ETV Bharat / bharat

বিদ্যুৎস্পৃষ্ট হোৱা নাহৰফুটুকীক নৱজীৱন - Oxygen cylinder fitted to leopard

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 10:20 PM IST

CPR Given to leopard: ছত্তীশগড়ৰ গৰিয়াবন্দত এটা নাহৰফুটুকীৰ প্ৰাণৰক্ষাৰ বাবে বন বিভাগৰ দলে যুদ্ধকালীন অভিযান চলায় । বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত নাহৰফুটুকীটোৰ জীৱন ৰক্ষা কৰিবলৈ প্ৰথমে অক্সিজেন চিলিণ্ডাৰ ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ পিচত চি পি আৰ দিয়া হৈছিল । নাহৰফুটুকীটোক বচাবলৈ নন্দনবনৰ পৰা অনা হৈছিল পশু চিকিৎসক ।

CPR Given to leopard
বিদ্যুৎস্পৃষ্ট হোৱা নাহৰফুটুকীক নৱজীৱন (ETV Bharat Assam)

নিউজ ডেস্ক, ২৯ জুলাই: কেতিয়াবা কেতিয়াবা দুৰ্দ্দান্ত চিকাৰীয়েও চিকাৰৰ বাবে নিজৰ জীৱনৰ বাজি লগায় । ছত্তীশগড়ৰ গৰিয়াবন্দতো এনেধৰণৰ এক ঘটনা সংঘটিত হয়, য’ত এটা বান্দৰ চিকাৰ কৰিবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হয় এটা নাহৰফুটুকী । লগে লগে মাটিত ঢলি পৰে নাহৰফুটুকীটো । ইয়াৰ পাচতেই নাহৰফুুটুকীটো বিদ্যুৎস্পৃষ্ট হোৱাৰ খবৰ লাভ কৰে বন বিভাগৰ লোকে ৷ তাৎক্ষণিকভাৱে বন বিভাগৰ এটা দল সেই স্থানত উপস্থিত হয় আৰু নাহৰফুটুকীটো বন বিভাগৰ চিকিৎসালয়লৈ অনা হয় ।

নাহৰফুটুকীটোক বচাবলৈ লগাই দিয়া হ’ল অক্সিজেন চিলিণ্ডাৰ :

নাহৰফুটুকীটোৱে উশাহ ল’বলৈ কষ্ট পোৱা দেখি বন বিভাগৰ লোকে লগে লগে অক্সিজেন চিলিণ্ডাৰৰ জৰিয়তে কৃত্ৰিম শ্বাস-প্ৰশ্বাস দিয়ে । নাহৰফুটুকীটোৰ হৃদস্পন্দন যাতে অব্যাহত থাকে তাৰ বাবে চি পি আৰ দিয়া হৈছিল ।

লগতে পঢ়ক: এটা বাঘে ঘটিয়ে ঘটিয়ে পানী খুৱাইছে বন বিভাগক - Tiger Scare in Nagaon

নন্দনবনৰ পৰা অনা হ’ল চিকিৎসক:

নাহৰফুটুকীটোৰ জীৱন ৰক্ষাৰ বাবে নন্দনবনৰ পৰা চিকিৎসকক মাতি অনা হয় । আহত নাহৰফুটুকীটোক বচাবলৈ অহৰহ কাম কৰে চিকিৎসকে । বন বিভাগৰ দলটোৱে জনোৱা মতে, নাহৰফুটুকীটোৰ হৃদস্পন্দন ঘূৰি নাহিলে বেজীও দিয়া হ’ব । নাহৰফুটুকীটোক পুনৰ চেতনালৈ আনিবলৈ গ্লুক’জ আৰু চেলাইনো দিয়া হৈছে । প্ৰায় ৪০ মিনিটৰ কঠিন সংগ্ৰামৰ অন্তত নাহৰফুটুকীটোৰ শ্বাস-প্ৰশ্বাস কিছু স্বাভাৱিক হয় ।

"গছ বা বিদ্যুতৰ খুঁটাৰ পৰা পৰাত নাহৰফুটুকীটোৰ অৱস্থা সংকটজনক আছিল । আমি অহৰহভাবে নাহৰফুটুকীটোৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখিছিলো । চি পি আৰ আৰু অক্সিজেন চিলিণ্ডাৰৰ সহায়ত এতিয়া নাহৰফুটুকীটোৰ অৱস্থা কিছু উন্নত হৈছে । আশা কৰোঁ সোনকালে ঠিক হৈ যাব । একেৰাহে বোকা আৰু পানীত পৰি থকাৰ বাবে শৰীৰৰ উষ্ণতা বহু পৰিমাণে হ্ৰাস পাইছিল ।" - ডাঃ ৰাকেশ বাৰ্মা, বন্যপ্ৰাণী বিশেষজ্ঞ, নন্দনবন

সুস্থ হৈ উঠাৰ পাচত পুনৰ অৰণ্যলৈ যাব পাৰিব:

চিকিৎসকে লগতে কয়, "বহু উচ্চতাৰ পৰা পৰি যোৱাৰ বাবে নাহৰফুটুকীটোৰ হাড় ভাঙি গৈছে । সম্পূৰ্ণ আৰোগ্য হোৱাৰ পিচতো ভৱিষ্যতে সঠিকভাৱে খোজকাঢ়িব পাৰিবনে নাই কোৱা টান । বৰ্তমান বন বিভাগৰ কঠোৰ পৰিশ্ৰমৰ ফলত নাহৰফুটুকীটোৰ প্ৰাণৰক্ষা পৰিল ।"

লগতে পঢ়ক: বাঘৰ আতংক; বুধবাৰে সাপ্তাহিক বজাৰ নবহিল ধিঙত - TIGER SCARE IN NAGAON

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.