ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ গ’ণ্ডাত লাইনচ্যুত হ’ল ডিব্ৰুগড় এক্সপ্ৰেছ : নিহত ২, আহত ২০ ৰো অধিক - TRAIN ACCIDENT IN UP

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 4:22 PM IST

Updated : Jul 18, 2024, 5:33 PM IST

Dibrugarh Express derailed in Gonda: উত্তৰ প্ৰদেশৰ গ’ণ্ডাত দুৰ্ঘটনাত পতিত হ’ল ডিব্ৰুগড় এক্সপ্ৰেছ ৷ উজনিমুৱা ১৫৯০৪ নম্বৰৰ ৰে’লখন লাইনচ্যুত হৈ পৰে ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷ শেহতীয়া খবৰ অনুসৰি, এই দুৰ্ঘটনাত ইতিমধ্যে মৃত্যু হৈছে ২ জন ৰে’লযাত্ৰীৰ ৷

Dibrugarh express derailed in Gonda
গ’ণ্ডাত লাইচ্যুত হ’ল ডিব্ৰুগড় এক্সপ্ৰেছ (ANI)

নেশ্যনেল ডেস্ক, ১৮ জুলাই : আকৌ ৰে’ল দুৰ্ঘটনা ৷ এইবাৰ দুৰ্ঘটনাত পতিত হ’ল ডিব্ৰুগড় এক্সপ্ৰেছ ৷ খবৰ অনুসৰি, চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা উজনিমুৱা ১৫৯০৪ নম্বৰৰ ডিব্ৰুগড় এক্সপ্ৰেছৰ কেবাটাও দবা উত্তৰ প্ৰদেশৰ গ’ণ্ডাত লাইনচ্যুত হৈ পৰে ৷ ফলত এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটো সংঘটিত হয় ।

প্ৰাথমিক তথ্য অনুসৰি, বৃহস্পতিবাৰে দিনৰ প্ৰায় ২.৩৭ বজাত ডিব্ৰুগড় এক্সপ্ৰেছৰ ১০ ৰ পৰা ১২ টা দবা লাইনচ্যুত হৈ পৰে । যাৰ ফলত ডিব্ৰুগড় এক্সপ্ৰেছৰ AC ক’চ (AC Coaches)ৰ অৱস্থা অতি শোচনীয় হৈ পৰে ।

এই খবৰ বিয়পি পৰাৰ লগে লগে ৰে’লখনৰ যাত্ৰীসকল আতংকিত হৈ পৰে ৷ এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি, গ’ণ্ডাৰ সমীপৰ ঝিলাহী ৰে’লৱে ষ্টেচনৰ সমীপত হোৱা এই দুৰ্ঘটনাত ইতিমধ্যে ২ জন ৰে’লযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ২০ ৰো লোক ৷

ঘটনা সন্দৰ্ভত ৰে’ল বিভাগে আৰম্ভ কৰিছে তদন্ত । ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিভাগীয় বিষয়াসকলক অনতিপলমে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । লগতে মুখ্যমন্ত্ৰী যোগীয়ে জিলা প্ৰশাসনৰ সকলো বিষয়াকে আহতসকলক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে X যোগে এই দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

লগতে পঢ়ক : উদ্ধাৰ অভিযানৰ অন্ত: ৰে’ল সুৰক্ষা আয়োগে তদন্ত কৰিব কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাৰ - Kanchanjunga Train Wreck

ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে -

  • লক্ষ্ণৌৰ হেল্পলাইন নম্বৰ - ৮৯৫৭৪০৯২৯২ আৰু
  • গ'ণ্ডাৰ হেল্পলাইন নম্বৰ - ৮৯৫৭৪০০৯৬৫

গ’ণ্ডাৰ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

ইফালে উজনি অসমৰ বাবে কেইবাটাও ট’ল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে-

  • ফৰকাটিং - ৯৯৫৭৫৫৫৯৬৬
  • মৰিয়নী - ৬০০১৮৮২৪১০
  • শিমলুগুৰি - ৮৭৮৯৫৪৩৭৯৮
  • গুৱাহাটী - (০৩৬১) ২৭৩১৬২১, ২৭৩১৬২২, ২৭৩১৬২৩

শেহতীয়াকৈ লাভ কৰা অনুসৰি, যাত্ৰীবাহী ডিব্ৰুগড় এক্সপ্ৰেছখন দুৰ্ঘটনাত পতিত হোৱাৰ বাবে কেবাখনো ৰে’লৰ যাত্ৰাপথ সলনি কৰাৰ লগতে কেবাখনো ৰে’ল বাতিল কৰা হৈছে ৷

লগতে পঢ়ক : মৃত ঘোষণা কৰা ৰে’লৰ সহকাৰী চালকক হাস্পতালৰ বিচনাত আৱিস্কাৰ - KANCHENJUNGHA EXPRESS ACCIDENT

Last Updated : Jul 18, 2024, 5:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.