ETV Bharat / bharat

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ গজল সম্ৰাট পংকজ উধাছৰ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 4:56 PM IST

Updated : Feb 26, 2024, 6:11 PM IST

Pankaj Udhas Passes Away : 72 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ গজল সম্ৰাট পংকজ উধাছৰ ৷ 1951 চনৰ 17 মে’ত গুজৰাটৰ জেটপুৰত জন্মগ্ৰহণ কৰিছিল প্ৰখ্যাত গজল গায়কজনে ৷

Pankaj Udhas Passes Away
গজল সম্ৰাট পংকজ উধাছৰ মৃত্যু

নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী : দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত 72 বছৰ বয়সত দেহাৱসান ঘটিল ভাৰতৰ প্ৰখ্যাত গজল গায়ক পংকজ উধাছৰ ৷ প্ৰখ্যাত গজল গায়কজনৰ মৃত্যু হোৱা বুলি সোমবাৰে পৰিয়ালে নিশ্চিত কৰিছে ৷ তেওঁৰ মৃত্যুৰ খবৰে সংগীত উদ্যোগ আৰু বিশ্বজুৰি অগণন অনুৰাগীক শোকাহত কৰি তুলিছে ৷ হৃদয়স্পৰ্শী পৰিৱেশন আৰু সুৰীয়া কণ্ঠৰ বাবে পৰিচিত পংকজ উধাছে এৰি থৈ যায় এক অবিস্মৰণীয় সংগীতৰ সাম্ৰাজ্য ৷

1951 চনৰ 17 মে’ত গুজৰাটৰ জেটপুৰত জন্মগ্ৰহণ কৰা পংকজ উধাছে ৰাজকোটৰ সংগীত নাট্য একাডেমীত যোগদান কৰিছিল ৷ য’ত তেওঁ তবলা বজোৱাৰ দক্ষতা বৃদ্ধি কৰিছিল ৷ পিচলৈ তেওঁ উইলছন কলেজ আৰু মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে একেসময়তে মাষ্টাৰ নৱৰাঙৰ তত্ত্বাৱধানত ভাৰতীয় শাস্ত্ৰীয় কণ্ঠ সংগীতৰ প্ৰশিক্ষণ লয় ৷

পংকজ উধাছৰ সংগীত যাত্ৰা কামনা ছবিখনৰ প্ৰথম একক গীতৰ পৰা আৰম্ভ হৈছিল ৷ যিটো গীত উষা খান্নাই সুৰ আৰোপ কৰাৰ লগতে নকশ ল্যালপুৰীয়ে ৰচনা কৰিছিল ৷ ছবিখনৰ ব্যৱসায়িক বিফলতা সত্ত্বেও তেওঁৰ পৰিৱেশনে অপৰিসীম প্ৰশংসা লাভ কৰিছিল ৷ ইয়াৰ পিচত পংকজ উধাছে গজলৰ মাজত গভীৰভাৱে সোমাই উৰ্দু ভাষা আয়ত্ত কৰি গজল গায়ক হিচাপে কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয় ৷

কৰ্কট ৰোগী আৰু থেলাছেমিক শিশুক সহায় কৰা উল্লেখযোগ্য দানশীল প্ৰচেষ্টাৰ সমান্তৰালভাৱে গজল গায়ন কলালৈ আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে পংকজ উধাছক 2006 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয় ৷ তিনি দশকৰো অধিক সময় ধৰি চলি থকা বিখ্যাত কেৰিয়াৰত পংকজ উধাছ আশীৰ দশকৰ গজলৰ ক্ষেত্ৰত আগশাৰীত আছিল ৷ এই সময়চোৱাত তেওঁ বহুকেইটা স্মৰণীয় তথা জনপ্ৰিয় গীত আগবঢ়াইছিল ৷ বলীউডৰ কেইবাখনো জনপ্ৰিয় ছবিতো তেওঁ কণ্ঠদান কৰিছিল ৷ তেওঁৰ কণ্ঠই স্পৰ্শ কৰিছিল অনুৰাগীৰ আত্মা ৷ তেওঁৰ মৃত্যুৱে সংগীত জগতত এক বিৰাট শূন্যতাৰ সৃষ্টি কৰিলে ৷ অনুৰাগীৰ প্ৰাণত কালজয়ী সুৰৰ মাজেৰে অনুৰণিত হৈ থাকিব তেওঁ ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা কুমাৰ শ্বাহানীৰ দেহাৱসান

Last Updated : Feb 26, 2024, 6:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.