ হ’ব দেশৰ পৰৱৰ্তী বিত্তমন্ত্ৰী ! (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 8:48 AM IST

নেশ্যনেল ডেস্ক, ১০ জুন : দেওবাৰে দিল্লীত একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই শপত গ্ৰহণ কৰা নতুন মন্ত্ৰী পৰিষদত পূৰ্বৰ মন্ত্ৰীসভাৰ কেবাজনো মন্ত্ৰীয়ে শপত লয় । এইসকলৰ ভিতৰত বৰ্তমান চৰ্চালৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ তথা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্বত থকা অমিত শ্বাহৰ নাম ৷

অমিত শ্বাহক মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি ২০১৯ চনৰ পৰা অমিত শ্বাহ দেশৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে যদিও প্ৰধানমন্ত্ৰীগৰাকীয়ে একাংশ বিভাগৰ সালসলনি কৰাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত নিৰ্মলা সীতাৰমনৰ ঠাই শ্বাহে লোৱাৰ সম্ভাৱনা আছে । সীতাৰমনক বিত্তমন্ত্ৰীৰ সলনি আন মন্ত্ৰণালয় দায়িত্ব দিব পাৰে বুলি চৰ্চা চলি আছে ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, নব্বৈৰ দশকৰ পৰাই মোদীৰ আটাইতকৈ বিশ্বাসযোগ্য হৈছে ব্যক্তি হৈছে অমিত শ্বাহ, যেতিয়া দুয়োজনেই আছিল দলীয় কৰ্মী । ২০২৪ চনৰ নিৰ্বাচনত গান্ধীনগৰ আসনৰ পৰা শ্বাহে ৭.৪ লাখতকৈ অধিক ভোটত জয়লাভ কৰাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ বাৰাণসী আসনৰ পৰা খোদ প্ৰধানমন্ত্ৰী মোদীয়ে ১.৫ লাখ ভোটত জয়লাভ কৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ : 30 গৰাকীয়ে লাভ কৰিলে কেবিনেট মন্ত্ৰীত্ব - Oath taking ceremony of Narendra Modi as PM

সূত্ৰ অনুসৰি বিজেপিৰ আন এজন জ্যেষ্ঠ নেতা ৰাজনাথ সিঙক শ্বাহৰ ঠাইত দেশৰ গৃহমন্ত্ৰীৰ দায়িত্ব দিব পাৰে ৷ কিন্তু এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ED), এছএফআইঅ’ (SFIO)ৰ দৰে ডাঙৰ তদন্তকাৰী সংস্থাসমূহ হয়তো শ্বাহৰ অধীনত থাকিব পাৰে ।

সূত্ৰ অনুসৰি মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও এই মন্ত্ৰীৰ পদ লাভ কৰিব পাৰে । মধ্যপ্ৰদেশৰ বিদিশা আসনত ৮.২১ লাখ ভোটত জয়ী হৈছিল চৌহানে । লক্ষণীয় যে, বিজেপিৰ প্রাক্তন নেতা তথা বিত্তমন্ত্রী অৰুণ জেটলী যেতিয়া অসুস্থ হৈ আছিল, তেতিয়া তেওঁ নিজেই প্রধানমন্ত্রী মোদীক তেওঁৰ পাচত নির্মলা সীতাৰমণক পৰৱৰ্তী বিত্তমন্ত্রীৰ দায়িত্ব দিবলৈ অনুৰোধ কৰিছিল ৷

সেই অনুৰোধ মৰ্মে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ইচ্ছা পূৰণ কৰিলে আৰু নিজৰ কাম অব্যাহত ৰাখিলে ৷ নহ’লে বিত্তমন্ত্ৰী হিচাপে শ্বাহেই আছিল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম পছন্দ । কেৱল এয়াই নহয়, যেতিয়া মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়া শ্বাহে বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল ।

সূত্ৰ অনুসৰি, শ্বাহৰ ঘনিষ্ঠ পৰিয়ালৰ সদস্যসকল বিত্তীয় বজাৰখনৰ লগত জড়িত থকাৰ বাবে তেওঁ সদায় বিত্ত আৰু শ্বেয়াৰ বজাৰৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰি আহিছে ।

লগতে পঢ়ক : মোদীৰ কেবিনেটত পুনৰ স্থান লাভ এই কেইগৰাকী মন্ত্ৰীৰ - Narendra Modi cabinet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.