ETV Bharat / bharat

ঔষধি উদ্ভিদৰ ভাণ্ডাৰ স্বৰূপ এটি পাহাৰীয়া অঞ্চল; 200 হেক্টৰ ভূমিত আছে অতি কমেও 500 ঔষধি - HEAVEN OF MEDICINAL PLANTS

Medicinal plant species: ঔষধি উদ্ভিদ আমাৰ বাবে কিমান উপকাৰী সেয়া দুনাই কোৱাৰ প্ৰয়োজন নিশ্চয় নাই ৷ আহক ঔষধি উদ্ভিদেৰে ভৰপূৰ এটা অঞ্চলৰ বিষয়ে জানো-

Medicinal plant species
Heaven Of Medicinal Plants (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2024, 10:47 PM IST

হায়দৰাবাদ: প্ৰকৃতিক আমি মাতৃ জ্ঞান কৰোঁ ৷ একো নোখোজাকৈয়ে প্ৰকৃতিয়ে আমাক সকলো দিছে, কিন্তু তাৰ বিনিময় কেতিয়াও বিচৰা নাই ৷ উশাহ ল’বলৈ বায়ু, ভোকৰ খাদ্য মুঠি, পিয়াহৰ পানী টুপিকে ধৰি প্ৰকৃতিয়ে আমাক প্ৰতিটো প্ৰয়োজনীয় উপাদানেই প্ৰদান কৰিছে ৷ বৰ্তমান বিশ্বায়নৰ যুগত আমি চিকিৎসা আদিৰ বাবে আধুনিক চিকিৎসা বিজ্ঞানৰ সহায় লও যদিও ইয়াৰ মূল উপাদানসমূহো প্ৰকৃতি প্ৰদত্ত বুলিলে নিশ্চয় ভুল কোৱা নহ’ব ৷

সাধাৰণ ব্যাধিত ব্যৱহৃত ভেষজৰ পৰা বহু দুৰাৰোগ্য ৰোগত ব্যৱহৃত ঔষধলৈকে প্ৰকৃতিত সকলো উপলব্ধ ৷ আজি আমি আপোনালোকক এখন বিশেষ পাহাৰীয়া অঞ্চললৈ লৈ যাব খুজিছোঁ, য’ত উপলব্ধ প্ৰায় প্ৰতিজোপা তৰু-তৃণই যেন একো একোটা ঔষধ ৷

মাল্লুৰ গুট্টা, দক্ষিণ ভাৰতৰ তেলেংগানাৰ মুলুগুৰ এনে এক অঞ্চল, য’ত ভিন্ন প্ৰজাতিৰ ঔষধি উদ্ভিদ পোৱা যায় ৷ এইটো এটা পাহাৰীয়া অঞ্চল, প্ৰায় 200 হেক্টৰ বিস্তৃত ভূমিত অতি কমেও 500 ঔষধি উদ্ভিদ ইয়াত পোৱা যায় ৷ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি) আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে যৌথভাৱে চলোৱা এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে ।

2000 চনত মাল্লুৰ গুট্টা অঞ্চলটোক ঔষধি উদ্ভিদ সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰিছিল ৷ কিয়নো ইয়াত কেতবোৰ দুষ্প্ৰাপ্য আৰু অতি গুৰুত্বপূৰ্ণ ঔষধি উদ্ভিদ পোৱা যায় ৷ এই প্ৰজাতিসমূহৰ ভিতৰত সৰস্বতী, বেল, ঈশ্বৰী, দেৱপত্ৰ, বন আমলখি, বন তুলসী, পাহাৰীয়া হালধি, সৰ্পগন্ধা আদি অন্যতম ।

আয়ুৰ্বেদিক চিকিৎসকসকলে এই উদ্ভিদসমূহৰ ঔষধি মূল্য উল্লেখযোগ্য আৰু পৰম্পৰাগত চিকিৎসা বিজ্ঞানত বহুলভাৱে জনপ্ৰিয় বুলি উল্লেখ কৰি অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰক উন্নীত কৰি তুলিছে ।

বনৌষধি উদ্যানৰ প্ৰস্তাৱ আৰু সংৰক্ষণৰ প্ৰচেষ্টা

এই বিৰল উদ্ভিদসমূহ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ৰাজ্যত এখন বনৌষধি উদ্যানৰ প্ৰস্তাৱিত স্থান হৈছে মাল্লুৰ গুট্টা । ২০০০ আৰু ২০১৮ চনত বন বিভাগৰ পৰামৰ্শ মতে এই পাহাৰটো প্ৰকল্পৰ বাবে বিবেচনা কৰা হয় । কিন্তু শেহতীয়া বছৰবোৰত এই প্ৰজাতিসমূহৰ অবৈধ সংগ্ৰহ আৰু চোৰাং বেপাৰৰ ফলত স্থানীয় লোক আৰু পৰিৱেশবিদসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে ।

হনুমাকোণ্ডাৰ পৰিৱেশবিদ সুতাৰি সতীশে কয় যে মাল্লুৰ গুট্টাত ঔষধি উদ্ভিদৰ ওপৰত গৱেষণা আৰম্ভ কৰাৰ প্ৰয়োজন আছে যাতে এই অঞ্চলটো সংৰক্ষিত আৰু ৰক্ষা পৰে ।

ইফালে মুলুগু সংমণ্ডলৰ বন বিষয়া (ডি এফ অ’) ৰাহুল কিষাণ জাধৱে উদ্ভিদ বিজ্ঞানী, উদ্ভিদ বিজ্ঞানৰ অধ্যাপক আৰু অন্যান্যৰ বিশেষজ্ঞৰ দলক হস্তক্ষেপ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ।

‘‘এই দলটোৱে টিলাটোৰ বিস্তৃত জৰীপ চলাই চৰকাৰক বিতং প্ৰতিবেদন দাখিল কৰিব । চৰকাৰী নিৰ্দেশনা অনুসৰি ঔষধি উদ্ভিদ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বন বিভাগ প্ৰতিশ্ৰুতিবদ্ধ ।’’ তেওঁ কয় ৷

ৰাহুলে লগতে লগতে কয়, “এই সংৰক্ষণ প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে মাল্লুৰ গুট্টাৰ জৈৱ বৈচিত্ৰক সুৰক্ষা দিয়া আৰু সংৰক্ষণ কৰা, যাৰ ফলত ইয়াৰ ঔষধি উদ্ভিদৰ প্ৰজাতিসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবেও সুৰক্ষিত হৈ থাকিব ।”

লগতে পঢ়ক: আয়ুৰ্বেদিক তথা অন্যান্য চিকিৎসা পদ্ধতিসমূহৰ মাজত পাৰ্থক্য কি ?

ধ্বংসৰ গৰাহত বাঘৰ চুকৰ সুগন্ধি আৰু ঔষধি উদ্ভিদৰ উদ্যান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.