ETV Bharat / bharat

জয়পুৰত মুছলমান শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাইছে গুলাল গ’টাই - TRADITIONAL GULAL GOTA PREPARATIONS - TRADITIONAL GULAL GOTA PREPARATIONS

Jaipur's Gulal Gota : হোলীৰ বাবে ব্যস্ত ৰাজস্থানৰ জয়পুৰ ৷ গোলাপী চহৰ হিচাবে খ্যাত জয়পুৰত আৰম্ভ হৈছে গুলাল গ’টা নিৰ্মাণৰ কাম ৷ এইবাৰ জয়পুৰত গুলাল গ’টা নিৰ্মাণত ব্যস্ত হৈ পৰিছে এগৰাকী মুছলমান শিল্পী ৷ নাম আৱাজ মহম্মদ ৷

জয়পুৰত মুছলমান শিল্পীৰ হাতৰ পৰশত  প্ৰাণ পাইছে গুলাল গ’টাই

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 1:40 PM IST

নেশ্যনেল ডেস্ক, ২১ মাৰ্চ : সমাগত ৰঙৰ উৎসৱ ফাকুৱা বা হোলী ৷ আকৌ এবাৰ আবিৰৰ ৰঙত ৰঙীন হৈ পৰিব দেশ তথা ৰাজ্য ৷ ফাগুণ মাহৰ পূৰ্ণিমাত বিশেষকৈ হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা এই দিনটোক পৌৰাণিক আখ্যানত ‘‘কাম দহনৰ দিন’’ বুলি গণ্য কৰা হয় ।

ইফালে আগন্তুক ফাকুৱাৰ বাবে ৰাজস্থানৰ জয়পুৰত পৰম্পৰাগত ইতিমধ্যে আৰম্ভ হৈছে ‘গুলাল গ’টা’ৰ (Gulaal Gota) প্ৰস্তুতৰ কাম ৷ গুলাল গ’টা হৈছে লেকৰ পৰা তৈয়াৰী সুক্ষ্ম বল ৷ যিটো বল শুকান ফাকুৰ ৰঙেৰে ভৰপূৰ হৈ থাকে ৷ এই বলবোৰ সুৰক্ষিতভাৱে ছীল কৰা হয় ৷ সাধাৰণতে ফাকুৱাৰ সময়ত এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ গা লৈ মাৰিবলৈ এই বল ব্যৱহাৰ কৰা হয় ।

প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি চলি অহা এই অনন্য শিল্পই ৰাজস্থানৰ জয়পুৰত অঞ্চলত সাংস্কৃতিক তন্ত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । জয়পুৰৰ শিল্পী আৱাজ মহম্মদে উল্লেখ কৰা অনুসৰি, "গুলাল গ’টা ৫-৬ গ্ৰামকৈ ওজন হয় ৷ ইয়াক প্ৰাকৃতিক লেকৰ (Lac) খোলাৰে তৈয়াৰ কৰা হয় ৷ য’ত প্ৰাকৃতিক ৰং ভৰাই দিয়া হয় ৷ তাৰ পাচত আৰাৰোটৰে (ararot) ইয়াৰ মুখ বন্ধ কৰি দিয়া হয় ৷ যাৰ ফলত গ’টাৰ মুঠ ওজন ২১-২২ গ্ৰাম হয় ।"

তেওঁ কয় যে পৰম্পৰাগতভাৱে ৰাজপৰিয়ালৰ বাবে নিৰ্মিত এই শিল্পকলা সাত প্ৰজন্মৰ আগৰ পৰাই আজি পৰ্যন্ত প্ৰতি বছৰে প্ৰথমটো গুলাল গ’টা বৃন্দাবনলৈ প্ৰেৰণ কৰা হয় । এই শিল্পৰ তাৎপৰ্য ৰাজস্থানতে সীমবদ্ধ হৈ থকা নাই ৷ কৌৰৱ-পাণ্ডৱৰ যুগৰ পৰাই ভাৰতৰ ইতিহাসত গভীৰভাৱে শিপাই আছে এই গুলাল গ’টা ।

তেওঁ আৰু কয়, ‘‘ক্ৰমাৎ এই কলাই মৃত্যুৰ মুখলৈ গতি কৰিছে ৷ আমাৰ পৰিয়ালত সাত প্ৰজন্ম ধৰি চলি আহিছে ইয়াৰ নিৰ্মাণৰ কাম’’ । তেওঁ কয়, ‘‘লেক কাম (Lac work) হৈছে এটা প্ৰাচীন প্ৰথা ৷ যিটো পাণ্ডৱ আৰু কৌৰৱসকলে লক্ষগ্ৰহ (Lakshagraha) নিৰ্মাণ কৰা সময়ৰ পৰাই চলি আহিছে । তেতিয়াৰ পৰাই আমি ৰজাৰ পৰিয়ালৰ বাবে গুলাল গ’টা প্ৰস্তুত কৰি আহিছো । প্ৰতি বছৰে প্ৰথমটো গুলাল গ'টা বৃন্দাবনলৈ প্ৰেৰণ কৰা হয়’’ ৷

হোলী- সমগ্ৰ দেশতে ৰঙৰ উৎসৱ নামেৰেও পৰিচিত ৷ সমগ্ৰ ভাৰততে অতি উলহ-মালহেৰে পালন কৰা হয় হিন্দুসকলৰ এই ৰঙৰ উৎসৱটি । চলিত বৰ্ষৰ ২৫ মাৰ্চত উদযাপন কৰা হ’ব হোলী । আনকি দেশৰ কিছু কিছু স্থানত এই উৎসৱৰ সময়ত অগ্নিকুণ্ড প্ৰজ্বলন কৰা হয় ৷ যিয়ে অসুৰ হোলীকা জ্বলোৱাৰ ইংগিত দিয়ে ।

এই উৎসৱ উদযাপনৰ মাজতে মিঠাইৰো ভাগ-বাটোৱাৰা কৰা হয় ৷ লোকবিশ্বাস যে এনে কৰিলে সকলোৰে মাজত মৰম-চেনেহ বেছি গাঢ় হয় আৰু আন্তৰিকতা বাঢ়ে । এই ৰঙৰ উৎসৱক প্ৰেমৰ উৎসৱ বুলিও বিবেচনা কৰা হয় ৷

লগতে পঢ়ক : আপুনি এগৰাকী ডায়েবেটিছ ৰোগী আৰু মিঠা খাদ্য ভালপায় নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.