নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : ৰাজপথতে নিৰ্যাতনৰ সন্মুখীন মণিপুৰৰ যুৱতী ৷ এইবাৰ বাংগালুৰুৰ ৰাজপথত নিৰ্যাতনৰ সন্মুখীন হ’ল মণিপুৰৰ যুৱতী ৷ ৰাজপথত এগৰাকী মণিপুৰৰ যুৱতীক আতিশয্য চলোৱা চাৰি নাবালকক প্ৰশ্ন কৰা এজন ব্যক্তিক আক্ৰমণ কৰাৰ অভিযোগত বাংগালুৰুৰ আদুগোড়ী আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰিছে চাৰিজন নাবালকক ৷
17 ফেব্ৰুৱাৰী, শনিবাৰে সন্ধিয়া আদুগোড়ীৰ ৰাজেন্দ্ৰনগৰত সংঘটিত হয় এই ঘটনা ৷ মণিপুৰৰ 25 বছৰীয়া এগৰাকী যুৱতীয়ে ঘৰৰ কাষৰ ৰাস্তাত খোজ কাঢ়ি গৈ থকা অৱস্থাত অভিযুক্তৰ দলটোৱে তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
এই ঘটনা প্ৰত্যক্ষ কৰি যুৱতী গৰাকীৰ চুবুৰীয়া মাৰ্টিন কুমাৰ আৰু তেওঁৰ ভাতৃয়ে এই সন্দৰ্ভত অভিযুক্তক প্ৰশ্ন কৰে অভিযুক্তক সেই ঠাইৰ পৰা আঁতৰাই পঠিয়াই ৷ কিন্তু সেই স্থান এৰি গুছি যোৱা অভিযুক্তই কম সময়ৰ ভিতৰতে পুনৰ একেই স্থানলৈ উভতি আহি মাৰ্টিন কুমাৰ আৰু তেওঁৰ ভাতৃ ষ্টেলিনক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে ৷
এনে সময়তে এজন অভিযুক্তই মাৰ্টিন কুমাৰক চোকা অস্ত্ৰৰে আঘাত কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰোঁতে, মাৰ্টিনে তেওঁৰ বাওঁ হাতৰ কিলাকুটিত আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে মাৰ্টিনৰ ভাতৃ ষ্টেলিন আৰু আন চুবুৰীয়া উদ্ধাৰৰ বাবে দৌৰি যায় আৰু অভিযুক্তজন ঘটনাস্থলীৰ পৰা পলাই যায় ৷
আহত মাৰ্টিনে ছেইণ্ট জনছ হাস্পতালত চিকিৎসা গ্ৰহণ কৰি আদুগোড়ী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি চাৰিজন নাবালক অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্তক কেইজনক বৰ্তমান পৰ্যবেক্ষণ গৃহত ৰখা হৈছে ৷
লগতে পঢ়ক : জাহ্নৱী কান্দুলাৰ মৃত্যুৰ গোচৰ, খুন্দিয়াই থৈ যোৱা আৰক্ষীৰ বিৰুদ্ধে নাই কোনো প্ৰমাণ