ETV Bharat / bharat

আজিৰে পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন - First session of 18 th Lok Sabha

18th Lok Sabha session: আজিৰে পৰা আৰম্ভ হ’ব 18 সংখ্যক লোকসভাৰ প্ৰথমখন অধিৱেশন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি নৱনিৰ্বাচিত সাংসদ সদস্যসকলে শপত বাক্য পাঠ কৰিব এই অধিৱেশনত ৷ পৰীক্ষা সন্দৰ্ভত উত্থাপিত অভিযোগ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে বিৰোধীয়ে বিভিন্ন প্ৰশ্নৰে শাসকীয় চৰকাৰক থকা-সৰকা কৰাৰ সম্ভাৱনা আছে ৷

author img

By ANI

Published : Jun 24, 2024, 9:31 AM IST

First session of 18th Lok Sabha to begin today, PM Modi, newly elected members to take oath
আজিৰে পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 24 জুন : সোমবাৰৰ পৰা আৰম্ভ হ’ব 18 সংখ্যক লোকসভাৰ প্ৰথমখন অধিৱেশন ৷ এই অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি নৱনিৰ্বাচিত সাংসদ সদস্যসকলে শপত গ্ৰহণ কৰিব ।

ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ ভৰত্ৰুহাৰী মাহতাবক লোকসভাৰ সমৰ্থক অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰোৱাব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ইয়াৰ পিছতে মাহতাবে লোকসভাৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিবলৈ আহ্বান জনাব । 26 জুনত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰা হ’ব । 27 জুনত সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ৩ বছৰত বিধানসভাত এটাও লিখিত প্ৰশ্ন নকৰা দুগৰাকী সংসদলৈ ! - MPs from Assam

সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাচত 18 সংখ্যক লোকসভাৰ এইখনেই প্ৰথম অধিৱেশন ৷ সদ্যসমাপ্ত সাধাৰণ নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে 293 খন আসন আৰু INDIA গোটে 234 খন আসন লাভ কৰাৰ লগতে কংগ্ৰেছ দলে লাভ কৰে 99 খন আসন । ইফালে, 24 জুনৰ পুৱা 10 বজাত সংসদৰ চিপিপিৰ কাৰ্যালয়ত নৱনিৰ্বাচিত কংগ্ৰেছ সাংসদৰ সৈতে বৈঠক আহ্বান কৰা হৈছে ।

লগতে পঢ়ক: NEET UG বিতৰ্ক : তদন্তৰ ভাৰ অৰ্পণ চি বি আইক - NEET UG 2024

মেডিকেল প্ৰৱেশ পৰীক্ষা ৰাষ্ট্ৰীয় যোগ্যতা-সহ-প্ৰৱেশ পৰীক্ষা-স্নাতক 2024 (NEET-UG) ত সংঘটিত হোৱা তথাকথিত অনিয়মৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে ৷ এই বিষয়টোৱে সদনৰ মজিয়া উত্তাল কৰাৰ সম্ভাৱনা আছে ৷

বিজেপি নেতা ভৰত্ৰুহৰী মাহতাবক প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়াক লৈও বিতৰ্কৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷ বিৰোধীয়ে দাবী কৰা মতে জ্যেষ্ঠ কংগ্ৰেছ সদস্য কে সুৰেশক চৰকাৰে অৱজ্ঞা কৰিছে ।

ইফালে, প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি পোৱা বিজেপিৰ সাংসদ ভৰত্ৰুহৰী মাহতাবে নৱনিৰ্বাচিত সদস্যসকলক শপত গ্ৰহণ কৰাৰ লগতে সদনৰ কাম-কাজ চোৱাচিতা কৰিব ।

লগতে পঢ়ক: 24 জুনৰ পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন - first session of 18th Lok Sabha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.