ETV Bharat / bharat

মানৱ অংগৰ ভয়ংকৰ বেহা; দিল্লী আৰক্ষীৰ জালত মহিলা চিকিৎসকসহ ৭ অভিযুক্ত - Human Organ Trafficking racket

author img

By ANI

Published : Jul 9, 2024, 2:29 PM IST

Human Organ Trafficking racket: মানৱ অংগৰ অবৈধ সৰবৰাহত নামিছে চিকিৎসক । দিল্লী আৰক্ষীৰ অপৰাধ শাখাই তেনে এক চক্ৰ উৎখাত কৰে । ব্যক্তিগত হাস্পতালৰ চিকিৎসকসহ ৭ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

Human Organ Trafficking racket
মানৱ অংগৰ ব্যৱসায়;দিল্লী আৰক্ষীৰ জালত মহিলা চিকিৎসক (ANI PHOTO)

নেশ্যনেল ডেস্ক, ৯ জুলাই : দিল্লী আৰক্ষীৰ বৃহৎ সফলতা । অবৈধ মানৱ অংগ সংৰোপণ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় দিল্লীৰ আৰক্ষীৰ অপৰাধ শাখা । আৰক্ষীয়ে এই চক্ৰৰে জড়িত মহিলা চিকিৎসকসহ প্ৰায় ৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । দিল্লী আৰক্ষীয়ে জনোৱা মতে ধৃত মহিলা চিকিৎসকগৰাকীয়ে দিল্লীৰ এখন প্ৰতিষ্ঠিত চিকিৎসালয়ত কাম কৰে ।

এই চক্ৰৰ সৈতে জড়িত লোকসকলৰ বাংলাদেশৰ সৈতে সম্পৰ্ক আছিল । তেওঁলোকে প্ৰতিটো অংগ সংৰোপণৰ বাবদ ২৫-৩০ লাখ টকা সংগ্ৰহ কৰিছিল । অংগ দাতা আৰু গ্ৰহণকাৰী দুয়ো বাংলাদেশৰ আছিল । তেওঁলোকে ২০১৯ চনৰ পৰা এই চক্ৰটো চলাই আছে ।

দিল্লী আৰক্ষীৰ মতে এই চক্ৰৰ সৈতে জড়িত লোকসকলৰ বাংলাদেশৰ সৈতে সম্পৰ্ক আছিল । দলটোৱে প্ৰতিগৰাকী অংগ দাতাক ৪ ৰ পৰা ৫ লাখ টকা পৰিশোধ কৰিছিল । আনহাতে, বৃক্ক গ্ৰহণকাৰীসকলৰ পৰা ২৫-৩০ লাখ টকা লোৱা হৈছিল । আৰক্ষীৰ জেৰাত প্ৰকাশ পাইছে যে বৃক্ক সংৰোপণ চক্ৰৰ অবৈধ কাৰ্যকলাপ ২০১৯ চনৰ পৰাই চলি আছিল । আৰক্ষীয়ে এই সন্দৰ্ভত গোপন তথ্য লাভ কৰিছিল আৰু তাৰ পিচতে অভিযান চলোৱা হৈছিল ।

ইফালে প্ৰায় দুমাহ পূৰ্বে চিবিআইয়ে দিল্লী আৰু হাৰিয়ানাৰ ৭ টাকৈ স্থানত তালাচী চলাই নৱজাতক সৰবৰাহৰ সৈতে জড়িত এক চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছিল । চিবিআইয়ে এই সন্দৰ্ভত ১০ গৰাকী অভিযুক্তৰ বিৰুদ্ধে এক ফৌজদাৰী গোচৰো ৰুজু কৰিছিল ।

অনুসন্ধানত প্ৰকাশ পাইছে যে চোৰাং ব্যৱসায়ীসকল দত্তক লোৱাৰ উদ্দেশ্যে ক্ৰয়, নৱজাতকৰ সৰবৰাহ আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত আছিল । অভিযুক্তই সমগ্ৰ ভাৰতৰ সন্তানহীন দম্পতীৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল, যিসকলে ফেচবুক আৰু হোৱাটছএপৰ দৰে সামাজিক মাধ্যমৰ মঞ্চত বিজ্ঞাপন দি দত্তক লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল । এক প্ৰতিবেদন অনুসৰি অভিযুক্তসকলে পিচত সন্তানহীন দম্পতীক ভুৱা দত্তক নথি পত্ৰ দি বৃহৎ পৰিমাণৰ ধনো সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক :কোন চিকিৎসকে ভাৰতৰ পৰা চলাইছিল বৃক্কৰ আন্তৰ্জাতিক ব্যৱসায় ? - International kidney racket

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.