ETV Bharat / bharat

পাথৰ হৈছিল সোঁ বৃক্কত, চিকিৎসকে আঁতৰালে বাওঁ বৃক্ক : হাস্পতালৰ পঞ্জীয়ন বাতিল - Wrong treatment by Doctor

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:23 PM IST

Doctor removed good kidney: পুনৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যুৰে যুঁজিছে এগৰাকী ৰোগীয়ে ৷ বৃক্কৰ অস্ত্ৰোপচাৰ কৰিবলৈ গৈ চিকিৎসকে ৰোগীৰ শৰীৰৰ পৰা আঁতৰালে ভাল বৃক্ক ৷ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য ৷

WRONG TREATMENT BY DOCTOR
Doctor removed good kidney (Representative image)

নিউজ ডেস্ক, ২৮ মে’: চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিৰ খবৰে বহু সময়ত মানুহক আচৰিত কৰি তোলে ৷ ভুল চিকিৎসাৰ বাবে ৰোগী মৃত্যুমুখত পৰাৰ পৰা আৰম্ভ কৰি ৰোগী বা মৃতকৰ শৰীৰ পৰা বিভিন্ন অংগ চুৰি কৰালৈকে বহু ভয়ংকৰ খবৰ বিভিন্ন সময়ত পোহৰলৈ আহে ৷ এইবাৰ পোহৰলৈ আহিছে ৰোগীৰ বেয়া বৃক্কৰ পৰিৱৰ্তে ভাল বৃক্ক আঁতৰোৱাৰ এক ভয়ংকৰ খবৰ ৷

এখন ব্যক্তিগত চিকিৎসালয়ত বৃক্কৰ ৰোগত আক্ৰান্ত ৰোগীগৰাকীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল ৷ তেওঁৰ সোঁ বৃক্কটো বেয়া হৈ গৈছিল যদিও ভাল অৱস্থাত আছিল বাওঁফালৰ বৃ্ক্কটো ৷ কিন্তু অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসকে সোঁ বৃক্কটোৰ পৰিৱৰ্তে বাওঁ বৃ্ক্কটো আঁতৰোৱাৰ অভিযোগ উঠিছে ৷ ৰোগীগৰাকীৰ বৰ্তমান অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: আশ্চৰ্যকৰ ! মৃত ব্যক্তিৰ দেহৰ পৰা পেচমেকাৰ উলিয়াই নিয়াৰ অভিযোগ; দোষ স্বীকাৰ হাস্পতাল কৰ্তৃপক্ষৰ - Allegation Against Private Hospital

দীৰ্ঘদিন ধৰি পেট বিষৰ সমস্যাত ভুগিছিল ৰোগীয়ে: ঈদ বানো নামৰ মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি পেটৰ তীব্ৰ বিষত ভুগিছিল ৷ তেওঁৰ স্বামী শ্বাব্বিৰে যেতিয়া ঈদ বানোক চিকিৎসকৰ ওচৰলৈ লৈ গ’ল, চিকিৎসকে জনায় যে বৃক্কত পাথৰ হোৱাৰ বাবেই তেওঁ পেটৰ বিষত ভুগিছে ৷ অস্ত্ৰোপচাৰ কৰি পাথৰ আঁতৰাই নিদিলে এই বিষ কেতিয়াও ভাল নহয় আৰু বৃক্কৰ ক্ষতি হ’ব ৷ সেয়ে তেওঁৰ অস্ত্ৰোপচাৰৰ ব্য়ৱস্থা কৰা হ’ল ৷

অস্ত্ৰোপচাৰৰ পিচত তীব্ৰ হয় পেটৰ যান্ত্ৰণা: যোৱা ১৫ মে’ত চিকিৎসকে অস্ত্ৰোপচাৰ কৰাৰ পিচতে ১৭ মে’ত ৰোগীৰ প্ৰস্ৰাৱত পূজ ওলাবলৈ ধৰে আৰু বিষ বাঢ়ি যায় । পৰিয়ালৰ লোকে চিকিৎসকক এই বিষয়ে অৱগত কৰাত অন্য এখন চিকিৎসালয়লৈ ৰোগীক লৈ যাবলৈ কোৱাৰ লগতে অস্ত্ৰোপচাৰৰ বিষয়ে একো নক’বলৈ সকীয়াই দিয়ে । যোৱা ২১ মে’ত পৰিয়ালটোৱে ৰোগীগৰাকীক আন এখন চিকিৎসালয়ত ভৰ্তি কৰে ৷ তেতিয়াহে পোহৰলৈ আহে যে তেওঁৰ বাওঁ বৃক্কটো আঁতৰাই দিয়া হৈছে, আনহাতে সংক্ৰমণ সোঁ বৃক্কত আছিল । এতিয়া ঘৰতে সংকটজনক অৱস্থাত আছে ৰোগীগৰাকী ।

ঘটনাক লৈ উত্তেজনা: সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচতে ৰোগীগৰাকীৰ পৰিয়াল উত্তেজিত হৈ পৰে আৰু হুলস্থুল আৰম্ভ কৰে । ঘটনাই অন্য় মোৰ লোৱা দেখি অভিযুক্ত চিকিৎসকজন ভুক্তভোগীৰ ঘৰত উপস্থিত হৈ মহিলাগৰাকীক চিকিৎসা কৰাব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক: মৃতদেহত চকু নেদেখি হতবাক হৈ পৰে পৰিয়াল, সন্দেহৰ আঙুলি চিকিৎসকলৈ

তদন্তৰ নিৰ্দেশ: এই চাঞ্চল্যকৰ ঘটনাটো সংঘতি হৈছে ৰাজস্থানৰ ঝুনঝুনু জিলাৰ নোৱা গাঁৱত ৷ ঝুনঝুনু জিলাৰ উপায়ুক্ত চিন্ময়ী গোপালে কয় যে ভগৱানদাস খেইটান চৰকাৰী হাস্পতালৰ পৰা এটা চিকিৎসকৰ দল পঠিয়াই এই গোচৰৰ তদন্ত কৰিবলৈ দিয়া হৈছে ৷ যিখন চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছিল সেই চিকিৎসালয়খন হৈছে ডাঃ সঞ্জয় ধনখৰ মালিকনাধীন ধনখৰ হাস্পতাল ৷

চিকিৎসালয় ছীল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ: ধনখৰ হাস্পতালত ভৰ্তি হৈ থকা ৰোগীসকলক বিডিকে হাস্পতালত ভৰ্তি কৰা হৈছে । একে সময়তে ধনখৰ হাস্পতাল ছীল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অভিযুক্ত চিকিৎসালয় পৰিচালক আৰু চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাক দাবী জনাইছে, যাতে ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে আন কোনো ৰোগীৰ লগত এনে গাফিলতিৰ সন্মুখীন নহয় ।

ঝুনঝুনুৰ ধনখৰ চিকিৎসালয়ত এগৰাকী মহিলাৰ বৃক্ক ভুলকৈ আঁতৰোৱাৰ সৈতে জড়িত গোচৰ সন্দৰ্ভত চিকিৎসা বিভাগে ব্যৱস্থা গ্ৰহণ কৰি চিকিৎসালয়খনৰ পঞ্জীয়ন বাতিল কৰিছে । বিষয়টোৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী গজেন্দ্ৰ সিং খিনৱছাৰে কয় যে বিষয়টো অতি গুৰুতৰ, ইয়াৰ পিছত চিকিৎসালয়খনৰ পঞ্জীয়ন বাতিল কৰাৰ সমান্তৰালভাৱে বিভিন্ন চৰকাৰী আঁচনিৰ তালিকাৰ পৰা চিকিৎসালয়খনৰ নাম বাদ দিয়া হৈছে ।

লগতে পঢ়ক: Tense situation in Guwahati: গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত যুৱকৰ মৃত্যুক লৈ উত্তেজনা

ড৹ সঞ্জয় ধনখৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে ৫ জনীয়া এখন সমিতি গঠন কৰা হৈছে । এই ঘটনাৰ পিচত কিছুদিন পূৰ্বে মহিলাগৰাকীক এছ এম এছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, যদিও মহিলাগৰাকীক অব্যাহতি দিয়াৰ লগতে চিকিৎসকে ডায়েল'ছিছৰ পৰামৰ্শ দিয়ে । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে যে মহিলাগৰাকীক পুনৰ এছএমএছ হাস্পতালত ভৰ্তি কৰি চিকিৎসালয়তে চিকিৎসা কৰা হ’ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.