ETV Bharat / bharat

ৰেগিঙৰ বাবে মৃত্যু হ’ল নেকি MBBSৰ ছাত্ৰ অনিলৰ ! - MBBS STUDENT DEAD

জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা MBBSৰ কণিষ্ঠ ছাত্ৰক ৰেগিং কৰাৰ অভিযোগ ৷ জ্যেষ্ঠ ছাত্ৰই ৩ঘণ্টা ধৰি থিয় হ’বলৈ বাধ্য কৰোৱাত ভুক্তভোগী ছাত্ৰৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন ।

MBBS Student Dead
ৰেগিঙৰ অভিযোগ (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 1:19 PM IST

পাটন : চৰ্চাত পাটনৰ ৰেগিংকাণ্ড ৷ এই ৰেগিংকাণ্ডৰ বলি হৈ এজন চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু হোৱাৰ হৈছে ৷ গুজৰাটৰ পাটন জিলাত এজন চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰক তেওঁৰ জ্যেষ্ঠসকলে ৰেগিং কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

সংবাদ সংস্থা PTI ৰ বাতৰিত প্ৰকাশিত তথ্য মতে, ৰেগিঙৰ সময়ত প্ৰায় তিনি ঘণ্টা ধৰি ভুক্তভোগী ছাত্ৰজনক থিয় কৰাই ৰাখিছিল তেওঁৰ জ্যেষ্ঠসকলে ৷ যাৰ ফলত MBBS ৰ যুৱ ছাত্ৰজনৰ মৃত্যু হয় ।

MBBS ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অনিল নাটৱাৰভাই মেথানিয়াক (১৮) শনিবাৰে নিশা (১৬ নৱেম্বৰ, ২০২৪) জি এম আৰ এছ মেডিকেল কলেজ আৰু হাস্পতাল(GMERS Medical College and Hospital)ৰ হোষ্টেলত তেওঁৰ ছিনিয়ৰসকলে ৰেগিং কৰে ৷ প্ৰায় তিনি ঘণ্টা ধৰি ছাত্ৰজনক জ্যেষ্ঠ ছাত্ৰই থিয় হ’বলৈ বাধ্য কৰায় ৷ ফলত অসুস্থ হৈ ভুক্তভোগী ছাত্ৰজন মাটিত ঢলি পৰে ৷

MBBS Student Dead
ৰেগিঙৰ অভিযোগ (ETV BHARAT)

কলেজৰ ডীন হাৰ্দিক শ্বাহৰ মতে, সুৰেন্দ্ৰনগৰ জিলাৰ জেছদা গাঁৱৰ বাসিন্দা অনিল অচেতন হৈ পৰাৰ লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক চিকিৎসকলে মৃত বুলি ঘোষণা কৰে । শ্বাহে কয় যে ভুক্তভোগীগৰাকীৰ সমনীয়াই উল্লেখ কৰা মতে তেওঁৰ জ্যেষ্ঠসকলে ৰেগিঙৰ সময়ত তেওঁক তিনি ঘণ্টা ধৰি থিয় কৰাইছিল ।

লগতে পঢ়ক :ব’ৰ্ডিঙত থকা অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত বিষয়াৰ পুত্ৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ - Student Sexual harassment case

শ্বাহে কয়, "ছাত্ৰ মূৰ্ছা গৈ মাটিত ধলি পৰাৰ পিছতে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু চিকিৎসকে তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল ৷ তেওঁৰ সহপাঠীসকলে কয় যে অনিল তিনি ঘণ্টা থিয় হৈ আছিল ৷ কলেজৰ হোষ্টেলত জ্যেষ্ঠসকলে আগত নিজৰ পৰিচয় দিয়াৰ পিছতে তেওঁৰ মৃত্যু হয় ।" (PTI)

তেওঁ কয় যে মহাবিদ্যালয়খনৰ ৰেগিং বিৰোধী সমিতিয়ে ইতিমধ্যে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ৷ অভিযুক্ত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰী যদি এই ৰেগিংকাণ্ডৰ লগত জড়িত বুলি ধৰা পৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

PTI ৰ বাতৰিত উল্লেখ কৰা মতে, কলেজখনৰ প্ৰথম বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰই কয় যে সাতৰ পৰা আঠজন জ্যেষ্ঠ ছাত্ৰই কণিষ্ঠ ছাত্ৰৰ এটা দলক প্ৰায় তিনি ঘণ্টা থিয় হৈ এজন এজনকৈ নিজৰ পৰিচয় দিবলৈ বাধ্য কৰাইছিল ।

নাম প্ৰকাশ নকৰাকৈয়ে সংবাদ মাধ্যমৰ আগত এজন ছাত্ৰই কয়, "তেওঁলোকে আমাক থিয় হৈ থাকিবলৈ বাধ্য কৰাইছিল আৰু আমাক উত্তেজিত নহ’বলৈ কৈছিল । তেতিয়াই আমাৰ লগত থিয় হৈ থকা এজন ছাত্ৰ অচেতন হৈ পৰি যায় । আমি তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গ'লো ৷ কিন্তু তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে ।"

ভুক্তভোগীৰ পৰিয়ালৰ লোকে কয় যে অনিলে এমাহ পূৰ্বেহে MBBS ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হিচাপে ধৰ্মপুৰ মেডিকেল কলেজত যোগদান কৰিছিল । মহাবিদ্যালয় আৰু চৰকাৰৰে পৰিয়ালটো ন্যায় প্ৰদান কৰিব বুলি তেওঁলোক আশাবাদী বুলি কয় । তেওঁ কয়, "মোৰ খুড়াই ফোন কৰি কৈছিল যে মোৰ খুলশালীটো অচেতন হৈ চিকিৎসালয়ত ভৰ্তি হৈছে । মই হাস্পতালত উপস্থিত হোৱাৰ পাচত গম পালো যে তেওঁৰ মৃত্যু হৈছে ।"

"অনিলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে ৷ গতিকে ৰিপ'ৰ্ট অহাৰ পিছত সত্যটো গম পোৱা যাব । কলেজৰ আন ছাত্ৰ-ছাত্ৰীৰ পৰা আমি শুনিছিলো যে জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে তেওঁক কেইবাঘণ্টা ধৰি থিয় কৰাইছিল ৷ তাৰ পিছত তেওঁ অজ্ঞান হৈ মৃত্যুবৰণ কৰে । চৰকাৰ আৰু মহাবিদ্যালয়খনৰ পৰা আমি ন্যায় বিচাৰিছো ।’’ তেওঁ কয় ৷

উপ-অধীক্ষক কে কে পাণ্ডিয়াই কয় যে তেওঁলোকে এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : দশম আৰু দ্বাদশ শ্ৰেণীৰ বাহিৰে দিল্লীত সকলোৰে স্কুল বন্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.