ETV Bharat / bharat

ধুতি পিন্ধি চিনেমা চাবলৈ যোৱাৰ বাবেই মলত সোমাবলৈ নিদিলে কৃষকক - Dhoti controversy

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 10:46 PM IST

Dhoti controversy: পোচাকৰ বাবে অপমানিত কৃষক । ধুতি পিন্ধি মূৰত পাগুৰি মাৰি মললৈ যোৱাৰ বাবে মলত প্ৰৱেশ কৰিবলৈ নিদিলে কৃষকক । কৃষকক অপমান কৰা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ ৰাইজৰ । ৰাইজৰ প্ৰতিবাদত সেও মানি সসন্মানেৰে কৃষকক আদৰি নিলে কৃষকক । ক'ত সংঘটিত হৈছে এই ঘটনা ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Farmer wearing dhoti denied entry into mall in Bengaluru, management apologises
ধুতি পিন্ধি গৈছিল চিনেমা চাবলৈ, মলত সোমাবলৈ নিদিলে কৃষকক (ETV Bharat)

নেশ্যনেল ডেস্ক,১৭ জুলাই: ধুতিক লৈ চৰ্চা চলিছে সৰ্বত্ৰে । মঙলবাৰে এজন কৃষকে ধুতি পিন্ধি বেংগালুৰুৰ জিটি মলত প্ৰৱেশ কৰাৰ সময়তে মলটোৰ কৰ্মচাৰীসকলে কৃষকজনক প্ৰৱেশত বাধা দিয়ে । কৃষকজনে অপমানবোধ কৰি উভতি আহে মলটোৰ পৰা । এই খবৰ বিয়পি পৰাত মলৰ কৰ্মচাৰী আৰু কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈ পৰে । ইয়াৰ পাচতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মল মেনেজমেণ্টৰ বিৰুদ্ধে ।

Farmer wearing dhoti denied entry into mall in Bengaluru, management apologises
ধুতি পিন্ধি চিনেমা চাবলৈ যোৱা কৃষক ফকিৰাপ্পা (ETV Bharat)

কানাড়াপন্থী কৰ্মী, কৰ্ণাটক ৰাজ্যিক কৃষক সন্থা আৰু হাচিৰু সেনাৰ ৰাজ্যিক সভাপতি কোডিহাল্লি চন্দ্ৰশেখৰে বুধবাৰে পুৱা ঘটনাটোক গৰিহণা দি এই প্ৰতিবাদৰ নেতৃত্ব দিয়ে । পিচত, মল মেনেজমেণ্টে ক্ষমা বিচৰাত প্ৰতিবাদ প্ৰত্যাহাৰ কৰা হয় ।

কৃষকক সন্মান: প্ৰতিবাদৰ পিচত, মলৰ কৰ্মচাৰীসকলে স্বীকাৰ কৰিছিল যে তেওঁলোকে যি কৰিছিল সেয়া ভুল আছিল । একে সময়তে ধুতি পৰিধান কৰি অহা কৃষক ফকিৰাপ্পাক মলৰ মেনেজমেণ্টে ভিতৰলৈ মাতি আনি সন্মান জনাই ক্ষমা বিচাৰে । প্ৰতিবাদৰ সময়ত, ধুতি পিন্ধা এজন বৃদ্ধ মলৰ ভিতৰলৈ গৈছিল আৰু কৰ্মচাৰীসকলে নিৰাপত্তা পৰীক্ষা অবিহনেও তেওঁক অনুমতি দিছিল ।

মলৰ সমূখত কৃষকৰ প্ৰতিবাদ (ETV Bharat)

ঘটনাৰ বিৱৰণ : ১৬ জুলাইত হাভেৰীৰ বাসিন্দা নাগৰাজে তেওঁৰ পিতৃ-মাতৃক এখন চিনেমা উপভোগ কৰাবলৈ বাংগালুৰুৰ মাগাদি ৰোডৰ জিটি মললৈ লৈ গৈছিল । নাগৰাজৰ পিতৃ ফকিৰাপ্পাই ধুতি পিন্ধি মূৰত পাগুৰি মাৰি ছবিখন উপভোগ কৰিবলৈ গৈছিল । লোকজনৰ পোচাক দেখি, মলটোৰ কৰ্মচাৰীসকলে মলত প্ৰৱেশ কৰিবলৈ দিবলৈ অস্বীকাৰ কৰিছিল । এই খবৰটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।

১৭ জুলাই অৰ্থাৎ বুধবাৰে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে কয়, "কৃষকৰ চাউল খোৱা এই মলটোৰগৰাকীয়ে কৃষকে খেতি কৰা ফল, পাচলি, শস্য আৰু অন্যান্য শস্য আনি বিক্ৰী কৰে । গতিকে তেওঁ তৎক্ষণাৎ কৃষকজনৰ ওচৰত ক্ষমা বিচাৰিব লাগে ।" ইফালে জানিব পৰা গৈছে যে কৰ্ণাটক ৰাজ্যিক মানৱ অধিকাৰ আয়োগে মল পৰিচালনা কৰ্তৃপক্ষৰ আচৰণৰ বিষয়ে স্পষ্টীকৰণ বিচাৰি এখন জাননী জাৰি কৰিবলৈ যো-জা চলাইছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ভাৰত-মংগোলিয়া যৌথ সামৰিক অনুশীলন : নোমেদিক এলিফেণ্ট-২০২৪ৰ সফল সামৰণি - Nomadic Elephant 2024

১৮ জুলাইত পুনৰ মুকলি হ’ব পুৰী জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ - Ratna Bhandar to Reopen

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.