নেশ্যনেল ডেস্ক, ২৫ মাৰ্চ : আজি হোলীৰ আনন্দত মতলীয়া দেশবাসী । ব্ৰজভূমি হিচাপে জনাজাত বৃন্দাবনতো হোলীৰ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ভগৱান শ্ৰীকৃষ্ণই বাল্যকাল অতিবাহিত কৰা উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ শ্ৰী ৰাধাবল্লভ লাল জী মন্দিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।
হোলী উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে বৃন্দাবনত । ইজনে সিজনৰ ফালে ৰঙীণ আবিৰ চটিয়াইছে । একপ্ৰকাৰ আবিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে বৃন্দাবন । বৈদিক মন্ত্ৰ আৰু পৰম্পৰাগত ৰীতি-নীতিৰে উদ্ভাসিত হৈছে মন্দিৰ চৌহদ ।
একেদৰে প্ৰাচীন চহৰ বাৰাণসীয়েও হোলী উদযাপনত সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে । আবিৰৰ ৰং আৰু সংগীতৰ তালে তালে নাচি উঠিছে বাৰাণসী চহৰ । পুৱাই কেইবাজনো যুৱকে কাশীৰ গোদাউলিয়া চাৰিআলিত সমবেত হৈ কেইবা ঘণ্টা ধৰি নৃত্য কৰি থকা দেখা গৈছিল ।
বিদেশী পৰ্যটকসকলে স্থানীয় লোকসকলৰ সৈতে এই হোলী উদযাপনত যোগ দিয়া দেখা গৈছে । বাটুক ভৈৰৱৰ মহন্ত জিতেন্দ্ৰ মোহন পুৰীয়ে কোৱা মতে কাশীৰ হোলী একাদশীৰ পৰা আৰম্ভ হয় । অৰ্থাৎ ২০ মাৰ্চৰ পৰাই আৰম্ভ হৈছিল ।
বিশ্বাস অনুসৰি 'ৰং ভৰি একাদশী'ৰ দিনা ভগৱান মহাদেৱে গৌনা (বিবাহ অনুষ্ঠান) কৰাৰ পিচত দেৱী পাৰ্বতীক কাশীলৈ লৈ আহিছিল আৰু ফাকুৱাৰে খেলিছিল । যাৰ বাবে হোলী উপলক্ষে কাশীত ৰং আৰু আনন্দৰ পৰিৱেশে বিৰাজ কৰে ।
জানিব পৰা মতে, একাদশীৰ দ্বিতীয় দিনা মহাদেৱে শ্মশানত চিতাভস্ম জ্বলাই হোলী খেলিছিল । তেতিয়াৰ পৰাই চিতাভস্মৰ সৈতে হোলী খেলাৰ পৰম্পৰাও আৰম্ভ হৈছিল বুলি বাটুক ভৈৰৱৰ মহন্ত জিতেন্দ্ৰ মোহন পুৰীয়ে উল্লেখ কৰে ।
লগতে পঢ়ক : উজ্জয়িনীৰ মহাকাল মন্দিৰত অগ্নিকাণ্ড; কেইবাজনো পুৰোহিত আহত - Mahakal Temple Fire