ETV Bharat / bharat

ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত পুষ্পাঞ্জলি গ্ৰীচ প্ৰধানমন্ত্ৰীৰ

author img

By ANI

Published : Feb 21, 2024, 4:01 PM IST

Greece PM at Raj Ghat : দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছ । বুধবাৰে তেওঁক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে 'গাৰ্ড অব অনাৰ' প্ৰদান কৰা হয় । মিটচোটাকিছে কৌশলগত অংশীদাৰিত্বত গ্ৰীচৰ গুৰুত্বৰ কথা ব্যক্ত কৰে আৰু দ্বিপাক্ষিক আলোচনাৰ আগ্ৰহ ব্যক্ত কৰে ।

ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত পুষ্পাঞ্জলি গ্ৰীচ প্ৰধানমন্ত্ৰীৰ
ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত পুষ্পাঞ্জলি গ্ৰীচ প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : নৱম ৰাইচিনা আলোচনাত অংশগ্ৰহণৰ উদ্দেশ্যৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ আহিছে গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছ । নতুন দিল্লীত উপস্থিত হোৱাৰ পিছত গ্ৰীক প্ৰধানমন্ত্ৰীগৰাকীয়ে বুধবাৰে দিল্লীৰ ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে । তেওঁৰ সৈতে পত্নী মাৰেভা গ্ৰাবস্কিও উপস্থিত থাকে । উল্লেখ্য যে তেওঁ ২১-২২ ফেব্ৰুৱাৰীলৈ ভাৰতত থাকিব ।

আনহাতে, দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা গ্ৰীক প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছক বুধবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত আনুষ্ঠানিকভাৱে 'গাৰ্ড অব অনাৰ' প্ৰদান কৰা হয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পত্নী মাৰেভা গ্ৰাবস্কি মিটচোটাকিছৰ সৈতে মিটচিটাকিছক আদৰণি জনায় । গাৰ্ড অব অনাৰ লাভ কৰাৰ পিছত গ্ৰীচৰ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সৈতে কৌশলগত অংশীদাৰিত্ব গ্ৰীচৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় । তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ বাবে অপেক্ষা কৰি আছে ।

"কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰীৰ গ্ৰীচ ভ্ৰমণৰ প্ৰতিদান স্বৰূপে চৰকাৰী ভ্ৰমণত ভাৰতত উপস্থিত হোৱাটো এক সৌভাগ্যৰ বিষয় । গ্ৰীচৰ বাবে দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব বিশেষ গুৰুত্বপূৰ্ণ আৰু আমি বিভিন্ন বিষয়, ৰাজনৈতিক পৰামৰ্শ, কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰাৰ সুযোগ পাম । লগতে আমাৰ দুয়োখন দেশৰ অৰ্থনীতিৰ মাজত আমাৰ অৰ্থনৈতিক জীৱন লাভ কৰিম । সেয়ে ইয়াত উপস্থিত হোৱাটো প্ৰকৃততে এক সৌভাগ্য । মই সঁচাকৈয়ে প্ৰধানমন্ত্ৰী হিচাপে আমি নিৰ্ধাৰণ কৰা আলোচনাৰ বাবে অপেক্ষা কৰি আছোঁ ।" মিটচিটাকিছে কয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে গ্ৰীক প্ৰধানমন্ত্ৰী কিৰিয়াকোছক সাক্ষাত কৰে । সাক্ষাতৰ পিছত জয়শংকৰে কয় যে তেওঁ ভাৰত আৰু গ্ৰীচৰ মাজত সম্পৰ্ক বৃদ্ধিৰ বাবে মিটচোটাকিছৰ প্ৰতিশ্ৰুতিক গুৰুত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক :দিল্লীত ৰাইচিনা আলোচনাত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত বিশ্ব নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.