ETV Bharat / bharat

বৰ্ষীয়ান নেতা চম্পাই ছোৰেনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ বিজেপি নেতা বাবুলাল মাৰাণ্ডীৰ - Champai Soren

author img

By ANI

Published : Aug 19, 2024, 3:22 PM IST

BJP leader Babulal Marandi on Champai Soren : ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ ভাৰতীয় জনতা পাৰ্টিৰ ঝাৰখণ্ডৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডীৰ ৷ অৱশ্যে বিজেপি দলত যোগদানৰ সম্ভাৱনা সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে মাৰাণ্ডী ৷

"His pain is visible," says Jharkhand BJP President Babulal Marandi on speculation of Champai Soren joining NDA
ঝাৰখণ্ড ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি বাবুলাল মাৰাণ্ডী (ANI)

নেশ্যনেল ডেস্ক, 19 আগষ্ট: ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ বিজেপিত যোগদানৰ জল্পনা-কল্পনা অব্যাহত ৷ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা পদত্যাগ কৰিব বুলি চৰ্চা চলি থকাৰ সময়তে সোমবাৰে ঝাৰখণ্ড ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি বাবুলাল মাৰাণ্ডীয়ে কয়, "চম্পাই ছোৰেনৰ বেদনা তেওঁৰ পদবীত দেখিবলৈ পোৱা গৈছে ।"

বাবুলাল মাৰাণ্ডীয়ে কয়, "তেওঁ পোষ্টটো যিদৰে লিখিছে, তেওঁৰ যন্ত্ৰণা তাত দেখিবলৈ পোৱা গৈছে ৷ মুখ্যমন্ত্ৰীৰ পদৰ পৰা যিদৰে তেওঁক আঁতৰাই দিয়া হৈছিল এয়া তাৰেই প্ৰতিক্ৰিয়া ৷ তেওঁ গভীৰভাৱে আঘাত পাইছে ।"

বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডীয়ে X ত চম্পাই ছোৰেনৰ পোষ্টটোৰ কথা উল্লেখ কৰে য’ত চম্পাই ছোৰেনে তেওঁৰ কাৰ্যকালত তেওঁক “অপমান” কৰা হৈছিল বুলি উল্লেখ কৰে ৷

এ এন আইৰ সৈতে হোৱা কথা-বতৰাত বাবুলাল মাৰাণ্ডীয়ে দাবী কৰে যে হেমন্ত ছোৰেনে ক্ষমতালৈ অহাৰ পিছৰে পৰা জে এম এমৰ কোনো নেতাই আগবাঢ়ি আহিব পৰা নাই ।

"2020 চনত হেমন্ত ছোৰেনে ক্ষমতালৈ অহাৰ পিছৰে পৰা আমি দেখিবলৈ পাওঁ যে জে এম এমৰ আন কোনো নেতাই আগস্থান পোৱা নাই । জে এম এমত চম্পাই ছোৰেনৰ দৰে বহু নেতা আছে, কিন্তু কেৱল হেমন্ত ছোৰেনৰ কথাহে চৰ্চা হয় । ইয়াৰ বাবে স্বাভাৱিক চম্পাই ছোৰেনে যন্ত্ৰণাত ভুগিছে আৰু এতিয়া সেয়া প্ৰকাশ হৈছে " মাৰাণ্ডীয়ে কয় ।

অৱশ্যে চম্পাই ছোৰেন বিজেপিত যোগদান কৰাৰ সম্ভাৱনা সন্দৰ্ভত সোধাত বাবুলাল মাৰাণ্ডীয়ে উত্তৰ দিয়াৰ পৰা বিৰত থাকে ।

তেওঁ কয়, "মই ক'ব নোৱাৰো । তেওঁ কৈছে যে তেওঁ পৰিয়ালক লগ কৰিবলৈ দিল্লীলৈ গৈছিল আৰু যেতিয়া কোনো ব্যক্তিয়ে আঘাত পায় তেতিয়া সেই ব্যক্তিগৰাকী প্ৰায়ে পৰিয়ালৰ ওচৰলৈ যায় ।"

দেওবাৰে X যোগে এটা পোষ্ট কৰি চম্পাই ছোৰেনে তেওঁক বিধায়িনী দলৰ সভা আহ্বান কৰিবলৈ দিয়া হোৱা নাছিল, হঠাতে তেওঁক পদত্যাগ কৰিবলৈ কোৱা হৈছিল বুলি ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল আৰু ইয়ে তেওঁক ‘বিকল্প পথ বিচাৰিবলৈ’ প্ৰেৰণা যোগাইছিল বুলিও কয় ।

তেওঁ X যোগে কয়, "যদিও মুখ্যমন্ত্ৰীৰ বিধায়িনী দলৰ বৈঠক আহ্বান কৰাৰ অধিকাৰ আছে, তথাপিও মোক সভাৰ এজেণ্ডাও জনোৱা হোৱা নাছিল । বৈঠকৰ সময়ত মোক পদত্যাগ কৰিবলৈ কোৱা হৈছিল । মই আচৰিত হৈছিলো, কিন্তু ক্ষমতাৰ প্ৰতি মোৰ কোনো লোভ নাছিল, গতিকে মই লগে লগে পদত্যাগ কৰিলো, ই মোৰ আত্মসন্মানত আঘাত কৰাৰ বাবে মই আৱেগিক হৈ পৰিছিলো ৷ যোৱা তিনিদিন ধৰি মই সন্মুখীন হোৱা অপমানজনক আচৰণৰ বাবে মই মোৰ চকুলো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলো ৷ কিন্তু তেওঁলোকে সেয়া একো লক্ষ্য কৰা নাছিল ৷ কাৰণ তেওঁলোকৰ চকীখনৰ প্ৰতিহে গুৰুত্ব ৷ সেই দলটোত মোৰ কোনো অস্তিত্ব নাই, একেবাৰেই কোনো অস্তিত্ব নাই, যাৰ বাবে মই মোৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিলো । ইমান অপমান আৰু অৱজ্ঞাৰ পিছত মই বিকল্প পথ বিচাৰিবলৈ বাধ্য হ’লো ।"

লগতে পঢ়ক: কাৰ নিৰ্দেশত অপমান কৰা হ'ল কলহানৰ টাইগাৰ চম্পাই ছোৰেনক? অৱশেষত ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিলে মনৰ ভাব - Champai Soren

এক্সত সলনি হ’ল চম্পাই ছোৰেনৰ পৰিচয়, বায়’ৰ পৰা আঁতৰালে ঝাৰখণ্ড মুক্তি মৰ্চাক - Champai Soren

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.