ETV Bharat / bharat

মহিলাৰ সুৰক্ষাৰ বাবে গোৰখপুৰৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ছাত্ৰীয়ে প্ৰস্তুত কৰিলে ব্লুটুথ কাণফুলি - amazing earrings

চাৰিগৰাকী বি-টেক শিক্ষাৰ্থীয়ে প্ৰস্তুৰ কৰিলে মহিলাসকলৰ সৌন্দৰ্য বৃদ্ধিৰ লগতে প্ৰয়োজনত সুৰক্ষা প্ৰদান কৰিব পৰা কাণফুলি ।

Woman safety earrings
ব্লুটুথ কাণফুলিৰ উদ্ভাৱক ছাত্ৰী
author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 8:42 PM IST

নেশ্য়নেল ডেস্ক, ৯ মাৰ্চ :উত্তৰ প্ৰদেশৰ গোৰখপুৰ চহৰৰ প্ৰযুক্তি আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ বি-টেক শিক্ষাৰ্থী কেইগৰাকীমানে এবিধ এনেধৰণৰ কাণফুলি প্ৰস্তুত কৰিছে যিয়ে মহিলাসকলৰ সৌন্দৰ্য বৃদ্ধিৰ লগতে প্ৰয়োজনত তেওঁলোকক সুৰক্ষাও প্ৰদান কৰিব । এ আইৰ প্ৰথম বৰ্ষৰ বি-টেক চাৰিগৰাকী শিক্ষাৰ্থী আফৰিন খাতুন, উম্মে হাবিবা, ৰিয়া সিং আৰু ফায়া নুৰীয়ে উদ্ভাৱন কোষৰ সমন্বয়ক বিনীত ৰায়ৰ নেতৃত্বত মহিলাসকলৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য় ৰাখি এইবিধ ব্লুটুথ কাণফুলি প্ৰস্তুত কৰিছে । এইবিধ কাণফুলি মহিলাই ব্লুটুথ কাণফুলি হিচাপে ব্যৱহাৰ কৰাৰ উপৰি সময়ত কাণফুলিবিধকেই অস্ত্ৰ হিচাপে ব্য়ৱহাৰ কৰিব পাৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

এইবিধ ব্লুটুথ কাণফুলি প্ৰস্তুত কৰা শিক্ষাৰ্থীসকলে কয় যে মহিলাসকলে ধুনীয়া দেখাবলৈ মেকআপ আৰু গহনা বহুত ব্যৱহাৰ কৰে । এই কাণফুলিবধেও সেই কাৰ্যই সম্পাদন কৰিব । এইবিধ ব্লুটুথ কাণফুলি অসামাজিক কাৰ্যৰ পৰা মহিলাগৰাকীক সুৰক্ষা প্ৰদানত সহায় কৰিব । আইটিএম বি-টেক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে দুসপ্তাহৰ কঠোৰ পৰিশ্ৰমৰ পিছত এই কাণফুলিবিধ প্ৰস্তুত কৰি উলিয়াইছে । এইবিধ কাণফুলিয়ে ম'বাইলৰ ব্লুটুথৰ সৈতে কাম কৰে আৰু আৰক্ষী আৰু পৰিয়াললৈ জৰুৰীকালীন কল আৰু অৱস্থান প্ৰেৰণ কৰিব পাৰিব । তেওঁলোকে পুনৰ কয় যে এয়া সময়ত বন্দুকৰ দৰেও কাম কৰিব । প্ৰয়োজনত জলকীয়াৰে গুলী মাৰিব পাৰিব । এই কাণফুলিবিধৰ সহায়ত মহিলাসকলৰ প্ৰতি উৎপীড়ন সংখ্য়াও হ্ৰাস কৰিব পৰাটো সম্ভৱ হ'ব বুলি কয় ।

এই কাণফুলিবিধত তিনিটা জৰুৰীকালীন নম্বৰ প্লেট ছেট কৰিব পাৰি । ইয়াত দুটা পেনিক বুটাম আছে য'ত এটা বুটামে জৰুৰীকালীন আৰু পৰিয়ালৰ সদস্যসকলক কল আৰু অৱস্থান প্ৰেৰণ কৰে । আনটো বুটামক জলকীয়া বন্দুক হিচাপে ব্য়ৱহাৰ কৰিব পাৰিব ।

শিক্ষাৰ্থীসকলে কয় যে তেওঁলোকে গুলীচালনা কৰাৰ লগে লগে কাণফুলিৰ পৰা দ্ৰুতগতিত ৰঙা জলকীয়াৰ গুলী ওলাই আহিব আৰু আক্ৰমণকাৰীক আঁতৰি যাবলৈ বাধ্য় কৰিব । আফৰিন খাতুন কাণফুলিৰ ওজন প্ৰায় ৩৫ গ্ৰাম হ'ব বুলি উল্লেখ কৰি ইয়াক নিৰ্মাণ কৰিবলৈ ১৬৫০ টকা ব্য়য় হোৱা বুলি কয় । ইয়াত ব্লুটুথ মডিউল বেটাৰী আৰু দুটা চুইচ, ষ্টীল পাইপ, কাণৰ ৰিং আদি ব্যৱহাৰ কৰা হৈছে । অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সঞ্চালক ড৹ এন কে সিং আৰু সচিব অনুজ আগৰৱালে শিক্ষাৰ্থীসকলৰ এই কাৰ্যত আনন্দ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:অৰুণাচলৰ ছেলা সুৰংগ মুকলি; প্ৰায় ৫৫ কোটি টকাৰ ব্যয়সাপেক্ষে মুকলি বিভিন্ন আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.