ETV Bharat / bharat

বাস্তৱত দৃশ্যম ! মহিলাক হত্যা কৰি পুতি থ’লে জিলা দণ্ডাধীশৰ আৱাসৰ কাষত - DRISHYAM IN REAL LIFE

অতি নিৰাপদ এলেকাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত আতংক । আৰক্ষীৰ জেৰাৰ সময়ত হত্যাকাৰীয়ে প্ৰকাশ কৰে বহু গুৰুত্বপূৰ্ণ তথ্য ৷

DRISHYAM IN REAL LIFE
murder news (representative image)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 6:34 PM IST

হায়দৰাবাদ: আপুনি ‘Drishyam’ ছবিখন চাইছে নে ? অজয় দেৱগন আৰু টাবু অভিনীত থ্ৰীলাৰ ছবিখন যথেষ্ট জনপ্ৰিয় হৈছিল ৷ আপুনি যদি ছবিখন চাইছে, নিশ্চয় তাত দেখিছে কিদৰে এগৰাকী আৰক্ষী বিষয়াৰ পুত্ৰক হত্যা কৰি অজয় দেৱগনে এখন নিৰ্মীয়মান থানাৰ মজিয়াত মৃতদেহটো পুতি থয় ৷ আৰক্ষীয়ে জেৰাৰ নামত অজয় দেৱগনৰ সমগ্ৰ পৰিয়ালটো অকথ্য় নিৰ্যাতন চলাই যদিও কোনো মতেই তেওঁলোকে মৃতদেহৰ সন্ধান উলিয়াব নোৱাৰিলে বা ঘটনাৰ ৰহস্যও উদঘাটন কৰিব নোৱাৰিলে ৷ তেনে এক ঘটনাই বাস্তৱত সংঘটিত হৈছে ৷

এজন লোকে এগৰাকী মহিলাক হত্যা কৰি পুতি থ’লে জিলা দণ্ডাধীশৰ আৱাসিক চৌহদৰ কাষৰে এটুকুৰা স্থানত ৷ তাৰ পিচত প্ৰায় চাৰিমাহ মুকলি আকাশৰ তলত নিচিন্ত মনে কটালে তেওঁ ৷ কথাতে কয় নহয়, বোলে পাপে বাপকো নেৰে...এটা হত্যাকাণ্ড সংঘটিত কৰি কোনোবা ধৰা নপৰাকৈ থাকিব পাৰে জানো ? শনিবাৰে নিশা আৰক্ষীয়ে লোকজনক আটক কৰাত সকলো কথা তেওঁ স্বীকাৰ কৰে ৷

কিয় হত্যা কৰা হৈছিল মহিলাগৰাকীক ?

যিজন অভিযুক্তৰ বিষয়ে আমি ইয়াত উল্লেখ কৰিছোঁ তেওঁৰ নাম হৈছে বিমল ৷ পেচাত তেওঁ এজন জীম ট্ৰেইনাৰ ৷ তেওঁৰ জীম চেণ্টাৰলৈ শৰীৰ চৰ্চাৰ বাবে গৈছিল এগৰাকী দুটি সন্তানৰ মাতৃ ৷ শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ দিয়াৰ মাজতেই বিমল আৰু মহিলাগৰাকীৰ মাজত আৰম্ভ হ’ল কথা-বতৰা ৷ এনেদৰে চাৰিমাহ মান পাৰ হ’ল, এদিন হঠাৎ জীমৰ পৰা ওলাই অহাৰ পিচৰ পৰাই নিখোজ হৈ পৰে মহিলাগৰাকী ৷ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত তেওঁৰ স্বামীয়ে কয় যে মহিলাগৰাকী নিখোজ হোৱা সন্দৰ্ভত থানাত গোচৰ দাখিল কৰা হৈছিল ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল যদিও এই ঘটনাৰ কোনো আঁত বিচাৰি পোৱা নাছিল ৷

হত্যা কৰা হৈছিল মহিলাগৰাকীক

সন্দেহৰ ভিত্তিত আৰক্ষীয়ে জীমৰ ট্ৰেইনাৰ বিমলত আটক কৰি সোধা-পোছা কৰে ৷ আৰক্ষীৰ জেৰাত বিমলে স্বীকাৰ কৰে হত্যাৰ কথা ৷ যোৱা 24 জুনত মহিলাগৰাকী যেতিয়া জীমৰ পৰা ওলাই আহিছিল, তেতিয়া বিমলে তেওঁক নিজৰ গাড়ীত উঠাই লয় ৷ কিছু সময় দুয়ো কথা পাতে ৷ বিমলে জনোৱা মতে, কথাৰ মাজতে তেওঁ মহিলাগৰাকীক সাংসাৰিক জীৱনত ইতিমধ্য়ে তালাক হোৱাৰ কথা কয় ৷ তাৰ পিচতেই দুয়োৰে মাজত আৰম্ভ হয় বাক-বিতণ্ডা ৷ কিন্তু ঘটনা তাতেই শেষ নহ’ল, দুয়োৰে কাজিয়াই হতাহতিৰ ৰূপ ল’লে ৷ তেনে সময়তে বিমলৰ এটা ঘোঁচা মহিলাগৰাকীৰ ডিঙিত পৰে ৷ লগে লগে মৃত্যু হয় মহিলাগৰাকীৰ ৷ কি কৰিব কি নকৰিব একো উৱাদিহ নাপাই কিছু সময় গাড়ীতেই মহিলাগৰাকীৰ মৃতদেহটো ৰাখি পিচত পুতি থয় ৷ মৃতদেহটো বিমলে য’ত পুতিছিল সেইটো হৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুৰক্ষিত অঞ্চল ৷

দণ্ডাধীশ আৰু প্ৰশাসনিক বিষয়াৰ চৌহদৰ সমীপত পুতিলে মৃতদেহ

বিমলে যি স্থানত মহিলাগৰাকীৰ মৃতদেহটো পুতিছিল, তাৰ সমীপতে আছিল জিলা দণ্ডাধীশ, প্ৰশাসনিক বিষয়াৰ আৱাস ৷ প্ৰতিটো আৱাসৰ সমুখত অতিকমেও এজনকৈ সুৰক্ষাকৰ্মী থাকে ৷ পথৰ কাষত চিচিটিভি কেমেৰাও সংযোগ কৰা আছে ৷ এই এলেকালৈ যাবলৈ সাধাৰণ মানুহৰ সাহ নাই বুলিলেও ভুল কোৱা নহ’ব ৷ কিন্তু এগৰাকী জীম ট্ৰেইনাৰে গাড়ীৰে সেই এলেকাত প্ৰৱেশ কৰাটো আশ্চৰ্যকৰ বিষয় ৷ কেৱল প্ৰৱেশ কৰাই নহয়, প্ৰায় পাঁচ ঘন্টা সময় গাঁত খান্দি মহিলাৰ মৃতদেহ পুতি সুকলমে ঘূৰিও আহিল তেওঁ ৷ কোনেও তেওঁক দেখাও নাপালে ৷

আৰক্ষীৰ ভাষ্য-

এই ঘটনা সন্দৰ্ভত উপ-আৰক্ষী অধীক্ষক পূৰ্বী এছ কে সিঙে কয় যে অভিযুক্তই মহিলাগৰাকীৰ মৃতদেহ জিলা দণ্ডাধীশৰ আৱাসিক চৌহদৰ সমীপত পুতি থোৱা বুলি স্বীকাৰ কৰিছে ৷ তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত মৃতদেহটো বিচাৰি উলিওৱা হয় ৷ মহিলাগৰাকীক হত্যা কৰাৰ পিচত অভিযুক্তই হোৱাটছ এপ আৰু ফোন ব্যৱহাৰ কৰা নাছিল ৷ পঞ্জাবৰ এখন হোটেলত তেওঁ চাকৰি কৰিছিলগৈ ৷ আৰক্ষীয়ে তেওঁৰ দুখন বেংক পাছবুক জব্দ কৰিছে ৷

আটক হোৱাৰ পিচত অভিযুক্তই আৰক্ষীক কেবাঘন্টা ধৰি বিপথে পৰিচালিত কৰাৰ চেষ্টা চলায় ৷ এবাৰ কয় মৃতদেহটো গংগাত পেলাই দিলে, এবাৰ কয় এটা টিলাত মৃতদেহটো পুতি থ’লে, এনেকৈ বিভিন্ন স্থানৰ কথা কৈছিল তেওঁ ৷ সকলোতে আৰক্ষীয়ে তদন্ত কৰি মৃতদেহৰ সন্ধান নাপালে ৷ তাৰ পিচতেই সোধা-পোছা অধিক কঠোৰ কৰাত বিমলে সত্য স্বীকাৰ কৰে ৷

মৃতদেহ লৈ অভিযুক্তই এই সুৰক্ষিত অঞ্চলত কেনেকৈ প্ৰৱেশ কৰিলে ? এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিল আৰক্ষী বিষয়াগৰাকী ৷ মহিলাগৰাকীৰ স্বামীয়ে অভিযুক্তক শাস্তি হিচাপে ফাঁচি দিবলৈ দাবী জনাইছে ৷ এই ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ কানপুৰৰ ৷ মৃত মহিলাগৰাকীৰ ঘৰ আছিল কোটৱালী অঞ্চলত ৷

লগতে পঢ়ক: বাবা ছিদ্দিকী হত্যাৰ গোচৰত লুধিয়ানাৰ পৰা আৰু এজনক গ্ৰেপ্তাৰ

লৰেন্স বিষ্ণৈৰ ভায়েকৰ খবৰ দিলেই পাব ১০ লাখ টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.