নতুন দিল্লী : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত আগন্তুক কেন্দ্ৰীয় বাজেট ২০২৫-২৬ সন্দৰ্ভত স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিসকলৰ সৈতে ষষ্ঠ প্ৰাক-বাজেট আলোচনাত সভাপতিত্ব কৰে ।
বৈঠকত বিত্ত সচিব আৰু বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগৰ সচিব (ডি আই পি এ এম); বিত্ত মন্ত্ৰণালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবসকল; স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়; বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা; স্বাস্থ্য গৱেষণা আৰু ভাৰত চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাসকল উপস্থিত থাকে ।
মুম্বাইৰ টাটা মেম'ৰিয়েল চেণ্টাৰৰ সঞ্চালক কৈলাস শৰ্মা; জনস্বাস্থ্য বিশেষজ্ঞ আৰু এপিডেমিঅ'লজিষ্ট ডাঃ অতুল কোটৱাল; ৰাষ্ট্ৰীয় পৰীক্ষা পৰিষদৰ সভাপতি ড৹ অভিজাত শেঠ; ছেইণ্ট জনছ নেচনেল একাডেমী অব হেল্থ ছায়েন্সেছৰ অধ্যাপক ডাঃ হৰি মোহন; শ্ৰী বিশ্বকৰ্মা দক্ষতা বিশ্ববিদ্যালয়, হাৰিয়ানাৰ উপাচাৰ্য অধ্যাপক ৰাজ নেহৰু; শিক্ষক স্বীকৃতি কেন্দ্ৰ (Centre for Teacher Accreditation, CENTA)ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰাম্য ভেংকটৰমণ; অখিল ভাৰতীয় ৰাষ্ট্ৰীয় শৈক্ষিক মহাসংঘৰ সাধাৰণ সম্পাদক অধ্যাপক গীতা ভট্ট; এবিভিপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশিস চৌহান আছিল পৰামৰ্শ সভাত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তি ।
ইয়াৰ পূৰ্বে সোমবাৰে সীতাৰমণে এক পৃথক বৈঠকত বিভিন্ন উদ্যোগ সংস্থাৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে । উদ্যোগ সংস্থাসমূহে চৰকাৰৰ সন্মুখত কেইবাটাও পৰামৰ্শ আগবঢ়ায় । বিত্ত মন্ত্ৰণালয়ে বিশেষজ্ঞ, উদ্যোগপতি, অৰ্থনীতিবিদ আৰু ৰাজ্যিক বিষয়াসকলৰ সৈতে বছৰি কেইবাখনো প্ৰাক-বাজেট পৰামৰ্শ বৈঠক অনুষ্ঠিত কৰে । পৰৱৰ্তী বিত্তীয়বৰ্ষৰ বাবে বাৰ্ষিক বাজেট প্ৰস্তুত কৰাৰ আনুষ্ঠানিক অনুশীলন ইতিমধ্যে আৰম্ভ হৈছে ।
আনহাতে, সীতাৰমণে এতিয়ালৈকে বিভিন্ন অংশীদাৰৰ সৈতে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে । ইয়াৰ ভিতৰত আছে এম এছ এম ই, কৃষক সংগঠন আৰু অৰ্থনীতিবিদসকল । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সপ্তাহত নীতি আয়োগ চৌহদত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰস্তুতিৰ বাবে বিশিষ্ট অৰ্থনীতিবিদ আৰু বুদ্ধিজীৱীসকলৰ এটা দলৰ সৈতেও বাৰ্তালাপ কৰে ।
পূৰ্বৰ দৰে ২০২৫-২৬ বৰ্ষৰ বাজেট ২০২৫ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে উত্থাপন কৰা হ'ব ৷ ২০২৫-২৬ বৰ্ষৰ বাজেট হ'ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অষ্টমখন বাজেট ৷ সকলোৰে দৃষ্টি মুখ্য ঘোষণা আৰু মোদী 3.0 কাৰ্যকালৰ বাকী সময়ৰ বাবে চৰকাৰে আগবঢ়োৱা অৰ্থনৈতিক নিৰ্দেশনাৰ ওপৰত নিবদ্ধ থাকিব ।